Logo
image

নিৰ্যাতিতা মল্লযোদ্ধাৰ ‘মন কী বাত’ নুশুনে বিজেপি চৰকাৰে

আমাৰ অসম, ১ মে': বিজেপি চৰকাৰে নুশুনে দেশৰ নিৰ্যাতিতা তাৰকা মহিলা মল্লযোদ্ধাৰ মন কী বাত৷ ভাৰতীয় ৰেছলিং ফেডাৰেছনৰ অধ্যক্ষ ব্ৰীজভূষণ চাৰণ সিঙৰ বিৰুদ্ধে এতিয়াও কেন্দ্ৰীয় চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অলিম্পিকৰ পদ বিজয়ী মল্লযোদ্ধা বজৰং পুনিয়াই দেওবাৰে এই মন্তব্য কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশে-বিদেশে কোটি কোটি শ্ৰোতাই শুনাকৈ তেওঁৰ শততম মন কী বাতত ভাষণ দিয়াৰ দিনটোতে দেশৰ তাৰকা মল্লযোদ্ধা বজৰং পুনিয়াই কৰা এই মন্তব্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশত মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতন চলোৱা ফেডাৰেছনৰ সভাপতি তথা বিজেপিৰ সাংসদ ব্ৰীজভূষণৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে বাধ্যত পৰি দুটাকৈ যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰিলেও  দেওবাৰ পৰ্যন্ত তেওঁক গ্ৰেপ্তাৰ কৰা দূৰৰে কথা আৰক্ষীয়ে সোধা-পোছা কৰিবলৈকো সাহস গোটাব পৰা নাই৷

বিজেপি চৰকাৰে ৰক্ষণাবেক্ষণ দি থকাৰ বাবেই আৰক্ষী তেওঁৰ কাষ চাপিব পৰা নাই৷ দেশৰ তাৰকা মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতন কৰা ভাৰতীয় ৰেছলিং ফেডাৰেশ্বনৰ সভাপতি তথা বিজেপিৰ সাংসদ ব্ৰীজভূষণ চাৰণ সিঙে ইপিনে শনিবাৰেই তেওঁৰ বিৰুদ্ধে চলি থকা আন্দোলন কংগ্ৰেছ দলৰ প্ৰৰোচনাত হোৱা বুলি অভিযোগ তুলিছিল আৰু সাংসদৰ দায়িত্বৰ পৰা কোনোপধ্যে পদত্যাগ নকৰে বুলি ঘোষণা কৰিছিল৷ আজিও তেওঁ সেই স্থিতিত মোদী চৰকাৰৰ পৰা সাহস পায়েই অটল হৈ আছে৷ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশত শুকুৰবাৰে নিশা অভিযুক্ত ব্ৰীজভূষণৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে পক্‌ছ’ আৰু শ্লীলতাহানিৰ অভিযোগত যৌন নিৰ্যাতনৰ দুটা গোচৰ ৰুজু কৰে৷ বিজেপিৰ সাংসদজনে পুনৰ কয় যে তেওঁৰ বিৰুদ্ধে হ’বলগীয়া তদন্তৰ মুখামুখি হ’বলৈ সাঁজু, কিন্তু তেওঁ সাংসদ পদৰ পৰা পদত্যাগ নকৰে৷ 

শনিবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে যন্তৰ মন্তৰত আন্দোলনৰত মহিলা মল্লযোদ্ধাসকলক সাক্ষাৎ কৰি তেওঁলোকৰ আন্দোলনলৈ সমৰ্থন জনোৱাৰ লগে লগে বিগত ৬দিন ধৰি নীৰৱে থকা সত্ত্বেও শনিবাৰে বিয়লি বিজেপি সাংসদ ব্ৰীজভূষণে এই আন্দোলন কংগ্ৰেছৰ সমৰ্থনপুষ্ট বুলি অভিযোগ কৰে৷ শনিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও আন্দোলনকাৰীক সাক্ষাৎ কৰি তেওঁলোকৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছিল৷ কেজৰিৱালে যৌন নিৰ্যাতনকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলি যন্তৰ-মন্তৰৰ আন্দোলনস্থলীতে মন্তব্য কৰিছিল৷ ইপিনে, আন্দোলনকাৰীসকলে ব্ৰীজভূষণ চাৰণ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু হ’লেও আন্দোলন প্ৰত্যাহাৰ নকৰে বুলি দেওবাৰে পুনৰ ঘোষণা কৰিছে৷ তেওঁলোকে ৰেছলিং ফেডাৰেশ্বনৰ সকলো পদৰ পৰা ব্ৰীজভূষণৰ পদত্যাগ আৰু গ্ৰেপ্তাৰৰ দাবীত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিছে৷ উল্লেখ্য, ৫ বাৰকৈ বিজেপি আৰু এবাৰ সমাজবাদী পাৰ্টীৰ পৰা লোকসভাৰ সাংসদ হোৱা ব্ৰীজভূষণ বিগত ১২ বছৰ ধৰি ভাৰতীয় ৰেছলিং ফেডাৰেশ্বনৰ সভাপতি হৈ আছে৷

তাৰকা মল্লযোদ্ধা বজৰং পুনিয়াই বিজেপি চৰকাৰে যৌন নিৰ্যাতিতা মহিলা মল্লযোদ্ধাৰ মন কী বাত নুশুনে বুলি মন্তব্য কৰাৰ দিনাই পুনৰ ব্ৰীজভূষণ চাৰণ সিঙে এই আন্দোলন ৰাজনৈতিক  উদ্দেশ্যপ্ৰণোদিত বুলি পুনৰ মন্তব্য কৰিছে৷ তেওঁৰ মতে এয়া খেলুৱৈৰ আন্দোলন নহয়৷ এয়া  ৰাজনৈতিক দলৰ বিজেপিৰ বিৰুদ্ধে আন্দোলন৷ এনে মন্তব্যৰে বিজেপিৰ সাংসদ তথা ফেডাৰেছনৰ সভাপতিজনে নিৰ্যাতিতা খেলুৱৈৰ আন্দোলনটোক ৰাজনৈতিক ৰং সানি দিছে৷ উল্লেখ্য বাহুৱলী সাংসদ ব্ৰীজভূষণ বিভিন্ন অপৰাধত অভিযুক্ত৷ বাবৰি মছজিদ ধবংসৰ সময়ত তেওঁ প্ৰথমেই মছজিদত কোব মাৰিছিল বুলি নিজেই সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল৷ মাফিয়া ডন ডাউদ ইব্ৰাহিমৰ পৰা সহায় লোৱা ব্ৰীজভূষণে ৰাষ্ট্ৰীয় টেলিভিছনত তেওঁ এটা হত্যাকাণ্ড ঘটোৱা বুলিও সাক্ষাৎকাৰ দিছিল৷