
ৰ’জভেলীৰ মালিক গৌতম কুণ্ডুৰ পত্নী শুভ্ৰাক গ্ৰেপ্তাৰ
আমাৰ অসম, ১৬ জানুৱাৰীঃ শৰীৰি সৌন্দৰ্য আৰু মডেলৰ দৰে আচৰণ তথা ‘স্মাৰ্টনেছে’ৰে তদন্তকাৰী এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ শীৰ্ষ বিষয়া মনোজ কুমাৰক মোহাবিষ্ট কৰি দীৰ্ঘদিন ৰ’জ ভেলীৰ বৃহৎ পৰিমাণৰ টকা অবৈধভাৱে লেনদেন কৰি থাকিলেও অৱশেষত শুকুৰবাৰে চিবিআই-এ গ্ৰেপ্তাৰ কৰিছে ৰ’জ ভেলীৰ মুৰব্বী গৌতম কুণ্ডুৰ পত্নী শুভ্ৰা কুণ্ডুক৷ চিবিআই-এ কলকাতাৰ ছল্টলেকস্থিত চিজিঅ’ কমপ্লেক্সলৈ চমন জনাই সোধাপোছা কৰি থকাৰ মাজতে শুকুৰবাৰে শুভ্ৰা কুণ্ডুক গ্ৰেপ্তাৰ কৰিছে বুলি বিয়লি প্ৰকাশ কৰিছে৷ অবৈধ ধনৰ লেনদেনৰ বহু উত্তৰ সঠিকভাৱে দিব নোৱাৰাৰ বাবেই গৌতম কুণ্ডুৰ মডেলৰ দৰে সুন্দৰী পত্নী শুভ্ৰাক গ্ৰেপ্তাৰ কৰা হয়৷ ইচ্ছাকৃতভাৱে তেওঁ বহু প্ৰশ্নৰ উত্তৰ নিদিয়াৰ বাবেই চিবিআই-এ তেওঁক জিম্মাত লোৱাৰ গত্যন্তৰ নাছিল বুলিও জনাইছে৷ উল্লেখ্য, ভুৱা অৰ্থ সংগ্ৰহকাৰী সংস্থা ৰ’জ ভেলীৰ মুৰব্বী গৌতম কুণ্ডুৱে ২০ হাজাৰ কোটি টকাৰো অধিক পৰিমাণৰ আৰ্থিক কেলেংকাৰি সংঘটিত কৰিছে৷ গৌতম কুণ্ডুক ২০১৫ চনতে চিবিআই-এ গ্ৰেপ্তাৰ কৰে৷ সম্প্ৰতি কাৰাবন্দী হৈ থকা গৌতম কুণ্ডুৱে কাৰাগাৰৰ ভিতৰৰ পৰাই অবৈধ আৰ্থিক লেনদেন তেওঁৰ সুন্দৰী পত্নীৰ জৰিয়তে চলাই আছিল৷ শুভ্ৰা কুণ্ডুৱে স্বামীৰ নিৰ্দেশ অনুসৰি ৰ’জ ভেলীৰ অবৈধভাৱে সংগৃহীত বৃহৎ পৰিমাণৰ টকা গোপনে বিভিন্ন স্থানলৈ প্ৰেৰণ কৰাৰ লগতে তদন্তকাৰী সংস্থাৰ বহু বিষয়াক নিজৰ শৰীৰি সৌন্দৰ্যৰে কাষ চপাই লৈ অবৈধ লেনদেন চলাই আছিল৷ প্ৰসঙ্গতঃ উল্লেখযোগ্য, এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ যিজন মুখ্য তদন্তকাৰী বিষয়াই ৰ’জ ভেলীৰ তদন্তৰ নেতৃত্ব দিছিল, সেই মনোজ কুমাৰ নামৰ শীৰ্ষ বিষয়াজনৰ সৈতে গৌতম কুণ্ডুৰ সুন্দৰী পত্নীয়ে বহু নিশা বিলাসী হোটেলত কটোৱাৰ বাতৰি প্ৰকাশ পাইছিল৷ অৱশ্যে ইয়াৰ পাছতে শাস্তিমূলকভাৱে মনোজ কুমাৰক তদন্তৰ পৰা আঁতৰাই নিয়া হয়৷ কিন্তু মনোজ কুমাৰৰ জৰিয়তে শুভ্ৰাই ৰ’জ ভেলীৰ তদন্ত ভুলপথে পৰিচালিত কৰিবলৈ সক্ষম হৈছিল৷ উল্লেখ্য, শুভ্ৰাৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰাৰ অভিযোগত কলকাতা আৰক্ষীয়ে হোটেলৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল মনোজ কুমাৰক৷
ৰ’জ ভেলীয়ে বিভিন্ন স্থানত ৰিছ’ৰ্ট, হোটেল, উদ্যোগ ইত্যাদি স্থাপন কৰিলেও ঘাইকৈ উপাৰ্জন কৰিছিল সাধাৰণ লোকৰ পৰা অধিক লাভ দিয়াৰ প্ৰলোভন দি টকা সংগ্ৰহ কৰি৷ ৰ’জ ভেলীয়ে গ্ৰাহকক তিনি-পাঁচ বছৰতে তেওঁলোকে জমা থোৱা টকা দুগুণ হ’ব বুলি প্ৰলোভন দিছিল৷ সেই প্ৰলোভন শুনি দেশৰ ঘাইকৈ পশ্চিম বংগ, অসম, ত্ৰিপুৰা আৰু ওড়িষাৰ লাখ লাখ গ্ৰাহকে ৰ’জ ভেলীত ধন জমা থৈছিল৷ প্ৰাথমিকভাৱে প্ৰথম কেইবছৰত ৰ’জ ভেলীয়ে বিশ্বাস জন্মাবৰ বাবে গ্ৰাহকক দুগুণকৈ ধন ঘূৰায়ো দিছিল৷ কিন্তু একে ধৰণৰ অবৈধ ধন সংগ্ৰহকাৰী সংস্থা সাৰদা নিশাৰ ভিতৰতে ভাগি-ছিগি যোৱাত আৰু সাৰদাৰ মুৰব্বী সুদীপ্ত সেনকে ধৰি সকলো শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ কৰাৰ পাছত ৰ’জ ভেলীৰ বিৰুদ্ধেও তদন্ত আৰম্ভ হয়৷ প্ৰথমে ৰ’জ ভেলীয়ে তেওঁলোকৰ গ্ৰাহকক টকা ঘূৰাই দিয়াৰ প্ৰমাণ দাখিল কৰি বহুদিন তদন্তকাৰীৰ কবলৰ পৰা নিজকে বচাই ৰাখিবলৈ সক্ষম হৈছিল৷ কিন্তু তদন্ত অধিক আগবঢ়াৰ পিছত ৰ’জ ভেলীক নিষিদ্ধ ঘোষণা কৰা হয় আৰু মুৰব্বী গৌতম কুণ্ডুক ২০১৫ চনত চিবিআই-এ গ্ৰেপ্তাৰ কৰে৷ সম্প্ৰতি চিবিআই আৰু এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট উভয়েই ৰ’জ ভেলীৰ বিৰুদ্ধে তদন্ত চলাই আছে৷ শুকুৰবাৰে শুভ্ৰা কুণ্ডুক গ্ৰেপ্তাৰ কৰাৰ পাছত এয়া কেন্দ্ৰীয় চৰকাৰৰ পশ্চিম বংগৰ তৃণমূল চৰকাৰৰ প্ৰতি ৰাজনৈতিক লক্ষ্যস্থিৰ কৰা বুলি চৰ্চা আৰম্ভ হৈছে৷ কিয়নো শুভ্ৰা কুণ্ডুৱে অবৈধ ধনৰ লেনদেন আৰু প্ৰেৰণৰ কামকাজ এতিয়া আৰম্ভ কৰা নাছিল৷ তেওঁ সেই কাম দীৰ্ঘদিনৰ পৰাই চলাই আছিল৷ সেয়েহে শুভ্ৰাক এতিয়া পশ্চিম বংগৰ নিৰ্বাচনৰ পূৰ্বে গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ উদ্দেশ্য থকা বুলি চৰ্চা হৈছে৷ কিয়নো ৰ’জ ভেলীৰ পৰা তৃণমূল কংগ্ৰেছৰ বহু নেতা-মন্ত্ৰীয়ে অবৈধভাৱে ধন অৰ্জন কৰিছে৷ ৰ’জ ভেলীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ইতিপূৰ্বে তৃণমূল কংগ্ৰেছৰ দুই সাংসদ প্ৰয়াত তাপস পাল আৰু সুদীপ বেনাৰ্জীক গ্ৰেপ্তাৰ কৰা হৈছিল৷ দীৰ্ঘদিন নীৰৱে থাকি এতিয়া হঠাতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই অতি তৎপৰ হৈ পৰাৰ আঁৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ থকা বুলিও জল্পনা-কল্পনা চলিছে৷ বিধান সভাৰ নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত তৃণমূল কংগ্ৰেছৰ নেতা-মন্ত্ৰীক গ্ৰেপ্তাৰ কৰিলে বিজেপিৰ বাবে ৰাজ্য নিৰ্বাচনত অগ্ৰগতি লোৱাটো সুবিধাজনক হ’ব৷ সেয়েহে শেহতীয়াকৈ শুভ্ৰা কুণ্ডু চিবিআইৰ চিকাৰ হোৱা বুলি পশ্চিম বংগৰ মিডিয়াই মন্তব্য কৰিছে৷