Logo
image

কাজিৰঙাত পহিলা মে’ৰ পৰা হাতী ছাফাৰী বন্ধ

আমাৰ অসম,২৬ এপ্ৰিলঃ  সমাপ্ত হোৱাৰ দিশে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২২-২৩ পৰ্যটন বৰ্ষ৷ বিগত বৰ্ষবোৰৰ তুলনাত এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে যদিও পহিলা মে’ৰ পৰা ছাফাৰী বিশেষকৈ এলিফেণ্ট ছাফাৰী বন্ধ হ’ব৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই আজি এক জাননীযোগে প্ৰকাশ কৰা মতে, ৰ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে বন্ধ হ’ব হাতী ছাফাৰী৷ উল্লেখ্য, ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত বন বিভাগৰ হাতীৰে আৰু বাগৰি বনাঞ্চলত ব্যক্তিগত হাতীৰে এলিফেণ্ট ছাফাৰী চলি আছিল৷ পহিলা মে’ৰ পৰা উক্ত দুখন বনাঞ্চলতেই এলিফেণ্ট ছাফাৰী বন্ধ কৰা হ’ব৷ আনহাতে, একে জাননীযোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই জনাইছে যে আগন্তুক ১৬ মে’ৰ পৰা পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ বাবে বন্ধ হ’ব জীপ ছাফাৰীও৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাঁচখন বনাঞ্চল আছে যদিও কহঁৰা, বাগৰি, বুঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চলত পৰ্যটকে জীপ ছাফাৰী কৰি আছিল৷ পৰৱৰ্তী সময়ত অৰ্থাৎ ২০২৩-২৪ পৰ্যটন বৰ্ষত উদ্যান কতৃৰ্পক্ষই জাননী নিদিয়াপৰ্যন্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে জীপ আৰু এলিফেণ্ট ছাফাৰী বন্ধ হৈ থাকিব৷ এটা গুৰুত্বপূৰ্ণ কথা যে পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বছৰৰ ছমাহ অৰ্থাৎ পহিলা নৱেম্বৰৰ পৰা ৩০ এপ্ৰিললৈকে পৰ্যটকৰ ছাফাৰীৰ বাবে উদ্যান মুকলি ৰখা হৈছিল যদিও ৰাজ্যত বি জে পিশাসিত চৰকাৰ গঠন হোৱাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ছমাহৰ ঠাইত বৃদ্ধি কৰি আঠমাহ কৰা হয়৷ যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ ইফালে পৰ্যটন ব্যৱসায়ৰ সৈতে জড়িত থকা লোক আৰ্থিকভাৱে স্বাৱলম্বিতা লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য, বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ সৃষ্টি কৰে৷ তদুপৰি, অত্যধিক বৰষুণৰ ফলত পৰ্যটকে উদ্যানৰ ভিতৰত জীপ ছাফাৰী কৰা বাট-পথ বোকাময় হৈ পৰাত বাহন চলাচল কৰাত সমস্যাৰ সৃষ্টি হয়৷ বাৰিষাকালত উদ্যানৰ ঘাঁহনী বোকা আৰু পানীৰে পূৰ্ণ হোৱাত গঁড়, পহু আদি বন্যপ্ৰাণীয়ে উদ্যান কতৃৰ্পক্ষই নিৰ্মাণ কৰা পথবোৰ আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰিবলৈ বাধ্য হয়৷ বোকাময় পথ আৰু বন্যপ্ৰাণীৰ বিচৰণত যাতে বাধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বাৰিষা অহাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু এলিফেণ্ট ছাফাৰী বন্ধ ৰখা হয় বুলি বিভাগীয় সূত্ৰে প্ৰকাশ৷