Logo
image

অসমীয়া ভাষা আৰু কিমানদিন

আশাবাদী, ইতিবাচক চিন্তা– অসমীয়া ভাষা চন্দ্ৰ-সূৰ্য থকালৈকে জীয়াই থাকিব৷ নিৰাশাবাদী, নেতিবাচক চিন্তা– অচিৰে অসমীয়া ভাষাৰ মৃত্যু ঘটিব৷ বাস্তৱবাদী চিন্তা– অসমীয়াই জীয়াই ৰাখিব পৰালৈকে অসমীয়া ভাষা জীয়াই থাকিব৷ যিহেতু চন্দ্ৰ-সূৰ্য থকালৈকে অসমীয়া ভাষা জীয়াই থাকিব, গতিকে বিশেষ ভাবিবলগীয়া বা কৰিবলগীয়া নাই৷ একেদৰে, যিহেতু অসমীয়া ভাষাৰ অচিৰেই মৃত্যু ঘটিব, সেয়েহে বিশেষ ভাবিবলগীয়া বা কৰিবলগীয়া নাই৷ কিন্তু বাস্তৱবাদী চিন্তা কৰাসকলে যিহেতু সিদ্ধান্ত লয় যে অসমীয়াই জীয়াই ৰখালৈ অসমীয়া ভাষা জীয়াই থাকিব, গতিকে বাস্তৱবাদীসকলৰ কৰিবলগীয়া আৰু ভাবিবলগীয়া থাকে৷

অসমীয়া প্ৰায় ডেৰ কোটি অসমীয়াৰ ভাষা৷ এই ডেৰ কোটি মানুহে ভাষাটো সন্দৰ্ভত আজি লোৱা সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব ভাষাটোৰ কালিলৈ কি হ’ব৷ ভাষা এটা জীয়াই থাকে ভাষাটো পাছৰ প্ৰজন্মটোৱে ব্যৱহাৰ কৰিলে৷ আজিৰ পৰা যদি অসমীয়াই পাছৰ প্ৰজন্মটোক অসমীয়া ভাষা শিকোৱা বন্ধ কৰে, তেনেহ’লে আজি জীয়াই থকা অসমীয়াৰ শেষজনৰ মৃত্যু হোৱাৰ লগে লগে ভাষাটোৰ অন্ত পৰিব৷ গতিকে আজিৰ পৰা পাছৰ প্ৰজন্মটোলৈ অসমীয়া ভাষাটো যদি বৈ নাযায়, তেনেহ’লে  অহা ৯০-১০০ বছৰৰ পাছত অসমীয়া ভাষাৰ বিলুপ্তি ঘটিব৷ ইণ্টাৰনেটত এনে বহু ভাষাৰ তথ্য আছে যিবোৰ ভাষা ব্যৱহাৰ কৰা শেষ প্ৰজন্মৰ অন্তিম লোককেইজনহে এতিয়া জীয়াই আছে, তেওঁলোকৰ মৃত্যুৰ পাছত সেই ভাষাটোৰ মৃত্যু ঘটিব৷ অহা এটা শতিকাৰ ভিতৰত অৰ্থাৎ ২১২৩ চনৰ ভিতৰত ইংৰাজী বা আন ভাষাত এনে এটা বাতৰি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছেনে যে অসমীয়া ভাষা ক’ব জনা শেষ পোন্ধৰজন লোকৰ এজনৰ কালি মৃত্যু ঘটিছে, এতিয়া অসমীয়া ভাষা ক’ব জনা লোকৰ সংখ্যা পৃথিৱীত ১৪জনহে বাকী ৰৈছেগৈ?

বহুতে ভাবে অসমীয়া ভাষাৰ লিখিত ৰূপটোৰ বিলুপ্তি ঘটিব, কিন্তু এটা কঠিত ভাষাৰূপে অসমীয়া বৰ্তি থাকিব৷ অসমীয়াত কোনেও আৰু কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ নিলিখে৷ অসমীয়া ভাষাত কাকত, আলোচনী, কিতাপ প্ৰকাশ নহয়, ফেচবুক, ৱাটছ্‌এপত কোনেও অসমীয়াত নিলিখে৷ এটা লিখিত মাধ্যমৰূপে, সৃষ্টিশীল সাহিত্যৰ মাধ্যমৰূপে, বৌদ্ধিক অনুশীলনৰ মাধ্যমৰূপে বা লিখিত যোগাযোগৰ মাধ্যমৰূপে অসমীয়া ভাষাৰ অস্তিত্বৰ অন্ত পৰিব৷ ভাষাটোত একো নিলিখিলে পঢ়িব কি? গতিকে অসমীয়া ভাষা পঢ়া মানুহো নোহোৱা হ’ব৷ কিন্তু দৈনন্দিন জীৱনযাত্ৰাত, লেনদেনত কথা কওঁতে, চিটীবাছত, বজাৰত অসমীয়া ভাষা ব্যৱহাৰ হৈ থাকিব৷ ডেৰ কোটি মানুহৰ ভাষা এটা দৈনন্দিন লেনদেনৰ, জীৱন যাপনৰ বাৰে প্ৰয়োজনীয় মত বিনিময়ৰ ভাষাৰূপে সহজতে বিলুপ্ত হ’ব নোৱাৰে, ভাষাটোৰ ৰূপান্তৰ [বিকৃতি?] ঘটিব, কিন্তু কথিত ৰূপত অসমীয়া ভাষা হয়তো আৰু বহুদিনলৈ থাকিব৷ 

কথিত ৰূপত ভাষাটো লিখিত ৰূপতকৈ বেছিদিনলৈ জীয়াই থাকিব, গতিকে ছপা মাধ্যমবোৰ ‘লিখা’ আৰু ‘পঢ়া’ৰ ওপৰত নিৰ্ভৰশীল, কিন্তু ইলেক্ট্ৰ’নিক মাধ্যমবোৰ ‘কোৱা’ আৰু ‘শুনা’ৰ ওপৰত নিৰ্ভৰশীল৷ সেয়েহে কোৱা আৰু শুনাৰ ওপৰত নিৰ্ভৰশীল ইলেক্টª’নিক মাধ্যমবোৰ বেছিদিনলৈ জীয়াই থাকিব৷ আৰু এই অডিঅ’-ভিজুৱেল বা দৃশ্য-শ্ৰাব্য মাধ্যমবোৰে ভাষাটোৰ ৰেহ-ৰূপ বহুপৰিমাণে নিয়ন্ত্ৰণ কৰিব৷ বৌদ্ধিক অনুশীলনত ব্যৱহাৰ হোৱা শব্দৰাজিৰ ব্যৱহাৰ অন্ত পৰাৰ সম্ভাৱনাই অধিক, কথিত ভাষা সীমিত শব্দভাণ্ডাৰেৰে চলি থাকিব পাৰে, আৰু আন ভাষাৰ শব্দৰ ব্যাপক অনুপ্ৰৱেশ ঘটিব৷ এতিয়াই ভৱিষ্যদ্বাণী কৰিব পাৰি যে ভাষাটোৰ ৰূপ চিনিব নোৱৰাকৈ সলনি হৈ যাব৷

অসমীয়া এটা লিখা আৰু পঢ়াৰ সলনি কোৱা আৰু শুনা ভাষাত পৰিণত হ’ব নেকি? উত্তৰটো নিৰ্ভৰ কৰিব আজিৰ অসমীয়াই কি কৰে তাৰ ওপৰত৷ এতিয়া ভাষাটো লিখিব আৰু পঢ়িব জনা অসমীয়াই পাছৰ প্ৰজন্মটোক ভাষাটো লিখিবলৈ আৰু পঢ়িবলৈ শিকাই থৈ যাব পাৰিবনে? এই প্ৰশ্নটোৰ ওপৰত নিৰ্ভৰ কৰিব অসমীয়া ভাষা অনাগত কিমান প্ৰজন্মলৈ এটা লিখিত ভাষাৰূপে বৰ্তি থাকিব৷ 

অসমীয়া ভাষা নিশিকাকৈ সুকলমে আৰু সুখেৰে জীয়াই থাকিব পাৰি৷ গতিকে জীয়াই থকাৰ বাবে কিবা এটা পেছা-বৃত্তিৰ অনুশীলন কৰিবলৈ বা সহজ কথাত ধন ঘটিবলৈ অসমীয়া ভাষা শিকাৰ বিশেষ প্ৰয়োজন নাই৷ এনেকুৱা কিমানটা বৃত্তি বা পেছা আছে যিবোৰৰ বাবে অসমীয়া ভাষা শিকাটো অপৰিহাৰ্য? তেনে বৃত্তিয়ে কিমান লোকক জীৱন নিৰ্বাহৰ বাট উলিয়াই দিয়ে? স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰ অসমীয়া শিক্ষকসকলেই বোধহয় একমাত্ৰ পেছাদাৰী লোক, যিসকলে অসমীয়া ভাষাৰে নিজৰ ভাত মোকলায়৷ [বিনিময়ত, বিশেষকৈ কলেজ আৰু বিশ্ববিদ্যালয়ৰ অসমীয়া শিক্ষক আৰু বিভাগবোৰে ভাষাটোৰ বা কি কৰে?]৷ অসমীয়া ভাষাৰ শিক্ষকৰ বৃত্তিটোৰো বোধহয় আয়ুস বৰ বেছি দীঘলীয়া নহয়৷ 

ভাষাটো লিখিত ৰূপত শিকাৰ গৰজ নপৰিলে কিমানে কেৱল ভাষাপ্ৰেম, জাতিপ্ৰেমেৰে উদ্বুদ্ধ হৈ ভাষাটো শিকিব? অসমীয়া ভাষা লিখিত ৰূপত শিকাৰ ‘গৰজ’ কেনেকৈ সৃষ্টি বা উদ্ভাৱন কৰিব পাৰি? এই ক্ষেত্ৰত অসম চৰকাৰে অসমীয়া ভাষাৰ পৃষ্ঠপোষকৰ ৰূপত অৱতীৰ্ণ হ’ব পাৰে৷ ভাষাটো শিকাৰ ফলত বৈষয়িক লাভ হ’লে অভিভাৱক, ছাত্ৰ-ছাত্ৰী আগ্ৰহী হোৱাৰ সম্ভাৱনা থাকে৷ এইক্ষেত্ৰত চৰকাৰেই প্ৰধান ভূমিকা পালন কৰিব লাগিব৷ অসমীয়া ভাষা শিকাটোক আনুষ্ঠানিক শিক্ষাৰ প্ৰক্ৰিয়াটোৰ এটা অংশ কৰি লব নোৱাৰিলে লিখিত ৰূপত অসমীয়া ভাষা দীৰ্ঘদিনৰ বাবে জীয়াই নাথাকে৷ 

আমি অসমীয়া ভাষা লিখিব আৰু পঢ়িব জনাসকলে লিখিত ৰূপত অসমীয়া ভাষাৰ মৃত্যু নিচেই ওচৰতে দেখি থকা নাই জানো? আমি কেৱল আপোনজনৰ মৃত্যু অৱশ্যম্ভাৱী বুলি গম পোৱাৰ পাছতো মনে মনে থাকি অনিবাৰ্যটো ঘটি যোৱাৰ বাবে বাট চাই থকাৰ দৰে অসমীয়া ভাষাৰ লিখিত ৰূপটোৰ মৃত্যুৰ বাবে বাট চাই আছোঁ৷ ‘কিযে ভয়াৱহভাৱে আমি অসহায়”৷