নিতৌ খেজুৰ খাওক, এইবোৰ উপকাৰ পাব
স্বাস্থ্য উপকাৰিতা আৰু পুষ্টি গুণৰ বাবে খেজুৰ সকলোৰে প্ৰিয়৷ খেজুৰত বিভিন্ন ভিটামিন, খনিজ, শক্তি আৰু ফাইবাৰ থাকে৷ তদুপৰি এইবিধ ফলত থাকে কেলছিয়াম, আইৰণ, ফচফৰাছ, পটাছিয়াম, মেগনেছিয়াম আৰু জিংক৷ খেজুৰক চেনিৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয় যদিও ই চেনিৰ দৰে কেল’ৰি বৃদ্ধি নকৰে৷ খেজুৰে বিভিন্ন উপকাৰ কৰে৷ উল্লেখ কৰা হ’ল দৈনিক খেজুৰ খালে কি কি উপকাৰ পোৱা যায়–
⬛ কলেষ্টেৰল কমায়ঃ খেজুৰে কলেষ্টেৰলৰ মাত্ৰা কমায়৷ যদি আপোনাৰ কলেষ্টেৰলৰ সমস্যা আছে, তেন্তে দৈনিক অলপ হ’লেও খেজুৰ খোৱা কৰক৷ খেজুৰে ওজন নিয়ন্ত্ৰণো কৰে৷
⬛ প্ৰ’টিনৰ উৎসঃ সহজতে প্ৰ’টিন পাবলৈ হ’লে খেজুৰ খোৱা কৰিব পাৰে৷ খেজুৰত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে৷ খেজুৰে আনকি পেশীসমূহক শক্তিশালী কৰে৷ যিসকলে দৈনিক শৰীৰৰ চৰ্চা কৰে, তেওঁলোকে সদায় খেজুৰ খোৱা কৰিব পাৰে৷
⬛ ভিটামিন সমৃদ্ধঃ খেজুৰত ভিটামিন বি-১, বি-২, বি-৩, বি-৫, এ-১ আৰু ভিটামিন চি থাকে৷ এইবোৰ উপাদানে শৰীৰটোক সুস্থ কৰি ৰখাৰ লগতে দেহৰ শক্তি বঢ়ায়৷ কিয়নো খেজুৰত গ্লুক’জ আৰু ফুক্টোজৰ দৰে প্ৰাকৃতিক শৰ্কৰা থাকে৷
⬛ হাড় শক্তিশালী কৰেঃ হাড় ভালে ৰখাটো অতি জৰুৰী৷ কিয়নো হাড়ৰ সমস্যা হ’লে পৰৱৰ্তী সময়ত হিতে বিপৰীত হ’ব পাৰে৷ যদি আপুনি হাড় শক্তিশালী কৰি ৰাখিব বিচাৰে, তেন্তে দৈনিক খেজুৰ খোৱা কৰক৷ খেজুৰত থকা চেলেনিয়াম, মেংগানিজ, ক’পাৰ আৰু মেগনেছিয়ামে হাড় শক্তিশালী কৰি ৰখাৰ লগতে অস্তিঅ’পৰোচিছৰ দৰে ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷
⬛ স্নায়ুতন্ত্ৰ ঠিকে ৰাখেঃ খেজুৰত থকা পটাছিয়াম স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ বিশেষকৈ ই স্নায়ুতন্ত্ৰক শক্তিশালী কৰি ৰখাত সহায় কৰে৷ ইয়াত থকা ছ’ডিয়ামে স্নায়ুতন্ত্ৰক ঠিকে ৰখাৰ লগতে পটাছিয়ামে কলেষ্টেৰল কমোৱাত সহায় কৰে৷ ফলত ষ্ট্ৰ’কৰ আশংকা কমে৷
⬛ আইৰণৰ অভাৱ দূৰ কৰেঃ খেজুৰত থকা ফ্ল’ৰিণ নামৰ উপাদানবিধে দাঁত ভালে ৰাখে৷ লগতে যিসকলৰ আইৰণৰ সমস্যা আছে, তেওঁলোকে নিতৌ খেজুৰ খোৱা কৰিব পাৰে৷ খেজুৰে আইৰণৰ অভাৱ দূৰ কৰে৷ মনত ৰাখিব যে আইৰণৰ অভাৱ হ’লে ৰক্তহীনতা, ক্লান্তি, শ্বাস-প্ৰশ্বাসত কষ্ট আৰু বুকুৰ বিষৰ দৰে গুৰুতৰ সমস্যা হ’ব পাৰে৷ খেজুৰে ৰক্ত পৰিশোধনৰ ক্ষেত্ৰতো কাম কৰে৷
⬛ হজম শক্তি বঢ়ায়ঃ নিতৌ খেজুৰ খালে হজম শক্তি বাঢ়ে৷ ইয়াত থকা ফাইবাৰে কোষ্ঠকাঠিন্যৰ সমস্যা নাইকিয়া কৰে৷