Logo
image

বাঢ়িছে মুছলমানৰ সংখ্যা, খ্ৰীষ্টান দ্বিতীয় স্থানমুখী

আমাৰ অসম, ৩০ এপ্ৰিলঃ চলিত শতিকাৰ মাজভাগত মুছলিম ধৰ্মাৱলম্বীৰ সংখ্যা বিশ্বৰ সৰ্ববৃহৎ হ’ব৷ সম্প্ৰতি বিশ্বত মুছলিম জনসংখ্যা হৈছে ২০০ কোটি৷ জনসংখ্যাৰ দিশৰ পৰা খ্ৰীষ্টানৰ ঠিক পাছতে দ্বিতীয় স্থানত আছে মুছলিম ধৰ্মাৱলম্বী৷ ২০১৫ চনত বিশ্বত মুছলিম ধৰ্মৰ লোকৰ সংখ্যা আছিল ১৮০ কোটি৷ এতিয়া যি হাৰত মুছলিম জনসংখ্যা বৃদ্ধি পাইছে, তেনে হাৰত বাঢ়ি থাকিলে ২০৬০ চনত বিশ্বৰ মুঠ মুছলিম জনসংখ্যা হ’বগৈ ৩০০ কোটি৷ তাৰো ১০ বছৰ পূৰ্বে ২০৫০ চনত বিশ্বত খ্ৰীষ্টান আৰু মুছলিম ধৰ্মাৱলম্বীৰ সংখ্যা প্ৰায় সমান সমান হ’ব৷ ‘দ্য ফিউচাৰ অৱ ৱল্ডৰ্ বিলিজিয়ন্‌ছঃ পপুলেশ্বন গ্ৰ’থ প্ৰজেক্টছন্‌ছ, ২০১০-২০৫০’ শীৰ্ষক প্ৰতিবেদনত ভৱিষ্যতৰ এই পৰিসংখ্যাৰ বিষয়ে প্ৰকাশ কৰা হৈছে৷ 

তাৎপৰ্যপূৰ্ণ এয়াই যে সেই সময়ত ভাৰত হ’বগৈ বিশ্বৰ ভিতৰত সৰ্বাধিক মুছলিম ধৰ্মাৱলম্বী লোক বাস কৰা দেশ৷ সম্প্ৰতি বিশ্বৰ সৰ্বাধিক মুছলিম লোক থকা ইন্দোনেছিয়াক তেতিয়ালৈ ভাৰতে পিছ পেলাব, অৰ্থাৎ ২০৬০ চনত ভাৰতত মুছলিম ধৰ্মাৱলম্বীৰ সংখ্যা হ’বগৈ ৩০ কোটি৷ এই সময়ত পাকিস্তানত মুছলিমৰ সংখ্যা হ’ব বিশ্বৰ মুঠ মুছলিম জনসংখ্যাৰ ৯.৫ শতাংশ আৰু বাংলাদেশৰ হ’ব ৬.১ শতাংশ৷ ভাৰতত তেতিয়া বিশ্বৰ মুঠ জনসংখ্যাৰ ১১.১ শতাংশই বাস কৰিব আৰু সেই সংখ্যা হ’ব দেশখনৰ মুঠ জনসংখ্যাৰ ১৯.৪ শতাংশ৷ সামগ্ৰিকভাৱে ভাৰতীয় উপ-মহাদেশৰ তেতিয়াৰ মুছলিম জনসংখ্যা হ’বগৈ বিশ্বৰ ২৬.৭ শতাংশ৷ ২০৫০ চনত বিশ্বত মুঠ মুছলিম ধৰ্মাৱলম্বী হ’ব খ্ৰীষ্টানৰ প্ৰায় সমান, সমীক্ষাৰ ভৱিষ্যদ্বাণী অনুসৰি ২৮০ কোটিৰ অধিক বা বিশ্বৰ মুঠ জনসংখ্যাৰ ৩০ শতাংশ আৰু খ্ৰীষ্টান হ’ব ২৯০ কোটিৰ কম বা প্ৰায় ৩১ শতাংশ৷ সম্প্ৰতি বিশ্বত খ্ৰীষ্টানৰ সংখ্যা প্ৰায় ২৪০ কোটি৷ ২০৬০ চনত খ্ৰীষ্টানৰ সংখ্যা মুছলমানতকৈ হ্ৰাস হ’ব৷ সেই সময়ত ইউৰোপত মুছলিম ধৰ্মাৱলম্বী হ’ব মুঠ জনসংখ্যাৰ ১০ শতাংশ৷ উল্লেখ্য, কেৱল এছিয়াৰ ২৬খন দেশত ৰাষ্ট্ৰীয় ধৰ্ম ইছলাম৷