Logo
image

গোসাঁইগাঁৱত মদ্যপান কৰি নৃশংস ভাৱে হত্যা পত্নীক

আমাৰ অসম,২৭ এপ্ৰিলঃ গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ গাতে লাগি থকা পদ্মপুখুৰী গাঁৱত এক নৃশংস হত্যা কাণ্ড সংঘটিত হয়। নিৰ্মম ভাৱে  লাঠিৰে  কোবাই কোবাই নৃশংসভাৱে স্বামীয়ে  হত্যা কৰে পত্নীক। যোৱা নিশা নিজ গৃহত স্বামী লক্ষেন হেম্ভ্ৰমে পত্নীক প্ৰচণ্ড মাৰপীট কৰে। নিশা দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয় আৰু পিছত মদৰ নিচাত লাঠিৰে কোবাই  হত্যা কৰে পত্নীক ।নিহত দূৰ্ভোগীয়া মহিলা গৰাকী সুমি সৰেন (৪২) বুলি জানিব পৰা গৈছে । ওচৰতে থকা এজন লোকে মহিলা গৰাকীক মাটিত অচেতন অৱস্থাত দেখা পাই দুই এজনক অৱগত কৰে। পাছত আত্মীয়ই খবৰ পাই মহিলা গৰাকীক  উদ্ধাৰ কৰি গোসাইগাঁও আৰ এন বি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে  সুমি সৰেনক মৃত বুলি ঘোষণা কৰে । হত্যাকাৰী স্বামীক ৰাইজে ইতিমধ্যে আটক কৰি আৰক্ষীক চমজাই দিছে।