Logo
image

বেছিকৈ নিৰামিষ খাদ্য খোৱাটো ক্ষতিকাৰক নেকি

স্বাস্থ্য সচেতনসকলে নিৰামিষ খাদ্য খোৱাত গুৰুত্ব দিয়ে৷ একেদৰে আমিষ খাদ্যতকৈ নিৰামিষ আহাৰ বেছি উপকাৰী বুলি প্ৰায়ভাগেই ধাৰণা কৰে৷ কিন্তু দেখা গৈছে যে নিৰামিষ খাদ্য প্ৰধান অঞ্চল উত্তৰ ভাৰতৰ ৪৭ শতাংশ লোকেই ভিটামিন ‘বি-১২’ৰ অভাৱত ভুগিছে৷ প্ৰাণীজ প্ৰ’টিনৰ অভাৱত এনে সমস্যাই দেখা দিয়ে৷ পৰিসংখ্যা মতে উত্তৰ ভাৰতত ভিটামিন ‘বি-১২’ৰ অভাৱত ভোগাসকলৰ অধিকাংশই প্ৰাপ্তবয়স্ক৷ 

উল্লেখ্য যে ভাৰতৰ ৩০ শতাংশ লোকেই নিৰামিষ খাদ্যত অভ্যস্ত৷ ভিটামিন ‘বি-১২’ৰ অভাৱ হ’লে ৰক্তহীনতাৰ সমস্যা আৰম্ভ হয়৷ ফলত  শৰীৰ দুৰ্বল হয় আৰু প্লেটলেট বা ৰক্তকণিকাৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰে৷ লগতে আৰবিচিৰ মাত্ৰা কমি আহে আৰু জণ্ডিচজনিত সমস্যাই দেখা দিয়ে৷ এনে সমস্যাক চিকিৎসা বিজ্ঞানৰ ভাষাত মেগালোব্লাষ্টিক এনিমিয়া বুলি কোৱা হয়৷

এনেক্ষেত্ৰত বিশেষজ্ঞসকলে এজন প্ৰাপ্তবয়স্ক লোকক দৈনিক ২.৪ এম চি জিয কেজি ভিটামিন ‘বি-১২’ গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ বিশেষকৈ যিসকলে নিৰামিষ আহাৰ গ্ৰহণ কৰে তেওঁলোকে ভিটামিন ‘বি-১২’ গ্ৰহণ কৰাটো প্ৰয়োজন৷ চিকিৎসা বিশেষজ্ঞসকলৰ মতে আজিকালি ভিটামিন ‘বি-১২’ সমৃদ্ধ প্লান্টমিল্ক সহজতে পোৱা যায়৷ কিন্তু দুখৰ বিষয় যে ভাৰতৰ বজাৰত এনে প্লান্টমিল্ক  উপলব্ধ নহয়৷ 

স্বাভাৱিক খাদ্যত ভিটামিন ‘বি-১২’ সামান্য পৰিমাণেহে পোৱা যায়৷ এনেক্ষেত্ৰত স্বাভাৱিক খাদ্যৰ পৰা ভিটামিন ‘বি-১২’ পাবলৈ হ’লে দৈনিক কমেও ৫০০ মিলিলিটাৰ গৰুৰ গাখীৰ খোৱা উচিত৷ গাখীৰৰ পৰিপূৰক হিচাপে ছয়ামিল্ক বা দৈয়ো খাব পাৰে৷ 

দেখা গৈছে যে নিৰামিষভোজী হোৱাৰ সপক্ষে যিমানেই যুক্তি আগবঢ়োৱা নহওক কিয়, ভিটামিন ‘বি-১২’ৰ অভাৱ হ’লে সাধাৰণ লোকৰ বাবে ই গুৰুতৰ সমস্যা হৈ পৰে৷ সেয়েহে নিৰামিষভোজী হোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷