জাংক ফুডৰ সৈতে সুৰাপান অতি বিপদজনক
সুৰাপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ এয়া সকলোৰে অৱগত৷ তথাপিও সুৰাৰ প্ৰতি আজিকালি বহুসংখ্যক লোকৰ দুৰ্বলতা দেখা যায়৷ বহুতে সুৰাৰ সৈতে ফাষ্টফুড বা জাংক ফুড খোৱা কৰে৷ এই অভ্যাস অতি ভয়ংকৰ৷ সুৰা আৰু জাংক ফুড একেলগে খালে ইয়াৰ পৰিণাম মাৰাত্মক হ’ব পাৰে৷
সুৰাপান কৰাটো যকৃতৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ আকৌ জাংক ফুডৰ সৈতে সুৰাপান কৰিলে ইয়াৰ পাশ্বৰ্ক্ৰিয়া বহু পৰিমাণে বাঢ়ে৷ ফলত লিভাৰ বা যকৃত সোনকালে নষ্ট হ’বলৈ ধৰে৷ পৰিণতিত মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ আজিকালি প্ৰায়েই বহুতকে সুৰাৰ সৈতে মচলাযুক্ত খাদ্য খোৱা দেখা যায়৷ এনে পৰিস্থিতিত মচলাৰ প্ৰভাৱ পোনে পোনে পৰে যকৃতৰ ওপৰত৷ ফলত সহজতে ফেটিলিভাৰ সমস্যা হয়৷ শৰীৰৰ ওজন বাঢ়ে৷ অকল সেয়াই নহয় লাহে লাহে হৃদযন্ত্ৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে৷
বিশেষজ্ঞসকলৰ মতে প্ৰায় ৫৭ শতাংশ লোকেই সুৰাপানৰ সময়ত ফাষ্টফুড খোৱা কৰে৷ সম্প্ৰতি তৰুণ প্ৰজন্মৰ অধিক সংখ্যকেই সুৰা আৰু মচলাযুক্ত খাদ্য পছন্দ কৰে৷ ইয়াৰ ফলত নৱ প্ৰজন্মৰ মাজত সুৰাৰ পৰা হোৱা শাৰীৰিক সমস্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ প্ৰখ্যাত স্বাস্থ্য বিশেষজ্ঞ ডাঃ ব্ৰিজেশ শুক্লাৰ মতে, শেহতীয়া এক সমীক্ষাত দেখা গৈছে যে যিসকলে সুৰাৰ সৈতে জাংক ফুড খায় তেওঁলোকৰ কিবা নহয় কিবা এটা শাৰীৰিক সমস্যা আছে৷ বিশেষকৈ লিভাৰ সংক্ৰান্তীয় সমস্যা, শ্বাস কষ্ট, বুকুত ধৰফৰনি আৰু হৃদযন্ত্ৰৰ সমস্যাত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে৷ সেয়ে সুৰাৰ সৈতে পৰাপক্ষত মচলাযুক্ত খাদ্য বা জাংক ফুড খোৱাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে ডাঃ শুক্লাই৷






