মনৰ কথা
যোগাযোগৰ মাধ্যমসমূহে এখন সমাজৰ বিকাশৰ ক্ষেত্ৰত সদায় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ এই যোগাযোগৰ মাধ্যমসমূহক, বিশেষকৈ ৰেডিঅ’ক আজিৰ সময়তো কিদৰে সঠিক উদ্দেশ্য আৰু সঠিক ধৰণেৰে ব্যৱহাৰ কৰি সমাজলৈ সঠিক তথা সময়োপযোগী বাৰ্তা প্ৰেৰণ কৰিব পাৰি, তাৰেই এক আদৰ্শনীয় পদক্ষেপ হৈছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ‘মন কী বাত’ শীৰ্ষক জনপ্ৰিয় অনুষ্ঠানটো৷ এই অনুষ্ঠানে প্ৰতিফলিত কৰে আমাৰ সমাজ, আমাৰ দেশ, আমাৰ পৰিস্থিতি-পৰিৱেশ তথা প্ৰতিগৰাকী নাগৰিকক৷ সততে প্ৰচাৰৰ আঁৰত ৰৈ যোৱা সমাজৰ ভিন্ন ক্ষেত্ৰৰ যোদ্ধা তথা প্ৰকৃত নায়কসকলকো মোদীজীয়ে এই অনুষ্ঠানৰ জৰিয়তে দেশবাসীৰ আগত গৌৰৱেৰে চিনাকি কৰাই দিয়াৰ লগতে প্ৰেৰণামূলক বাৰ্তা আগবঢ়াই আহিছে৷ তাতোকৈ উৎসাহজনক কথাটো হৈছে এই অনুষ্ঠানটো ইতিমধ্যে কাষ চাপিছে কোটি কোটি শ্ৰোতাৰ৷ ৰেডিঅ’ক মাধ্যম হিচাপে লৈ আগবঢ়া এই বিৰল অনুষ্ঠানটোৱে ইতিমধ্যে ১০০টা খণ্ড অতিক্ৰম কৰিছে৷ ইয়াৰ পৰা স্পষ্ট হয় এই অনুষ্ঠানটোৰ সন্দৰ্ভত মোদীজীৰ দূৰদৰ্শী চিন্তা৷ ৰাজনৈতিক আদৰ্শক একাষৰীয়াকৈ ৰাখি কেৱল দেশবাসীৰ লগত যোগাযোগ ৰক্ষাৰ বিৰল উদ্দেশ্যৰে যাত্ৰা অব্যাহত ৰখা ‘মন কী বাত’ৰ এই সাফল্যত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে সংশ্লিষ্ট সকলোকে অভিনন্দন জনাইছোঁ৷






