ন্যায় বিচাৰি আন্দোলনত মল্লযোদ্ধা
কোনো আগশাৰীৰ প্ৰতিযোগিতাত দেশৰ হৈ পদক অৰ্জন কৰা খেলুৱৈক চৰকাৰৰ ফালৰ পৰা সম্বৰ্ধনা আৰু প্ৰশংসাৰে ওপচাই পেলোৱা হয়৷ কিন্তু সেই খেলুৱৈসকলৰ বিৰুদ্ধে যেতিয়া কোনো অন্যায় কৰা হয়, সুবিচাৰ বিচাৰি তেওঁলোকে হাবাথুৰি খাবলগীয়া হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক৷ তেনে এটা ঘটাই শেহতীয়াকৈ ভাৰতীয় ক্ৰীড়াত তোলপাৰ লগাই আছে৷ ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতি ব্ৰীজ ভূষণ চাৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল সাতগৰাকী মহিলা মল্লযোদ্ধাই৷ কিন্তু ফেডাৰেশ্বনৰ সভাপতিজন ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ প্ৰদেশৰ লোকসভাৰ সাংসদ হোৱাৰ বাবেই তেওঁক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে সকলো উঠিপৰি লাগিছে৷ ঘটনাটো প্ৰথমে পোহৰলৈ আহিছিল চলিত বৰ্ষৰ জানুৱাৰীত৷ ব্ৰীজভূষণৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ দাবীত দেশৰ আগশাৰীৰ মল্লযোদ্ধাসকলে আন্দোলন আৰম্ভ কৰিছিল৷ তাৰ পাছত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে বিষয়টোৰ তদন্তৰ বাবে ছবাৰৰ বিশ্ব মহিলা বক্সিং চেম্পিয়ন এম চি মেৰী কমৰ নেতৃত্বত এখন ছজনীয়া কমিটী গঠন কৰি দিছিল৷ কমিটীখনে এপ্ৰিলৰ প্ৰথম সপ্তাহত প্ৰতিবেদন দাখিল কৰে যদিও সেই প্ৰতিবেদন প্ৰকাশ কৰা নাই৷ মহিলা খেলুৱৈক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগত অভিযুক্ত হোৱাৰ পাছতো তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ বাবে মল্লযোদ্ধাসকলে পুনৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে৷ তাৎপৰ্যপূৰ্ণ যে ব্ৰীজভূষণৰ বিৰুদ্ধে মল্লযোদ্ধাসকলে এজাহাৰ দাখিল কৰা সত্ত্বেও দিল্লী পুলিচে সেই এজাহাৰ গ্ৰহণ কৰিবলৈ সন্মত হোৱা নাছিল৷ তাৰ পাছত তেওঁলোকে ন্যায় বিচাৰি দ্বাৰস্থ হৈছিল উচ্ছতম ন্যায়ালয়ৰ৷ উচ্ছতম ন্যায়ালয়েও সংবেদনশীল বিষয়টোত বিশেষ গুৰুত্ব দি মল্লযোদ্ধাসকলৰ এজাহাৰ গ্ৰহণ কৰিবলৈ দিল্লী আৰক্ষীক নিৰ্দেশ দিছে৷ শুকুৰবাৰে এই বিষয়টোৰ শুনানি হোৱাৰ কথা৷
ব্ৰীজভূষণ সিং আৰু ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ-মন্তৰত ধৰ্ণা কাৰ্যসূচীত ভাগ লোৱা মল্লযোদ্ধাসকলৰ ভিতৰত অন্যতম হৈছে সাক্ষী মালিক, ৱিনেশ ফোগাট আৰু বজৰং পুনিয়া৷ ব্ৰীজভূষণক গ্ৰেপ্তাৰ নকৰাপৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুুলি তেওঁলোকে স্পষ্ট কৰি দিছে৷ তাৰ বিপৰীতে মল্লযোদ্ধাসকলে ব্ৰীজভূষণক বদনাম কৰাৰ চেষ্টা চলোৱা বুলি প্ৰচাৰ চলোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক৷ যিকেইজন খেলুৱৈ আতিশয্যৰ বলি হৈছে, তেওঁলোকৰ ভিতৰত এগৰাকী নাবালিকাও আছে৷ দেশৰ মল্লযুঁজৰ সৰ্বোচ্ছ সংস্থাটোৱে এইক্ষেত্ৰত খেলুৱৈসকলৰ অভিযোগক গুৰুত্বসহকাৰে লোৱাৰ পৰিৱৰ্তে অভিযুক্তজনক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলোৱাটো গৰিহণাৰ যোগ্য৷ ভাৰতীয় ক্ৰীড়াত খেলুৱৈৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা এয়াই প্ৰথম নহয়৷ ইয়াৰ পূৰ্বেও বিভিন্ন খেলৰ প্ৰশাসক আৰু প্ৰশিক্ষকৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে৷ কাৰোবাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হয় যদিও ক্ষমতাৰ বলত বহুজন সাৰি যায়৷ খেলুৱৈসকলে বহু পৰিশ্ৰমৰ পাছত ৰাষ্ট্ৰীয় দলত স্থান পায়৷ বহু কষ্ট, সাধনাৰে তেওঁলোকে দেশৰ হৈ যশো কঢ়িয়াই আনে৷ কিন্তু এইসকল খেলুৱৈৰ ওপৰত যেতিয়া আতিশয্য চলোৱা হয়, তেন্তে অভিভাৱকে কন্যা সন্তানক খেলক পেছা হিচাপে ল’বলৈ উৎসাহ যোগাবনে? শেহতীয়া ঘটনাটোৰ পাছত এনে প্ৰশ্নৰ অৱতাৰণা হোৱাটো নিতান্তই স্বাভাৱিক৷ ক্ৰীডা.ক্ষেত্ৰত এনেধৰণৰ ঘটনাবোৰ ৰোধ কৰিবলৈ হ’লে দোষী ব্যক্তিক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা থাকিব লাগিব৷ তেতিয়াহে আন ক্ৰীড়া সংগঠক অথবা প্ৰশিক্ষকে মহিলা খেলুৱৈৰ ওপৰত কু-দৃষ্টি পেলোৱাৰ আগত এবাৰলৈ ভাবি চাবলৈ বাধ্য হ’ব৷ ক্ৰীড়াত লিংগ-বৈষম্য দূৰ কৰাৰ বাবে বিভিন্ন দেশত কঠোৰ পদক্ষেপ লোৱা হৈছে যদিও ভাৰতত মহিলা খেলুৱৈৰ ওপৰত নিৰ্যাতন চলিয়ে আছে৷ ব্ৰীজভূষণ সিং যদি সঁচাকৈ দোষী, বিজেপি নেতা হোৱা বাবেই তেওঁ শাস্তিৰ পৰা ৰেহাই পোৱাটো হ’ব দেশৰ খেলুৱৈসকলৰ প্ৰতি চৰম অন্যায়৷ চৰকাৰৰ লগতে ন্যায়ালয়ে এইক্ষেত্ৰত কি ব্যৱস্থা লয়, তাৰ প্ৰতি থাকিব সকলোৰে দৃষ্টি৷






