Logo
image

বাংলাদেশত নতুন ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ

আমাৰ অসম,২৫ এপ্ৰিলঃ  বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতিৰূপে দায়িত্ব ল’লে মহম্মদ চাহাবুদ্দিনে৷ বাংলাদেশৰ ২২ সংখ্যক ৰাষ্ট্ৰপতিৰূপে সোমবাৰে দায়িত্ব লয় চাহাবুদ্দিনে৷ শপতগ্ৰহণৰ পাছতে চাহাবুদ্দিনে ৰাষ্ট্ৰপতিৰূপে দায়িত্ব লয়৷ তেওঁক শপত বাক্য পাঠ কৰোৱায় বাংলাদেশৰ জাতীয় সংসদৰ অধ্যক্ষ ড॰ শিৰীণ শাৰমিন চৌধুৰীয়ে৷ সোমবাৰে দিনৰ ১১ বজাত বংগ ভৱনৰ ঐতিহাসিক দৰবাৰ  হলত শপতগ্ৰহণ কৰে নতুন ৰাষ্ট্ৰপতি চাহাবুদ্দিনে৷ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল বিদায়ী ৰাষ্ট্ৰপতি আব্দুল হামিদ৷ শপতগ্ৰহণৰ পাছতে হামিদে চাহাবুদ্দিনক ৰাষ্ট্ৰপতিৰ দায়িত্ব অৰ্পন কৰে৷ চাহাবুদ্দিনেও হামিদক বিদায় সম্ভাষণ জনায়৷ হামিদে বিগত ১০ বছৰ ৪১ দিন ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল৷ হামিদেই একেৰাহে ১০ বছৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ থকা ৰাষ্ট্ৰপতি৷ বাংলাদেশৰ বিগত ৫২ বছৰীয়া ইতিহাসত বংগ ভৱনত এনে ধৰণৰ বিদায় অনুষ্ঠান হোৱা নাছিল৷ কিয়নো ভাৰতৰ চুবুৰীয়া দেশখনত পূৰ্বে এনে অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিৱেশ হোৱা নাছিল৷