বৰ্নভিটাৰ পৰা সাৱধান
বৰ্নভিটা শিশুসকলৰ বাবে অত্যন্ত জনপ্ৰিয়৷ অনেকে শিশুক বৰ্নভিটা স্বাস্থ্যবৰ্ধক হিচাপে অভিভাৱকে খুৱাই আহিছে৷ গাখীৰৰ সৈতে বৰ্নভিটা মিহলাই শিশুক সাধাৰণতে খুউওৱা হয়৷ ইয়াৰ স্বাদ চকলেটৰ দৰে হোৱাৰ বাবে শিশুৱেও সাধাৰণতে খাই ভাল পায়৷ যাৰ বাবে বৰ্নভিটাৰ চাহিদা বৰ বেছি৷ বৰ্নভিটাক লৈ প্ৰচাৰ হোৱা বিজ্ঞাপনে ইয়াক বেছি জনপ্ৰিয় কৰি তুলিছে৷ যাৰ বাবে অন্য খাদ্যৰ তুলনাত শিশুৰ বাবে বৰ্নভিটাক সৰ্বোত্তম বুলি বহুতে গণ্য কৰে৷ কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য মতে এই বৰ্নভিটাৰো আছে মাৰাত্মক ক্ষতিকাৰক দিশ৷ বৰ্নভিটাত প্ৰচুৰ পৰিমাণে চেনি উপলব্ধ৷ এই চেনিয়ে শিশুৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায়৷ এসময়ত শিশুৰ বাবে অতি জনপ্ৰিয় হৈ পৰা বৰ্নভিটাৰ বিজ্ঞাপন দিছিল অমিতাভ বচ্ছনৰ দৰে কিংবদন্তী অভিনেতাই৷ কিন্তু পাছত বৰ্নভিটাৰ ক্ষতিকাৰক দিশৰ বিষয়ে জানিব পাৰি বচ্ছনে এই বিজ্ঞাপন দিয়াৰ পৰা বিৰত আছিল৷
⬛ গৱেষণাত প্ৰকাশ পোৱা তথ্য মতে, বৰ্নভিটা দীৰ্ঘদিন ধৰি খালে শিশুৰ হাড় ক্ষয় যায়, ক্ৰিমীৰ লগতে অনেক ধৰণৰ পেটৰ অসুখত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷
⬛ বৰ্নভিটাত থকা চকলেট আৰু চেনিৰ উপাদানৰ বাবে নিয়মিয়াকৈ বৰ্নভিটা খালে দাঁতৰ বিষ, কেভেটি আদিত আক্ৰান্ত হ’ব পাৰে৷ এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শৰো প্ৰয়োজন৷