Logo
image

গুণোৎসৱৰ গুণ

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে অসম চৰকাৰে ২০১৭ চনৰ পৰা গুণোৎসৱ প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে৷ অৱশ্যে, কৰ’না মহামাৰীৰ সময়ত  ৰাজ্যত গুণোৎসৱ অনুষ্ঠিত কৰিব পৰা নাছিল৷ প্ৰতিবছৰে চৰকাৰে উৎসৱকালীন প্ৰস্তুতিৰে গুণোৎসৱ অনুষ্ঠিত কৰি আহিছে যদিও গুণোৎসৱ অনুষ্ঠিত কৰাৰ পাছত ৰাজ্যৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ মান কিমান উন্নত হৈছে, সেইটো প্ৰতিজন লোকৰে জ্ঞাত৷ গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পাছত দুৰ্বল শৈক্ষিক মানৰ বিদ্যালয়, দুৰ্বল আন্তঃগাঁথনি থকা বিদ্যালয় আৰু প্ৰয়োজন অনুপাতে শিক্ষক-কৰ্মচাৰী নথকা বিদ্যালয়ৰ সমস্যা সমাধান কৰাৰ ব্যৱস্থা চৰকাৰে কৰিছেনে? বিপৰীতে গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পাছতে বহু বিদ্যালয় বিভিন্ন অজুহাতত বন্ধ কৰিহে দিছে৷ যিহেতু চৰকাৰী বিদ্যালয়ত দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তানেহে অধ্যয়ন কৰে, সেয়ে হয়তো চৰকাৰে এই শ্ৰেণীৰ লোকক উন্নতমানৰ শিক্ষা দিয়াৰ বাবে আগ্ৰহী নহয়৷ বছৰি চৰকাৰী বিদ্যালয় বন্ধ কৰি গৈ থাকিলে তেনে বিদ্যালয় থকা অঞ্চলৰ শিক্ষাৰ্থীয়ে শিক্ষা লাভৰ পৰা বঞ্চিত নহ’বনে? মঙলবাৰেও ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ২০২৩ বৰ্ষৰ গুণোৎসৱৰ ফলাফল ঘোষণা কৰে৷ এইবাৰৰ গুণোৎসৱত ৰাজ্যৰ ৪৪,৫৩১খন বিদ্যালয়ৰ ৪১,৩৫,১৬৩জন শিক্ষাৰ্থীৰ শৈক্ষিক মান নিৰূপণ কৰা হয়৷ এইবাৰৰ গুণোৎসৱত ৰাজ্যৰ ১১,৮৮৬খন বিদ্যালয়ে ‘এ+’ গ্ৰেড লাভ কৰাৰ উপৰি ১৯,১৭২খন বিদ্যালয়ে ‘এ’ গ্ৰেড লাভ কৰিছে৷ উল্লেখ্য, বিগত বৰ্ষত ৰাজ্যৰ মাথোঁ ৪,৮৪১খন বিদ্যালয়েহে ‘এ+’ গ্ৰেড লাভ কৰিছিল৷ বিগত বৰ্ষত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ক্ৰমে দুটা বছৰ ‘এ+ ’ গ্ৰেড পোৱা বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰিব বুলি কোৱাৰ বাবেও হয়তো এইবেলি গুণোৎসৱত ‘এ+’ গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাইছে৷ অৱশ্যে, ২০২৩ বৰ্ষৰ গুণোৎসৱত ৰাজ্যৰ ১,৯৭২খন বিদ্যালয়ে ‘চি’ আৰু ৭৬৭খন বিদ্যালয়ে ‘ডি’ গ্ৰেড লাভ কৰিছে৷ ‘চি’ আৰু ‘ডি’ গ্ৰেড পোৱা বিদ্যালয়সমূহ চৰকাৰে বহিঃনিৰীক্ষকৰ দ্বাৰা নিৰীক্ষণ কৰাই হয়তো পৰ্যায়ক্ৰমে বন্ধৰ ব্যৱস্থা কৰিব নাইবা আন বিদ্যালয়ৰ লগত চামিল কৰিব৷ এইবাৰো যে কিছুসংখ্যক বিদ্যালয় বন্ধ হ’ব সেয়া নিশ্চিত৷ অৱশ্যে, এইবাৰৰ গুণোৎসৱে উদঙাই দিয়া আন এটা দিশ হ’ল– ৰাজ্যৰ শিক্ষা-দীক্ষা, ব্যৱসায়-বাণিজ্য, ৰাজনীতিৰ প্ৰাণকেন্দ্ৰৰূপে পৰিচিত গুৱাহাটী মহানগৰী অৱস্থিত কামৰূপ মহানগৰ জিলাৰ গুণোৎসৱত স্থান ৰাজ্যৰ ৩১খন জিলাৰ ভিতৰত ২৯সংখ্যক৷ ইয়ে এই কথাই প্ৰমাণ কৰে যে  কামৰূপ মহানগৰ জিলাৰ চৰকাৰী শিক্ষাব্যৱস্থাৰ মান ৰাজ্যৰ জিলাৰসমূহৰ ভিতৰতে নিম্ন৷ অৱশ্যে, মহানগৰীৰ লোকে অভিজাত বিদ্যালয়ত সন্তানক পঢ়ুওৱাতহে গুৰুত্ব দিয়ে৷ ইফালে, বহু চৰকাৰী বিদ্যালয়ত আজিও ভুৱা শিক্ষাৰ্থী থকাৰ অভিযোগ আছে৷ বহুতো বিদ্যালয়ে বছৰ বছৰ অনুপস্থিত থকা শিক্ষাৰ্থীকো প্ৰতিবছৰে নিয়মমাফিক উত্তীৰ্ণ কৰাই দিয়াৰো অভিযোগ পোৱা যায়৷ যিহেতু চৰকাৰী বিদ্যালয়ত পাছ-ফেইলৰ ব্যৱস্থা নাই, সেয়ে কোনো শিক্ষাৰ্থীয়ে এবাৰ নামভৰ্তি কৰালে সেই শিক্ষাৰ্থী পৰৱৰ্তী পৰ্যায়ত ক্ৰমে বিদ্যালয়ত অনুপস্থিত থকা সত্ত্বেও উচ্ছ শ্ৰেণী পায়৷ অৱশ্যে, ৰাজ্যত আৰম্ভ কৰিবলৈ লোৱা ‘শিক্ষা সেতু’ ব্যৱস্থাই এনে ভুৱা শিক্ষাৰ্থী চিনাক্ত কৰিবলৈ সক্ষম হ’ব৷

চৰকাৰে ৰাজ্যৰ শিক্ষাব্যৱস্থাৰ মান উন্নত কৰিবলৈ হ’লে যিবোৰ বিদ্যালয়ে গুণোৎসৱত নিম্ন ফল প্ৰদৰ্শন কৰিছে, তেনেবোৰ বিদ্যালয়ৰ সমস্যাসমূহ নিৰ্ণয় কৰি সমাধানৰ ব্যৱস্থা কৰাৰ উপৰি প্ৰতিখন বিদ্যালয়তে শ্ৰেণী আৰু বিষয় অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা দৰকাৰ৷ তদুপৰি বিদ্যালয়ৰ শিক্ষকসকলক অনাশৈক্ষিক কামত যাতে চৰকাৰে নখটুৱায়, তাৰো ব্যৱস্থা কৰিব লাগে৷ শিক্ষকসকলেও মানৱ সম্পদ গঢ়াৰ উদ্দেশ্যে নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিলে নিশ্চয় চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতি ৰাইজৰ আস্থা ঘূৰি আহিব৷