
ভাৰত বিশ্বৰ সৰ্ববৃহৎ জনবহুল দেশ- আনন্দ নে বিষাদৰ কাৰণ?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক বিশ্বগুৰু ৰূপে পূৰ্বৰ ঐতিহ্য-সংস্কৃতিৰ আঁত ধৰি পুনৰবাৰ প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰধানমন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰাৰে পৰা উল্লেখ কৰি আহিছে৷ সেই মৰ্মে শিক্ষা-দীক্ষা, জীৱনৰ মান নিৰূপণ, বিজ্ঞান-প্ৰযুক্তি, স্বাস্থ্য-জনস্বাস্থ্য, অৰ্থনৈতিক বিকাশ, সামৰিক শক্তি, কূটনৈতিক শক্তি, উদ্যোগীকৰণ আদি বিভিন্ন দিশত দেশখন আগুৱাই যোৱাৰ ওপৰতহে পুনৰবাৰ বিশ্বগুৰু হোৱাৰ সম্ভাৱনাৰ দিশটো উপলব্ধি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰিছে৷ ভবা ধৰণে নহ’লেও বা দেশৰ জনসাধাৰণৰ আশা পূৰণ কৰাৰ ক্ষেত্ৰত আশাপ্ৰদ সাফল্য অৰ্জন নকৰিলেও বিশ্বৰ বৃহৎ উন্নয়নশীল গণতান্ত্ৰিক দেশৰূপে ভাৰতে মোদীৰ শাসন কালতো বিশ্ব প্ৰেক্ষাপটত সমীহ আদায় কৰিবলৈ সক্ষম হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই পৰ্যন্ত বিশ্বৰ অন্যতম অতি প্ৰভাৱশালী নেতাসকলৰ অন্যতম৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে এখন ৰাষ্ট্ৰৰ বিকাশৰ উচ্ছ শিখৰত উপনীত কৰোৱাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ চৰ্ত হ’ল সংশ্লিষ্ট ৰাষ্ট্ৰখনৰ মানৱ সম্পদক সঠিক ৰূপত গঢ় দিয়াটো৷ উপযুক্ত শিক্ষা-দীক্ষাৰে জনসাধাৰণক গঢ়ি তুলি সেইসকল লোকৰ জৰিয়তেহে দেশখনক আগুৱাই লৈ যাব পাৰি৷ ৰাষ্ট্ৰসংঘৰ দ্বাৰা সদ্যঘোষিত ‘৮ বিলিয়ন জীৱনঃ অসীম সম্ভাৱনা’ শীৰ্ষক প্ৰতিবেদনৰ লগতে জনসংখ্যানিধিৰ প্ৰতিবেদনমতে ভাৰতে চীনৰ ১৪২.৫ কোটি জনসংখ্যা অতিক্ৰম কৰি নিজ দেশৰ জনসংখ্যা ১৪২.৮ কোটিলৈ বৃদ্ধি কৰি বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশ ৰূপে পৰিগণিত হৈছে৷ অৰ্থাৎ আজিৰ দিনত ভাৰত আনক্ষেত্ৰত বিশ্বগুৰু হৈছে নে নাই সেয়া বিচাৰ্যৰ বিষয় হ’লেও অন্ততঃ জনসংখ্যাৰ ক্ষেত্ৰত চীনক চেৰাই গৈ বিশ্বগুৰুৰ ৰূপত উপনীত হৈছে৷ ৰাষ্ট্ৰসংঘৰ মতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫০ শতাংশৰ গড় বয়স ৩০ বছৰৰ তলৰ, ২৫ শতাংশৰ ০-১৪ বছৰৰ ভিতৰত, ১৮ শতাংশ ১৪-১৯ বছৰৰ ভিতৰত, ২৬ শতাংশ ২০-২৪ বছৰৰ, ৬৮ শতাংশ ২৫-৬৪ বছৰৰ ভিতৰত৷ আজিৰ দিনত ভাৰত বিশ্বৰ ভিতৰতে কম বয়সীয়া লোকৰ দেশৰূপে শীৰ্ষস্থান অধিকাৰ কৰিছে৷ ৰাষ্ট্ৰসংঘই উল্লেখ কৰা মতে ভাৰতৰ জনসংখ্যাই অহা দুটা দশকমানৰ ভিতৰত প্ৰায় ১৬৫ কোটি অতিক্ৰম কৰিব আৰু ক্ৰমান্বয়ে নিম্নমুখী হোৱাৰ দিশে গতি কৰিব৷ বৰ্তমান সময়ত ভাৰতৰ গড় আয়ুস পুৰুষৰ ৭১ বছৰ আৰু মহিলাৰ ৭৪ বছৰ৷ ২০৫০ চনৰ ভিতৰত দেশত বয়সস্থ লোকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাব৷ উল্লেখ্য বৰ্তমান বিশ্বৰ বৰ্তমানৰ জনসংখ্যা ৮০০ কোটি অতিক্ৰম কৰাৰ লগত সংগতি ৰাখি ইয়াক লৈ অসীম সম্ভাৱনাৰ কথাও দোহাৰিছে আৰু লগতে সন্মুখীন হ’ব পৰা সংশয়, সম্ভাৱনাৰ বিষয়েও উল্লেখ কৰিছে৷ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পৰা এই কথা নিশ্চিত হৈছে যে বৰ্তমান সময়ত ভাৰতৰ জনসংখ্যাৰ অধিকাংশই এক প্ৰকাৰ কমবয়সীয়া আৰু লাহে লাহে এটা সময়ত এইসকল লোকৰ বৰ্ষীয়ান হোৱাৰ পাছত ভাৰত এটা সময়ত পৰিগণিত হ’ব বিশ্বৰ বয়স্ক লোকৰ সংখ্যা সৰ্বাধিক থকা দেশৰূপে! এনে এক জটিল সন্ধিক্ষণত ভাৰতৰ বাবে পূৰ্ণ সুযোগো আছে প্ৰত্যাহ্বানো আছে৷ যিহেতু দেশৰ মুঠ জনসংখ্যাৰ মাত্ৰ ৭ শতাংশহে ৬৫ বছৰ ঊধবৰ্ৰ বিপৰীতে বাকীসকলৰ গোটেইখিনি কৰ্মযোগ্য নহ’লেও গৰিষ্ঠসংখ্যকেই যিকোনো কামৰ বাবে উপযোগী৷ এতিয়া প্ৰশ্ন হ’ল কম বয়সীয়া লোকৰ পয়োভৰ ঘটা দেশখনত এইসকল লোকৰ কৰ্মসংস্থান, স্ব-নিয়োজন, উদ্ভাৱনী চিন্তাৰ বিকাশ, সৃষ্টিশীলতা-সৃজনশীলতাত নিয়োজিতকৰণ আদিৰ ক্ষেত্ৰত চৰকাৰে কি কি কৰিছে আৰু ইয়াৰ যোগেদি কিমান সফল হৈছে? এফালে বৰ্ধিত জনসংখ্যাৰ বাবে উত্তৰণৰ পথ প্ৰশস্ত কৰাৰ ক্ষেত্ৰত এক শক্তিশালী উপাদানো হ’ব পাৰে অন্যথা এইসকল লোকৰ এচাম দেশৰ বাবে আতংকৰো কাৰণ হ’ব পাৰে৷ কিন্তু বৰ্তমানৰ দেশৰ যিটো সামগ্ৰিক আৰ্থ-সামাজিক দৃশ্যপট; সেয়া চৰকাৰ আৰু সমাজ কাৰো বাবেই সুখকৰ নহয়৷ দেশৰ প্ৰান্তে প্ৰান্তে কিশোৰ-কিশোৰীৰ মাজত অপৰাধ প্ৰৱণতা, মানসিকতাৰ অৱক্ষয়, ড্ৰাগ-মাদক দ্ৰব্যৰ অবাধ প্ৰচলন আদি বৃদ্ধি পাইছে৷ শিক্ষিতৰ হাৰ, স্নাতক, স্নাতকোত্তৰৰ সংখ্যা, উচ্ছ শিক্ষিতৰ সংখ্যা বহু বৃদ্ধি পাইছে যদিও এইসকল লোকৰ নিয়োগ-নিশ্চয়তা নাই৷ ক’ভিড অতিমাৰীৰ পিছৰ পৰা অব্যাহত থকা অৰ্থনৈতিক মহামন্দা, মুদ্ৰাস্ফীতি বৃদ্ধি, নিবনুৱাৰ সংখ্যা বৃদ্ধি সামান্য শাম কাটিছে যদিও বৃহৎ জনসংখ্যাৰ দেশখনত এইবোৰ সমস্যা অতি উদ্বেগজনক ৰূপত থিয় দিছে৷ এনে এক প্ৰেক্ষাপটত চীনক চেৰাই ভাৰত জনসংখ্যাৰ ক্ষেত্ৰত বিশ্বগুৰু হৈছে যদিও এয়া ভৱিষ্যত দিনৰ বাবে আনন্দ নে বিষাদৰ কাৰণ হ’ব সেয়াহে চিন্তনীয় বিষয়৷ উল্লেখ্য চুবুৰীয়া ৰাষ্ট্ৰ চীনে নিজৰ জনসংখ্যা সম্পৰ্কে অতি সচেতন আৰু সেয়েহে জনসংখ্যা হ্ৰাস কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল যদিও ২০১৬ চনৰ পৰা এক সন্তান নীতি বিলোপ ঘটাই পুনৰ জনসংখ্যা বৃদ্ধিৰ বাবে থলুৱা নাগৰিকক উৎসাহিত কৰিছে৷ জনসংখ্যা প্ৰকৃতাৰ্থত সম্পদ হ’লে ৰাষ্ট্ৰৰ বিকাশ হ’ব, জনসংখ্যা আপদ হ’লে ৰাষ্ট্ৰৰ অৱনতি নিশ্চিত!