Logo
image

কৰ্ণাটকত সোণোৱালে প্ৰচাৰ আৰম্ভ কৰিলেই

আমাৰ অসম,২৬ এপ্ৰিলঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলেই৷ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সোণোৱালে ভাগ লোৱা নিৰ্বাচনী প্ৰচাৰ সভাসমূহত বহু লোকৰ সমাগম ঘটে৷ মঙলবাৰে কৰ্ণাটকৰ দাৱনাগেৰেত অনুষ্ঠিত ৰাজনৈতিক সমাৱেশত ভাষণ দি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ ‘ডাবল ইঞ্জিন চৰকাৰ’ৰ বাবে জনসমৰ্থন আদায়ৰ চেষ্টা কৰে৷ ৰাজ্যখনৰ পৰৱৰ্তী বিধানসভা নিৰ্বাচনত উত্তৰ আৰু দক্ষিণ দাৱনাগেৰে সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থী ক্ৰমে এছ এ ৰবীন্দ্ৰনাথ আৰু বি জি অজয় কুমাৰৰ হৈ প্ৰচাৰ চলাই  বিজেপিৰ জ্যেষ্ঠ নেতাজনে৷ এই উপলক্ষে ভাষণ দি সৰ্বানন্দ সোণোৱালে কয়– ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে ভাৰতবৰ্ষৰ দৰে দেশক নেতৃত্ব দিয়াটো অতি গৌৰৱৰ বিষয়৷ সকলোকে নতুন ভাৰত গঠনৰ অংশীদাৰ হিচাপে গঢ়ি তুলিবলৈ তেওঁ কৰা অক্লান্ত প্ৰচেষ্টাৰ বাবেই আজি আমি স্পষ্ট দৃষ্টিভংগীৰে শুদ্ধ দিশত কাম কৰিব পাৰিছো৷ দেশ গঠনৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ৷ মোদীজীৰ নেতৃত্বত ভাৰতৰ বহু ৰাজ্যত বিজেপিৰ ‘ডাবল ইঞ্জিন চৰকাৰ’ৰ সফলতা লেখত ল’বলগীয়া৷ তাৰ ভিতৰত কৰ্ণাটক অন্যতম৷  আজি কৰ্ণাটকৰ জনসাধাৰণক এক সামগ্ৰিক বিকাশৰ পথ প্ৰদান কৰা হৈছে৷  সমাজৰ উপেক্ষিত শ্ৰেণীসমূহক সামাজিক আৰু অৰ্থনৈতিক দুয়োটা দিশতে সক্ষম আৰু সৱলীকৰণ কৰা হৈছে৷  বিজেপিৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ উপেক্ষিত জনগোষ্ঠীক সবলীকৰণৰ বাবে দুটা ঐতিহাসিক সিদ্ধান্ত লোৱাটো অতি সন্তুষ্টিৰ বিষয়৷  অনুসূচিত জাতিৰ বাবে ২ শতাংশ আৰু অনুসূচিত জনজাতিৰ বাবে ৪ শতাংশ সংৰক্ষণ বৃদ্ধি আৰু অনুসূচিত জাতিৰ বাবে আভ্যন্তৰীণ সংৰক্ষণ প্ৰৱৰ্তনৰ লগে লগে এই সম্প্ৰদায়সমূহৰ দীৰ্ঘদিনীয়া আকাংক্ষিত দাবী বিজেপি চৰকাৰে পূৰণ কৰিলে৷  ইয়াৰ পৰাই বুজা যায় যে মোদীজীৰ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ৰ দৃষ্টিভংগী কেনেদৰে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত বাস্তৱায়িত হৈছে৷ অনুসূচিত জাতি লাম্বাণী আৰু বঞ্জাৰা জনগোষ্ঠীৰ ১.৭৫ লাখ মাটিৰ পট্টা নিয়মীয়াকৰণৰ কথা আপোনালোকৰ আগত ব্যক্ত কৰি মই বৰ সুখ অনুভৱ কৰিছো৷ এয়া বিজেপিৰ ‘ডাবল ইঞ্জিন চৰকাৰ’ৰ এক উল্লেখযোগ্য কৃতিত্ব৷ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে কংগ্ৰেছ চৰকাৰ থকা সময়ত তেওঁলোকে দীৰ্ঘদিন ধৰি কৰা অপশাসনৰ বাবে দেশে গধুৰ মূল্য দি আহিছে৷  কৰ্ণাটকৰ উপেক্ষিত জনগোষ্ঠীৰ বৈধ দাবীক কংগ্ৰেছে দীৰ্ঘদিন ধৰি অস্বীকাৰ কৰি আহিছে৷  কংগ্ৰেছে আজিও বিজেপি চৰকাৰে ৰাজ্যৰ পিছপৰা জনগোষ্ঠীৰ সৱলীকৰণৰ ঐতিহাসিক পদক্ষেপৰ বিৰোধিতা কৰি আছে৷ কংগ্ৰেছে সদায় হিন্দুলিদাভাৰু [পিছপৰা শ্ৰেণী] আৰু দলিতৰু [দলিত]ৰ সামাজিক আৰু ৰাজনৈতিক মূল্যত আলপাছাংখ্যাতৰু [সংখ্যালঘু]ক অগ্ৰাধিকাৰ দিছে৷ মোদীজীয়ে বেট্টা কুৰুবা [কাডু কুৰুবা], সিদ্দি, তালাৱাৰা আৰু পাৰিভাৰা জনগোষ্ঠীক অনুসূচীত জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰিছিল৷ ইয়াৰ দ্বাৰা তেওঁ এই জনগোষ্ঠীসমূহৰ শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত সংৰক্ষণৰ দৰে সুবিধা প্ৰদান কৰি বহু দশক পুৰণি দাবী পূৰণ কৰিছিল৷  সন্ত সেৱা লালৰ জন্মস্থান দাৱনাগেৰে জিলাৰ সুৰগোন্দনাকোপ্পা গাঁওখনক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিয়ে ধন আৱণ্টন দিয়াটোও সামাজিক সৱলীকৰণ আৰু সমাজৰ উন্নয়নৰ প্ৰতি থকা বিজেপিৰ দায়ৱদ্ধতাৰ প্ৰমাণ৷ আগন্তুক কৰ্ণাটক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ বাবে প্ৰচাৰ চলাই থকা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে দাৱনাগেৰেৰ বিজেপি সতীৰ্থৰ সৈতে মা ভাৰতীৰ মহান বীৰ মদকাৰী নায়কা, ছাত্ৰপতি শিৱাজী মহাৰাজ, জগতগুৰু বাসৱ, বাবাছাহেব আম্বেদকাৰ আৰু স্বাধীনতা সংগ্ৰামী ক্ৰান্তিবীৰ সাংগোল্লী ৰায়ন্নাক স্মৰণ কৰি পুষ্পাঞ্জলি প্ৰদান কৰে৷ সোণোৱালে বিবিধ ভাশিকা নেতা সন্মিলনতো অংশ লয়৷ লগতে তেওঁ সন্ধিয়া ভাৰত কলনী ৱাৰ্ড নং ২০ চিটি কৰ্পৰেশ্যন দাৱনাগেৰেৰ পৰা গণেশ হোটেল চাৰ্কল হৈ কব্বুৰ বাসপ্পা নগৰালৈকে ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল৷  সোণোৱালে দাৱনাগেৰেৰ ডোড্ডাপেটৰ বিৰাকথ মঠো পৰিদৰ্শন কৰে৷  আজি কেবি এক্সটেনচনত জিলা বিজেপিৰ কাৰ্যালয়ত নিৰ্বাচনী কাৰ্যকৰী সমিতিৰ সৈতে হোৱা বৈঠকত সোণোৱালে দলটোৰ প্ৰচাৰৰ সন্দৰ্ভতো পৰ্যালোচনা কৰে৷ অনুষ্ঠানত বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে লোকসভাৰ সাংসদ জিএম সিদ্দেশ্বৰা,  বিজেপিৰ জিলা সভাপতি এছ এম বীৰেশ; বিজেপিৰ প্ৰাৰ্থী অজয় কুমাৰ আৰু এছ এ ৰবীন্দ্ৰনাথ, দাক্ষিণাত্যৰ নিৰ্বাচনী প্ৰভাৰী প্ৰসন্ন কুমাৰ, জিলা বিজেপিৰ সাধাৰণ সম্পাদক বি এছ জগদীশ, জিলা নগৰ উন্নয়ন সংস্থাৰ প্ৰাক্তন সভাপতি দেৱৰমণে শিৱকুমাৰ, বিজেপি নেতা অনিথ কুমাৰ, বিজেপিৰ প্ৰাক্তন জিলা সভাপতি যশবন্ত যাদৱ, জিলা বিজেপিৰ মুখপাত্ৰ শিৱশংকৰ ডি এছ,  বিজেপিৰ জিলা সংবাদ মাধ্যমৰ আহ্বায়ক নৰেশ হোৰাট্টি, আন্দাৰাও সিন্ধৰ লগতে অন্যান্য গণ্য মান্য ব্যক্তিসকল৷ উল্লেখ্য, এইবাৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিজেপিয়ে যুগুত কৰা ষ্টাৰ কেম্পেইনাৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামো৷