
বিজ্ঞানমনস্ক অসম আৰু অসম বিজ্ঞান সমিতি
সুস্থ চিন্তা, যুক্তিপূৰ্ণ বিশ্লেষণ আৰু বৈজ্ঞানিক মানসিকতাই এক সুস্থ পৰম্পৰাৰ জন্ম দি একোখন প্ৰগতিশীল সমাজৰ ধবজাবাহক হ’ব পাৰে৷ একোখন সমাজৰ প্ৰগতি আৰু বিকাশত জনসাধাৰণৰ মানসিকতাই বিশেষ প্ৰভাৱ পেলায়৷ কিন্তু সময়ে সময়ে কিছুমান অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ আগ্ৰাসনে সমাজখনক আদিমতাৰ চৰম সীমালৈ লৈ যায়৷ আধুনিক বিজ্ঞানৰ স্পষ্ট ব্যাখ্যা থকা সত্ত্বেও অন্ধবিশ্বাসৰ অন্যতম কিছুমান উৎস উন্নয়নশীল সমাজৰ বাবে অন্তৰায় হৈ পৰে৷ এনে এক সময়ত সুস্থ চিন্তাধাৰা আৰু যুক্তিপূৰ্ণ বিশ্লেষণেৰে দেশৰ বিজ্ঞানমনস্ক লোকসকলে সমাজখনক সঠিক দিশত পথ প্ৰদৰ্শন কৰাটো দায়িত্ব৷ এইক্ষেত্ৰত দেশ বা ৰাজ্যৰ বৌদ্ধিকসমাজৰ ভূমিকা উল্লেখনীয় হোৱাটো বাঞ্ছনীয়৷ অসমৰ ক্ষেত্ৰত জাতিটোক অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পিটনিৰ পৰা উদ্ধাৰৰ উদ্দেশ্যে স্বৰাজোত্তৰ অসমত প্ৰতিষ্ঠা হৈছিল অসম বিজ্ঞান সমিতি৷ স্বৰাজোত্তৰ কালৰ অসমৰ বিজ্ঞান চৰ্চাৰ ইতিহাস পৰ্যালোচনা কৰিবলৈ গ’লে প্ৰথমেই নাম ল’ব লাগিব অসম বিজ্ঞান সমিতিৰ৷ বৈজ্ঞানিক গৱেষণা, বিজ্ঞান সাহিত্যৰ চৰ্চা আৰু সমাজত বৈজ্ঞানিক সজাগতাৰ ক্ষেত্ৰত অসম বিজ্ঞান সমিতিৰ নিৰলস প্ৰচেষ্টাই অসমৰ বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰখনক নিৰন্তৰ সমৃদ্ধ কৰি আহিছে৷ কেইজনমান বিজ্ঞানমনস্ক গুণী-জ্ঞানী ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত ১৯৫৩ চনৰ ১৩ ফেব্ৰুৱাৰীত কটন কলেজ চৌহদত গুৱাহাটী বিজ্ঞান সমিতি নামেৰে জন্ম লোৱা অনুষ্ঠানটোৱেই পৰৱৰ্তী সময়ত [১৯৫৬ চনত] অসম বিজ্ঞান সমিতিৰূপে পৰিচিত হৈ পৰিছিল৷ জন্মলগ্নৰে পৰা ৰাজ্যত বিজ্ঞানমনস্কতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সমিতিৰ নিষ্ঠাৱান সদস্যসকলে কৰা ত্যাগ আৰু শ্ৰমক অসমৰ মানুহে আদৰি লৈছিল৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা সমিতিৰ শতাধিক শাখা আৰু কেইবাহাজাৰ বিজ্ঞানপ্ৰেমী সদস্যই এখন বিজ্ঞানমনস্ক সমাজ গঠনত স্বেচ্ছাই অৰিহণা যোগাই আহিছে৷ অসমৰ কেইবাটাও বিজ্ঞান শিক্ষা আৰু গৱেষণা কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত অসম বিজ্ঞান সমিতিৰ প্ৰচেষ্টা জড়িত হৈ আছিল৷ তাৰে ভিতৰত ইন্ষ্টিটিউট অৱ এডভাঞ্চড ষ্টাডী ইন ছায়েঞ্চ এণ্ড টেকন’লজী, আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী তাৰকা গৃহ অন্যতম৷ ৰাজ্যখনৰ বিভিন্ন সামাজিক সমস্যাক লৈ অসম বিজ্ঞান সমিতিয়ে সময়ে সময়ে নিজস্ব বিজ্ঞানসন্মত দৃষ্টিভংগী প্ৰকাশ কৰি জাতীয় দায়িত্ব পালন কৰি আহিছে৷ বিজ্ঞানক ছাত্ৰ-ছাত্ৰী আৰু সৰ্বসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত অসম বিজ্ঞান সমিতিয়ে ১৯৬১ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে প্ৰকাশ কৰি আহিছে জনপ্ৰিয় বিজ্ঞান আলোচনী ‘বিজ্ঞান জেউতি’৷ লগতে এতিয়ালৈকে প্ৰকাশ কৰিছে ডেৰশৰো অধিক গ্ৰন্থ৷ বিজ্ঞান জেউতিয়ে অসমীয়া বিজ্ঞান লেখক সৃষ্টিত গুৰুত্বপূৰ্ণ আৰু অগ্ৰণী ভূমিকা পালন কৰি আহিছে৷ সেইদৰে সমিতিৰ নেতৃত্বত ১৯৫৫ চনৰ পৰা প্ৰকাশ পাই অহা ‘দ্য জাৰ্নেল অৱ দ্য আছাম ছায়েঞ্চ ছ’চাইটী’খনেও অসমৰ বিজ্ঞান গৱেষণাৰ ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ অসম বিজ্ঞান সমিতিয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান শিক্ষাৰ প্ৰচাৰৰ ক্ষেত্ৰত সদায়েই মাতৃভাষাক গুৰুত্ব দি আহিছে৷ সমিতিৰ সকলো নথিপত্ৰৰ লগতে প্ৰকাশিত প্ৰায়বোৰ বিষয়েই মাতৃভাষাত প্ৰকাশ হয়৷
২৯ এপ্ৰিলৰ পৰা ২ মে’লৈ দুলীয়াজান মহাবিদ্যালয়ত অসম বিজ্ঞান সমিতিৰ ৫৪সংখ্যক বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হৈ আছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিজ্ঞানী আৰু বিজ্ঞানমনস্ক লোকেৰে ভৰি পৰিছে অসম বিজ্ঞান সমিতিৰ অধিৱেশন৷ সকলোৰে উদ্দেশ্য এটাই– অন্ধবিশ্বাস আৰু কুসংস্কাৰহীন এখন বিজ্ঞানমনস্ক অসম গঢ়িব লাগে৷ বিগত ৭০ বছৰে তেওঁলোকে নিৰলস প্ৰচেষ্টা চলাই আহিছে৷ কিন্তু তথাপি যেন অসম বিজ্ঞান সমিতি সম্পূৰ্ণ সফল নহয়৷ ডাইনী হত্যা, ম’হ যুঁজ, চৰাই যুঁজ, পশু বলিৰ নিচিনা মানসিকতাই সমগ্ৰ জাতিটোকে অতীজৰে পৰা বদনামী কৰি আহিছে৷ কিছুমান নিম্ন মানসিকতাৰ লোকৰ পাশৱিক উন্মাদনাৰ ওচৰত দেশ বা চৰকাৰে আজিও বহুক্ষেত্ৰত হাৰ মানিবলগীয়া হয়৷ আঠ হাজাৰ বছৰীয়া বৰ্ণিল ইতিহাসে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ যি শক্তিশালী ভেটি নিৰ্মাণ কৰি গৈছে, তাৰ পৰাই অনুমান কৰিব পাৰি যে আমি ভাৰতীয়সকল এক অভিজাত সংস্কৃতিৰ গৰাকী৷ খ্ৰীষ্টাব্দ চতুৰ্থ শতিকামানৰ পৰা লুইতৰ দুই কাষে গঢ় লৈ উঠা সভ্যতাই অসমবাসীকো এক সুন্দৰ সংস্কৃতিৱান পৰিৱেশৰ প্ৰতি অভ্যস্ত কৰি তোলে৷ পৰম্পৰা, বিশ্বাস আৰু সংস্কৃতি এই জাতিটোৰ জীৱনধাৰা৷ ৰীতি-নীতি, লোকবিশ্বাস আৰু পৰম্পৰাই যিদৰে জাতিটোৰ ধবজাবাহক হৈ থিয় দি আহিছে, তাৰ পৰিৱৰ্তে কিছুমান ৰীতি-নীতি আৰু লোকবিশ্বাসে কিন্তু কালক্ৰমত জাতিটোৰ সংকীৰ্ণ মানসিকতাৰ পৰিচায়কহে হৈ পৰিছে৷ যদিও বিজ্ঞান-প্ৰযুক্তিৰ নব্য নতুন আৱিষ্কাৰে মানুহক এটা আধুনিক আৰু সৰলীকৃত জীৱন যাপন উপহাৰ দিবলৈ চেষ্টা চলাই আহিছে, তথাপি কিন্তু কিছুমান কৌটিকলীয়া অবৈজ্ঞানিক চিন্তাধাৰাৰে পৰিচালিত হৈ আজিৰ সভ্য আৰু আধুনিক সমাজৰ কিছুমান লোকে নিজকে অন্ধবিশ্বাসৰ পিটনিত পুতি পেলাইছে৷ তদুপৰি গণতন্ত্ৰৰ নামত কিছুমান বৰ নীচ মানসিকতাৰ ব্যক্তিৰ ধৰ্মীয় উন্মাদনায়ো সকলোকে চিন্তিত কৰি তোলে৷ তথ্য-প্ৰযুক্তিৰে সমৃদ্ধ দেশত ধৰ্মীয় বিতৰ্কই কিদৰে শিৰোনাম দখল কৰিব পাৰে ভাবি আচৰিত লাগে৷ সেয়েহে সমাজক বিজ্ঞানমনস্ক কৰিব লাগিলে কেৱল অসম বিজ্ঞান সমিতিৰ একক প্ৰচেষ্টাই পৰ্যাপ্ত নহয়; বিজ্ঞানমনস্ক সমাজ অবিহনে আমি এখন প্ৰগতিশীল সমাজ কেতিয়াও পাব নোৱাৰোঁ৷ ৰাইজে এইক্ষেত্ৰত অসম বিজ্ঞান সমিতিক সহযোগিতা আগবঢ়োৱাটো সময়ৰ আহ্বান৷ অসম বিজ্ঞান সমিতিৰ আহ্বানত অসমৰ ৰাইজ যদি মাৰ বান্ধি বিজ্ঞানমনস্ক সমাজ গঢ়াৰ প্ৰতিজ্ঞা লৈ আগবাঢ়ি আহে, আমি নিশ্চয় এদিন এখন অতি উন্নত সমাজৰ বাসিন্দা হ’ব পাৰিম৷