Logo
image

পহিলা মে'ত শুভাৰম্ভ হ'ব 'যাদু ৰাইড'

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমবাসীৰ বাবে সু-খবৰ। ১ মে' অৰ্থাৎ শ্ৰমিক দিৱসৰ দিনাই যাতায়ত ব্যৱস্থাপনাৰ অনলাইন এপ 'যাদু ৰাইড'ৰ শুভাৰম্ভণি হ'ব। এক সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে যাদু ৰাইড কৰ্তৃপক্ষই৷ মহানগৰীৰ লগতে অসমৰ গাঁৱে-ভূঞে উপলব্ধ হ'ব 'যাদু ৰাইড' সেৱা। অসম সন্তান তপন জ্যোতি ভূঞাৰ নেতৃত্বত আৰম্ভ হ'ব 'যাদু ৰাইড' সেৱা। 

অসমৰ যাতায়ত ব্যৱস্থাপনাৰ সুচল কৰাৰ মানসেৰে অংকুৰিত হ'ব 'যাদু ৰাইড'। ইয়াৰ দ্বাৰা আশা কৰা হৈছে যে দীৰ্ঘদিনৰ পৰা অসমৰ যাতায়ত ব্যৱস্থাপনাত চালক আৰু গ্ৰাহকসকলে ভুগি থকা সমস্যাসমূহৰ অৱসান ঘটিব। ইতিমধ্যে পৰীক্ষামূলকভাৱে 'যাদু ৰাইড' এপ্লিকেশন মোবাইল ফোনত সংযোগ কৰা হৈছে। প্লে ষ্টোৰ আৰু এপল ষ্টোৰত উপলব্ধ হৈছে 'যাদু ৰাইড'। 

সংবাদ মেলত উপস্থিত আছিল যাদু ৰাইড সঞ্চালিকা অপৰাজিতা দত্ত ভূঞা, পৰিচালক মানৱ জ্যোতি দাস আৰু জনসম্পৰ্কৰক্ষী বিষয়া নৱজ্যোতি কলিতা।