উক্তি-বক্ৰোক্তি
বিদ্বেষপূৰ্ণ-ঘৃণামিশ্ৰিত ভাষণে দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ ক্ষতি কৰে৷ সেয়ে ৰাষ্ট্ৰই সংবিধানৰ এই প্ৰস্তাৱনা সুৰক্ষিত কৰি ৰখা প্ৰয়োজন৷ এইক্ষেত্ৰত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে৷ তেওঁলোকে তেনে ভাষণৰ বিৰুদ্ধে আৰক্ষীৰ দ্বাৰা অবিলম্বে গোচৰ ৰুজু কৰিব লাগে৷ ইয়াৰ বাবে কোনেও অভিযোগ দিয়াৰ প্ৰয়োজন নাই৷ ধৰ্ম-ব্যক্তি-সংগঠন নিৰ্বিশেষে এনে ভাষণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাটো প্ৰতিখন চৰকাৰৰ দায়িত্ব৷
– উচ্ছতম ন্যায়ালয়
কৰ্ণাটকৰ বিজেপি কৰ্মীসকলে দহজনীয়া দল গঠন কৰি ঘৰে ঘৰে যাব লাগে৷ ডাবল ইঞ্জিন চৰকাৰেহে কৰ্ণাটকৰ ৰাইজৰ আশা পূৰণ কৰিব পাৰিব৷ মাৰুতি গাড়ীৰ চকা ট্ৰাকত লগালে ট্ৰাক নচলে৷ সেইদৰে বিৰোধী দলৰ চৰকাৰ হ’লে কৰ্ণাটক নচলে৷ বিৰোধীৰ চৰকাৰ হ’লে কেন্দ্ৰৰ পৰা প্ৰয়োজনীয় সাহায্য লাভ কৰাটো কৰ্ণাটকৰ বাবে টান হ’ব৷
– নৰেন্দ্ৰ মোদী
মই নিজে প্ৰতিৰক্ষা আৰু গৃহ বিভাগৰ মন্ত্ৰী আছিলোঁ৷ সেনা আৰু চিআৰপিএফক মই বহু ওচৰৰ পৰাই জানো৷ এছঅ’পি নোহোৱাৰ বাবেই পুলৱামাত ইমান ডাঙৰ ঘটনা ঘটিছিল৷ ভাৰতীয় বায়ুসেনাৰ পৰ্যাপ্ত এয়াৰক্ৰাফ্ট থকাৰ পাছতো দুৰ্গম বিপদশংকুল পথেৰে পুলৱামালৈ পঠোৱা হৈছিল চিআৰপিএফৰ বৃহৎ কনভয়৷
– জিতেন্দ্ৰ সিং
অসম গণ পৰিষদে বিজেপিৰ লগত মিত্ৰতা অব্যাহত ৰাখি লোকসভাত দলৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব৷ অসমৰ পৰা কংগ্ৰেছক চিৰদিনৰ বাবে বিদায় দিব লাগিব৷ অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অগপক শক্তিশালী কৰি নতুন বাটেৰে অগ্ৰসৰ হ’ব লাগিব৷
– অতুল বৰা
সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতো আঞ্চলিকতাবাদৰ গুৰুত্ব বাঢ়িছে৷ অগপৰ সদস্যসকলে অধিক তৎপৰতাৰে দলৰ কামত আত্মনিয়োগ কৰিব লাগিব৷ দলটোক শিপাৰ পৰাই শক্তিশালী কৰি গঢ়ি তোলাটো অগপৰ প্ৰতিজন সদস্যৰ পৱিত্ৰ কৰ্তব্য আৰু দায়িত্ব৷ অদূৰ ভৱিষ্যতে অগপ দেশৰ অন্যতম শক্তিশালী আঞ্চলিক দলৰূপে পৰিগণিত হোৱাৰ অৱকাশ আছে৷
– কেশৱ মহন্ত
অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতেই মূল পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা কোৱা হৈছে৷ জুন মাহত অসমৰ প্ৰায় প্ৰতিখন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ষান্মাসিক পৰীক্ষা অনুষ্ঠিত হয়৷ ইফালে, বহু ছাত্ৰ-ছাত্ৰী চিচিইৰ মূল পৰীক্ষাত অৱতীৰ্ণ হ’ব৷ জীৱনৰ দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা প্ৰায় একে সময়তে অনুষ্ঠিত হ’লে ছাত্ৰ-ছাত্ৰীসকল বিপদত পৰিব৷ সেয়েহে এই পৰীক্ষা পিছুৱাই দিব লাগে৷
– সদৌ অসম ছাত্ৰ সন্থা
পঞ্জাবৰ স্বাভিমানী জনতা– মোক লৈ চিন্তা কৰিবলগীয়া একো নাই৷ মই ভগৱানৰ কৃপাত কুশলে আছোঁ৷ চৰকাৰে শিখসকলৰ ওপৰত অত্যাচাৰ চলাইছে, শোষণ কৰিছে৷ চৰ্দাৰপন্থী আৰু পঞ্জাবৰ খিলঞ্জীয়া লোকসকলক প্ৰতাৰণা কৰা হৈছে৷ পঞ্জাবৰ গাঁৱে-ভূঞে আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হৈছে৷
– অমৃতপাল সিং






