গৰমত গ্লুক’জ পানী খোৱাটো কিমান নিৰাপদ?
ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে পাৰাস্তম্ভ৷ ফলত উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ বহুতেই ঠাণ্ডা পানীয়ৰ পিনে হাত আগবঢ়োৱা আৰম্ভ কৰিছে৷ আন বহুতে আকৌ বাচি লৈছে গ্লুক’জ পাউদাৰ৷
চিকিৎসা বিজ্ঞানৰ মতে মানৱ শৰীৰত প্ৰতি এক গ্ৰাম শৰ্কৰা বা গ্লুক’জৰ পৰা প্ৰায় চাৰি কিলো কেল’ৰি তাপ আৰু শক্তি পোৱা যায়৷ সেয়ে শক্তি উৎপাদনৰ বাবে আটাইতকৈ সহজ আৰু নিৰাপদ উৎস হৈছে শৰ্কৰা বা গ্লুক’জ৷ পিছে গৰমত গ্লুক’জ পাউদাৰ খোৱাটো কিমান নিৰাপদ সেয়া হয়তো বহুতেই নাজানে৷ শৰ্কৰাই শৰীৰত থকা প্ৰ’টিনক সুৰক্ষিত কৰি ৰাখে৷ শৰীৰত শৰ্কৰাই প্ৰ’টিনক ভাঙিবলৈ নিদিয়ে৷ অকল সেয়াই নহয়, চৰ্বিজাতীয় পদাৰ্থৰ দহনতো শৰ্কৰা কাৰ্যকৰী৷ তদুপৰি শৰীৰত প্ৰয়োজনতকৈ বেছি শৰ্কৰা গ্লাইক’জেন ৰূপে পেশী আৰু যকৃতত জমা হৈ থাকে৷ এই গ্লাইক’জেনে শৰীৰত প্ৰয়োজন অনুসৰি শক্তি উৎপাদনৰ কাম কৰে৷
ক্ষেত্ৰবিশেষে শৰ্কৰা জাতীয় কিছুমান খাদ্যই কোষ্ঠকাঠিন্যৰ সমস্যা প্ৰতিৰোধ কৰে৷ লগতে মস্তিষ্কৰ কাৰ্যক্ষমতা আৰু শৰীৰৰ স্নায়ৱিক ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰতো কাম কৰে৷ কিন্তু শৰ্কৰাৰ উপকাৰিতাৰ মাজতে কিছুমান ক্ষতিকাৰক দিশো আছে৷ যেনে– গ্লুক’জ বা শৰ্কৰাৰ অত্যধিক মাত্ৰাই স্বাস্থ্যৰ বাবে ভালতকৈ বেয়াহে কৰিবলৈ ধৰে৷ দেহত শৰ্কৰা প্ৰয়োজনতকৈ বেছি হ’লে মেদৰ পৰিমাণ বাঢ়িবলৈ ধৰে৷ এনেকুৱা হ’লে শাৰীৰিক সৌন্দৰ্য নষ্ট হ’বলৈ আৰম্ভ কৰাৰ লগে লগে ওজন বাঢ়ে৷ অত্যধিক শৰ্কৰাই দাঁতৰ ক্ষয়ৰোগৰ আশংকা আনে৷ তদুপৰি ডিমেনচিয়া আৰু হৃদৰোগৰ আশংকা বঢ়ায় অতিৰিক্ত শৰ্কৰা বা গ্লুক’জে৷ সেয়ে চিকিৎসকসকলৰ মতে গ্লুক’জ পাউদাৰ পানীয় হিচাপে খোৱাটো মুঠেই নিৰাপদ নহয়৷ এনে ধৰণৰ পানীয় বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰিহে খোৱা উচিত৷
ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত এনে পানীয় হিতে বিপৰীত হ’ব পাৰে৷ যিসকলে একেৰাহে দীৰ্ঘ সময় বহি কাম কৰে, তেওঁলোকৰ বাবে গ্লুক’জ পাউদাৰ নিৰাপদ নহয়৷ সেইদৰে শিশুৰ বাবেও গ্লুক’জ পাউদাৰ পানীয় হিচাপে খোৱাটো নিৰাপদ নহয়৷