Logo
image

নিৰ্দিষ্ট লক্ষ্যহীন জীৱনৰ অৰ্থ নাইঃ মুখ্যমন্ত্ৰী

আমাৰ অসম,২৬ এপ্ৰিলঃ  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১৯৬২ চনতে স্থাপন হোৱা অসমৰ উচ্ছ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান পাণ্ডু মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদ্‌যাপন সমাৰোহত আজি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷  অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিজ নিজ পেচা আৰু বিশেষজ্ঞতাৰ ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰা বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে বিগত ছয় দশক ধৰি উচ্ছ শিক্ষাৰ এই অগ্ৰণী প্ৰতিষ্ঠানখনে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত গ্ৰহণ  কৰা ভূমিকাৰ প্ৰশংসা কৰে৷ মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে পাণ্ডু মহাবিদ্যালয়ে অনাগত দিনতো পূৰ্বতকৈ অধিক উদ্যমেৰে সমাজত শিক্ষাৰ প্ৰসাৰ অভিযানৰ দিশত নিৰন্তৰ কাম কৰি যাব৷ অনাগত ২৫ বছৰ অমৃতকাল হিচাপে উদ্‌যাপনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই পাণ্ডু মহাবিদ্যালয়ৰ অধ্যাপক তথা অতীত আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলক স্বাধীনতাৰ শতবাৰ্ষিকী উদ্‌যাপনৰ সময়ত ৰাষ্ট্ৰই যাতে সঠিক স্থান লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে অৰিহণা আগবঢ়াবলৈ আহ্বান জনায়৷ পাণ্ডু মহাবিদ্যালয়ক অঞ্চলটোৰ এক অন্যতম আকাংক্ষিত শিক্ষানুষ্ঠান হিচাপে ৰূপান্তৰিত কৰাটো নিশ্চিত কৰাৰ বাবে তেওঁ এই উচ্ছ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়ন আৰু শৈক্ষিক বিকাশৰ লক্ষ্যৰে ১৫ বছৰীয়া ৰোডমেপ প্ৰস্তুত কৰিবলৈ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিক আহ্বান জনায়৷ তেওঁ কয় যে, আন্তঃগাঁথনি আৰু নতুন শৈক্ষিক পাঠ্যক্ৰমৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভা বিকশাই তোলাৰ বাবে এক পৰিৱেশ গঢ় দিয়াৰ ওপৰতো গুৰুত্ব দিয়া উচিত৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে নিজ নিজ বিশেষজ্ঞতা তথা পেছাৰ ক্ষেত্ৰত উৎকৃষ্ট হ’ব পৰাকৈ বৰ্তমানৰ পৰিস্থিতিত উদ্ভাৱনৰ অপৰিসীম গুৰুত্বৰ বিষয়ে উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে উদ্ভাৱনৰ জনপ্ৰিয় ধাৰণাটো কেৱল নতুন সামগ্ৰী উদ্ভাৱন বা উৎপাদনৰ মাজতে সীমাৱদ্ধ ৰখাৰ বিপৰীতে ইয়াক নতুনত্বৰ জৰিয়তেও পৰ্যৱেক্ষণ কৰিব পাৰি৷ উদ্ভাৱনক মুক্তচিত্তে আদৰি লোৱা উচিত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উদ্ভাৱনৰ অভাৱে প্ৰায়ে স্থৱিৰতাৰ সৃষ্টি কৰে৷ প্ৰজ্ঞাৰ সাধনা আৰু জ্ঞানৰ অন্বেষণক ভাৰতীয় সভ্যতাৰ দুটা অবিচ্ছেদ্য গুণ বুলি উল্লেখ কৰি সৰ্বাংগীন বিকাশৰ বাবে পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক এই দুটা গুণ আয়ত্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷ গুণোৎসৱ, সাপ্তাহিক ভিত্তিত আৰু ৰাজধানীৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ অভিনৱ পন্থা গ্ৰহণ কৰাৰ প্ৰসংগ উল্লেখ কৰি ইয়াৰ জৰিয়তে প্ৰশাসন ব্যৱস্থাটোক সাধাৰণ জনতাৰ ওচৰলৈ লৈ যোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ জীৱনত একোটা লক্ষ্য নিৰ্দ্ধাৰণ কৰি সেই লক্ষ্য পূৰণৰ দিশত নিষ্ঠাৰে কাম কৰি যাবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়৷ কোনো লক্ষ্যহীন জীৱনক অৰ্থপূৰ্ণ বুলি অভিহিত কৰিব নোৱাৰি বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ আজিৰ এই অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, লোকসভাৰ সাংসদ কুইন ওজা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়া, পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেশ কাকতিও উপস্থিত থাকে৷

প্ৰাক্তন ছাত্ৰ-ছাত্ৰীলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ৰাজ্যৰ প্ৰাক্তন মেধাবী ছাত্ৰ-ছাত্ৰীক নিজে পঢ়ি অহা বিদ্যালয়ত পাঠদানৰ জৰিয়তে বিদ্যাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰাৰ আহ৩ান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মঙলবাৰে জনতা ভৱনত গুণোৎসৱ ২০২৩ অৰ ফলাফল ঘোষণা কৰি ইতিমধ্যে বিদ্যাঞ্জলি কাৰ্যসূচীত সঁহাৰি জনোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক কৃতজ্ঞতা জনাই এনে আহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই৷ তেওঁ আৰু কয়–শিক্ষানুষ্ঠানৰ প্ৰতি মানুহৰ মৰম বাঢ়িছে৷ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে নিজে পঢ়ি অহা বিদ্যালয়লৈ ৭৬ হাজাৰখন চিলিং ফেন, ১৬ হাজাৰ অন্যান্য সা-সামগ্ৰী যোগান ধৰিছে৷ এয়া আশাব্যঞ্জক কথা৷ পূৰ্বৰ দৰে গুণোৎসৱত এইবাৰ ‘এ+’ লাভ কৰা বিদ্যালয়ক ২৫ হাজাৰ টকা আগবঢ়োৱা হ’ব৷ এচামে গুণোৎসৱ বিফল কৰিবলৈ অহৰহ চেষ্টা কৰি আছিল৷ তাৰ বিপৰীতে গুণোৎসৱ সফল হৈ উঠিল৷ গুণোৎসৱৰ প্ৰভাব এতিয়া মাজুলীলৈ বিয়পি গ’ল৷ শিৱসাগৰত চৰকাৰী খণ্ডৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে দীঘলীয়া শাৰী হৈছে৷ যিবোৰ বিদ্যালয়ে ‘চি’ আৰু ‘ডি’ গ্ৰেড পাইছে সেইবোৰ বিদ্যালয়লৈ বাহিৰৰ পৰা নিৰীক্ষক প্ৰেৰণ কৰিব লাগিব নেকি, বিদ্যালয়সমূহত কিবা ত্ৰুটি বিচ্যুতি আছে নেকি নিৰন্তৰভাৱে নিৰীক্ষণ কৰিবলৈ সংশ্লিষ্ট জিলাৰ উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে৷ ‘‘ফল’ আপ-গুণোৎসৱ’’ৰ হ’লেহে বিদ্যালয়ৰ মান শিক্ষাৰ মান উন্নত হ’ব৷ কাৰ্বি আংলঙক যিটো পৰ্যায়লৈ নিব বিচৰা হৈছে নিব পৰা নাই৷ পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলঙে গুণোৎসৱত একেৰাহে অন্তিম স্থানত আছে৷ শিক্ষা বিভাগৰ এটা দল কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং লৈ যাব লাগে৷ চিৰাঙতো পাৰদৰ্শিতা ভাল নহয়৷ বিভাগে এই কথাত তীক্ষ্ণ নজৰ দিব লাগে৷ ইফালে কামৰূপ মহানগৰ জিলাই গুণোৎসৱ ২৯ সংখ্যক স্থানত থকা বাবে দুখ প্ৰকাশ কৰি কয়–মহানগৰত গুণোৎসৱৰ ফলাফল সাধাৰণতে ভাল নহয়৷ কিয়নো গুৱাহাটী মহানগৰীৰ প্ৰায় ৪০ শতাংশ লোকে নিজৰ ল’ৰা-ছোৱালীৰ পঢ়া-শুনাত নজৰ দিবলৈ অপাৰগ৷ ঠেলা-ৰিক্সা চলাই, শ্ৰম কৰি জীৱন নিৰ্বাহ কৰে এইসকলে৷ আন মহানগৰৰ ক্ষেত্ৰতো একে হয়৷ অৱশ্যে কামৰূপ মহানগৰ জিলা গুণোৎসৱত যি স্থানত আছে তাতকৈ উন্নত হ’ব লাগে৷ গুণোৎসৱ ২০২৩ অত দেখা হৈছে যে একাংশ বিদ্যালয়ৰ ইউনিফৰ্ম উন্নতমানৰ৷ কিন্তু বহু বিদ্যালয়ৰ ইউনিফৰ্ম অতি নিম্ন মানৰ৷ পৰৱৰ্তী গুণোৎসৱত ইউনিফৰ্মৰ ওপৰতো নম্বৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ এনে কৰিলে অতি নিম্নমানৰ ইউনিফৰ্ম দিয়া বিদ্যালয়সমূহক নজৰ দিব পৰা যাব৷ প্ৰয়োজনত সংশ্লিষ্ট বিদ্যালয় কতৃৰ্পক্ষক জবাবদিহি কৰিব পৰা যাব৷ ১০ মে’ত পুনৰ ৬ হাজাৰ শিক্ষক নিযুক্তি দিয়া হ’ব৷ এইখিনি নিযুক্তি দিয়াৰ পূৰ্বে উপায়ুক্তসকলক সংশ্লিষ্ট এলেকাৰ বিদ্যালয়ে কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি চাবলৈ কৈছো৷ শিক্ষক বদলিৰ বিষয়টো মোৰ পচন্দৰ নহয়৷ অপ্ৰয়োজনীয়ভাৱে বদলিৰ নামত সময় নষ্ট কৰা হৈছে৷ তেওঁ আৰু কয়–চৰ অঞ্চলৰ শৈক্ষিক দিশ উন্নত হৈছে৷ যোৱাবাৰ মেডিকেল কলেজৰ ১০০০ আসনৰ ভিতৰত ৩২০ খন ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে৷