Logo
image

লংকাত ড্ৰাগছ সহ আটক দুই সৰবৰাহকাৰী

আমাৰ অসম,২৭ এপ্ৰিলঃ  লংকাৰ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি লংকাৰ পার্শ্ববর্তী বৰদলঙৰ পৰা আজি দুটা ড্ৰাগছ  সৰবৰহকাৰীক  আটক কৰিবলৈ সক্ষম হয়। আটকাধীন সৰবৰাহকাৰী দুজনৰ নাম ক্ৰমে সঞ্জয় ভৌমিক আৰু সঞ্জয় ৰজক বুলি জানিব পৰা গৈছে।সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে পাঁচটা চাবোনৰ বাকচ ভৰ্টি ৭০ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰলাখ টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। সৰবৰহকাৰী  দুজনক লংকা  থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।