Logo
image

হিন্দু আজি সংকটত, ভাৰতত বৰ্ধিত জনসংখ্যা মুছলমানসকলৰ অৱদানঃ হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাড়ীয়া

ডিজিটেল সংবাদ, চামতাৰ প্ৰতিবেদকঃ নলবাৰীৰ চামতাত অনুষ্ঠিত হোৱা এখন হিন্দু সন্মিলনত অংশ লৈ বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ ভাই টোগাড়ীয়াই ৷ হিন্দুসকল আজি সংকটত বুলি মন্তব্য কৰি তেওঁ প্ৰতিজন হিন্দুক সজাগ হোৱাৰ আহ্বান জনাই। ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ মুছলমানসকলৰ ডিএনএ টেষ্ট কৰি তেওঁলোকক ভাৰতীয় হিচাপে চিনাক্ত কৰি বাকীসকলক বাংলাদেশলৈ পঠিয়াই দিয়াৰ আহ্বান টোগাড়ীয়াৰ। যদি বাংলাদেশলৈ নাযায় তেন্তে বাংলাদেশমুখী নৈত উটুৱাই দিয়া যাওক বুলিও কয় টোগাড়ীয়াই৷

লগতে তেওঁ মুছলমানৰ বৰ্ধিত জনসংখ্যাৰ বাবে ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক জনসংখ্যাৰ দেশ হিচাপে পৰিগণিত হৈছে বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হিন্দুত্ববাদী নেতা টোগাড়ীয়াই কয় যে হিমন্ত বিশ্ব শৰ্মাই হিন্দুৰ বাবে ভাল কাম কৰি আছে৷ কিন্তু মই তেতিয়াহে তেওঁক চাৰ্টিফিকেট দিম যেতিয়া তেওঁ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰিব ৷ হিন্দুৰ সুৰক্ষাৰ বাবে হিন্দুসকল সক্ষম ৷ হিন্দুৰ বল-বুদ্ধিৰে ৰাজনৈতিক দল জয়ী হয় বুলিও তেওঁ মন্তব্য কৰে। এনেকৈ থাকিলে ৫০ বছৰ পিছত এটাও হিন্দু পৰিয়াল বাচি নাথাকিব বুলি মন্তব্য কৰে। লগতে তেওঁ কয় যে জীৱনৰ ৩০ বছৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিছোঁ । যি সপোন দেখিছিলোঁ সেয়া পূৰ্ণ হৈছে।

ইয়াৰ উপৰি তেওঁ কয় যে হিন্দু আজি সংকটত। আমাৰ ধন-সম্পত্তি, বাই-ভনী আজি সংকটত। হিন্দু জাগিব লাগিব, নহ'লে সমুলঞ্চে বিনাশ হ'ব লাগিব। ২০০০বছৰ আগতে সমগ্ৰ বিশ্বত হিন্দু আছিল। মক্কা-মদিনা, লাহোৰ সকলো হিন্দুৰ আছিল৷ মুছলমান আৰু খ্ৰীষ্টিয়ান আগ্ৰাসনে হিন্দুৰ সংখ্যা কমাই পেলালে। ভাৰততো সংখ্যালঘু হ'ব এদিন হিন্দু ৷ যদি হিন্দুৰ একতা সম্ভৱ নহয়। আকৌ মোগল ৰাজ আহিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰবীন ভাই টোগাড়ীয়াই। অসম এনে এখন প্ৰদেশ য'ত আজিলৈ মোগলে কাহানিও শাসন কৰিব পৰা নাই।  অসম বীৰৰ ভূমি। এই একতাৰ পুন:জাগৰণ হ'ব লাগিব বুলিও মন্তব্য কৰে হিন্দু নেতাজনে। 

বিশ্বৰ ভিতৰত ভাৰত সৰ্ববৃহৎ জনসংখ্যাৰ দেশ হিচাপে পৰিগণিত হোৱাত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ জনসংখ্যা ১৪২ কোটি যিটো পৃথিৱীত সকলোতকৈ বেছি। ভাৰতৰ বৰ্ধিত জনসংখ্যাৰ বেছি অংশই মুছলমানৰ অৱদান। অৰ্থাৎ ভাৰতত জনসংখ্যা বৃদ্ধিৰ টাইম বোমা প্ৰতিখন গাঁও, অসমৰ প্ৰতিটো গলিত থিয় হৈ গৈছে। টাইম বোমা শান্ত নকৰিলে ফুটিব, হিন্দুক লুটিব, মাৰি পেলাব।সেয়েহে মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ বাবে দেশত তৎকালীনভাৱে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰিব লাগে বুলি দাবী উত্থাপন কৰে হিন্দুত্ববাদী নেতাজনে। শিক্ষা-সংস্কৃতি-সমৃদ্ধি সকলো দিশেৰে তেওঁ হিন্দু আগত থাকিব লাগিব সংকল্পৰ কথা ব্যক্ত কৰে। 

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল ,নলবাৰী জিলা  সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই হিন্দু সন্মিলনত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, অসম প্ৰান্তৰ সভাপতি তাৰিণী কান্ত শৰ্মা, ৰাষ্ট্ৰীয় সম্পাদক মনোজ কুমাৰ শ্বাহ, অসম প্ৰান্তৰ  সম্পাদক অভিজিৎ ডেকা, উপ-সভাপতি ৰবীন ভূঞা, বজৰং দলৰ নেতা দীনেশ কলিতা আৰু জ্যেষ্ঠ কার্যকৰ্তা ৰাম কৃষ্ণ উপস্থিত আছিল।