Logo
image

লটাৰীৰ জৰিয়তে তৃতীয় বৰ্গৰ কৰ্মচাৰী নিযুক্তি

আমাৰ অসম, ২ মে': বিধানসভাৰ নিৰ্বাচনত বিজেপি দলে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে দ্বিতীয় বৰ্ষপূৰ্তিৰ দিনটোত ১ লাখ চৰকাৰী চাকৰিৰ লক্ষ্য পূৰণৰ বাবে সাজু হৈছে৷ সেই অনুসৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অন্য এক অভিলেখ ৰচনা কৰি ১১ মে’ৰ দিনটোত প্ৰায় ৫০ হাজাৰ নিবনুৱাৰ হাতত তুলি দিব নিযুক্তি পত্ৰ৷ চৰকাৰে নিযুক্তি প্ৰদান কৰিবলৈ সাজু হোৱা উক্ত পদসমূহত আছে তৃতীয়-চতুৰ্থ বৰ্গৰ প্ৰায় ২৬ হাজাৰ পদ৷ ৰাজ্য চৰকাৰে সুকীয়া নিযুক্তি আয়োগ গঠন কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহৰ ইতিমধ্যে পৰীক্ষা  অনুষ্ঠিত কৰিলে যদিও আয়োগৰ কাণ্ডজ্ঞানহীন কাৰ্যই এতিয়া সকলোৱে চকু কঁপালত তুলিছে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও তৃতীয় বৰ্গৰ লিখিত তথা মৌখিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক লটাৰী যোগেহে বিভাগ বিতৰণ কৰিব৷ অসম চৰকাৰত চাকৰিত  নোহোৱা-নোপজা কাৰ্য সংঘটিত কৰি লটাৰী যোগে বিভাগ বাছনি কৰিবলগীয়া হৈছে৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ লগতে স্বাস্থ্য বিভাগৰ পৰীক্ষাতো আবেদনৰ সময়তে প্ৰাৰ্থীসকলক বিভাগ বা পদ অগ্ৰাধিকাৰ ভিত্তিত চিহ্নিত কৰাৰ ব্যৱস্থা আছে৷ কিন্তু তৃতীয়-চতুৰ্থ বৰ্গৰ পদত ৰাজ্যিক নিযুক্তি আয়োগে আবেদনৰ সময়ত বা আবেদনৰ পাছতো বিভাগ তথা পদ অগ্ৰাধিকাৰক কোনো ব্যৱস্থা নকৰি কেৱল শিক্ষাগত অৰ্হতাৰ ভিত্তিতহে আবেদনৰ সুযোগ দিছিল৷ নিযুক্তি আয়োগৰ এই অবিবেচক কাৰ্যৰ বাবেই এতিয়া লটাৰী যোগে বাছনিকৃত প্ৰাৰ্থীক বিভাগ ভাগ-বটোৱাৰা কৰিবলৈ সাজু হৈছে৷ দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই তৃতীয় বৰ্গৰ পদসমূহৰ বাছনিকৃত প্ৰাৰ্থীসকলক ৯ মে’ লটাৰীযোগে বিভাগ বিতৰণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই পৰীক্ষাৰ্থীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ লটাৰীযোগে বিভাগ বিতৰণ কৰিলে অপচন্দ বিভাগতো যোগত্যা থকাৰ পাছতো চাকৰি কৰিব লাগিব বুলিও অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশ প্ৰাৰ্থীয়ে৷ আনকি এনে অবিবেচক কাৰ্যৰ বাবে অপচন্দ বিভাগত চাকৰি লাভ কৰিলে একাংশ প্ৰাৰ্থীয়ে পৰৱৰ্তী সময়ত যোগদানৰ পৰা বিৰত থকাৰ লগতে আধাতে চাকৰি ত্যাগ কৰাৰো আশংকা ঘণীভূত হৈ পৰিছে৷ আনকি লটাৰী যোগে বিভাগ বাছনি কৰিলেও ইয়াৰ পাছতো অভাৰলেপিং হোৱাৰ আশংকা প্ৰকাশ কৰিছে মেধাৱী প্ৰাৰ্থীয়ে৷ কিয়নো দেওবাৰে প্ৰকাশ পোৱা স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফলত একোজন প্ৰাৰ্থীয়ে ২৮-৩০টা পদত বাছনি লাভ কৰাৰ দৰে অবাঞ্চিত কাৰ্য সংঘটিত হৈছে৷ এনে প্ৰেক্ষাপটত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বৰ্ডে লটাৰী যোগে বিভাগ বিতৰণ কৰিলেও তৃতীয় বৰ্গৰ সাধাৰণ স্নাতক, স্নাতকসহ কম্পিউটাৰ ডিপ্লমা, উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ আৰু মেট্ৰিক উত্তীৰ্ণ এই চাৰিওটা পৰ্যায়তে বাছনিকৃত প্ৰাৰ্থীয়ে চাৰিটাকৈ পদত চাকৰি লাভ কৰাটো খাটাং৷ ফলত এই ব্যৱস্থাতো অভাৰলেপিঙৰ পূৰ্ণ আশংকা কৰা হৈছে৷ অভাৰলেপিং নোহোৱা কৰিবলৈ কতৃৰ্পক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া ৩ মে’ৰ ফলাফলৰ পাছতহে স্পষ্ট হ’ব৷ ইফালে লটাৰী যোগে তৃতীয় বৰ্গৰ পদৰ বিভাগ বিতৰণৰ কাৰ্যৰ বিৰোধিতা কৰিছে ডি ৱাই এফ আইৰ ৰাজ্যিক কমিটীয়ে৷ কমিটীৰ যুটীয়া সম্পাদক নিৰংকুশ নাথে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়–‘মুখ্যমন্ত্ৰীয়ে কৈছে তৃতীয় বৰ্গৰ পদৰ উত্তীৰ্ণসকলৰ বিভাগ প্ৰদান কৰা হ’ব লটাৰীযোগে৷ কোনো পূৰ্ব পৰিকল্পনা নথকাত লটাৰী নকৰি এতিয়া কি কৰিব চৰকাৰে৷ আবেদন পত্ৰ পূৰণ কৰাৰ সময়ত যদি অগ্ৰাধিকাৰ দি বিভাগ পচন্দ কৰাৰ সুবিধা ৰাখিলেহেঁতেন, তেনেহ’লে আজি লটাৰীৰ তুলাচনীৰে মেধা জুখিব লগাত নপৰিলেহেতেঁন৷

নিযুক্তি প্ৰক্ৰিয়াত বাঙালীসহ সংখ্যালঘু বঞ্চিত হ’লে ২০২৪ চনৰ নিৰ্বাচনত উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ’বঃ প্ৰদীপ দত্তৰয়

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধিঃ অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত বাঙালীসহ সংখ্যালঘু বঞ্চিত হ’লে ২০২৪ চনৰ নিৰ্বাচনত শাসকীয় দলে উপযুক্ত জবাব লাভ কৰিব৷ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ নিযুক্তি পৰীক্ষাৰ ফলাফল ৩ আৰু ৪ তাৰিখে ঘোষণা কৰা হ’ব আৰু ১১ তাৰিখে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৫০হাজাৰ প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব বুলি সদৰি কৰিছে৷  মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আদৰণি জনোৱাৰ উপৰিও বৰাক ডেম’ক্ৰেট্ৰিক ফ্ৰণ্ট্ৰে [বিডিএফ] এই নিযুক্তি প্ৰক্ৰিয়াত বাঙালীকে ধৰি সংখ্যালঘু লোকক অনৈতিকভাৱে বঞ্চিত কৰিলে ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাব৷ সোমবাৰে শিলচৰত এখন সংবাদ মেলত বিডিএফৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্তৰায়ে চৰকাৰক সকীয়াই দিয়ে৷ তেওঁ কয় যে, বিগত ৪০হাজাৰ পদত বাঙালীকে ধৰি সংখ্যালঘু লোকৰ সংখ্যা নগণ্য৷  কিন্তু ৰাজ্যখনৰ তিনি কোটি ত্ৰিছ লক্ষ জনসংখ্যাৰ ভিতৰত বাংলাভাষীৰ সংখ্যা এক কোটিতকৈও অধিক৷ তদুপৰি, তেওঁলোকৰ প্ৰতিভাও আছে৷  গতিকে জনসংখ্যা অনুপাতে পৰৱৰ্তী ৫০ হাজাৰ পদৰ ভিতৰত অন্ততঃ ১৫ হাজাৰ বাঙালী প্ৰাৰ্থীৰ নাম চূড়ান্ত তালিকাত স্থান দিব লাগে৷  প্ৰদীপ দত্তৰয়ে কয় যে, বৰ্তমান বৰাক উপত্যকাত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা চাৰি লাখৰো অধিক৷  গতিকে পৰৱৰ্তী তালিকাত বৰাকৰ বৃহৎসংখ্যক প্ৰাৰ্থীকো অন্তৰ্ভুক্ত কৰা উচিত৷  তেওঁ কয় যে, এইবাৰ বাঙালীকে ধৰি সংখ্যালঘুৰ বিৰুদ্ধে কোনোধৰণৰ বৈষম্য হ’ব নালাগে৷  এই সন্দৰ্ভত তেওঁ নৱগঠিত বাংলা সাহিত্য সভা, অসমৰ বিষয়াসকলক মাত মাতিবলৈ আহ্বান জনায়৷  লগতে তেওঁ কয় যে, সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰো এইক্ষেত্ৰত দায়িত্ব আছে৷  যিহেতু এইজন বিধায়কে সদায় হিন্দু-বাঙালীক মেৰুকৰণ কৰি আহিছে, গতিকে এইবাৰ ৰাজ্যত হিন্দু-বাঙালীৰ বাবে চাকৰিৰ ব্যৱস্থা কৰি হিন্দু মৰম দেখুৱাব লাগে৷ বিডিএফৰ মুখ্য আহ্বায়কে বৰাকৰ সকলো বিধায়ক আৰু সাংসদক এই বিষয়ত মাত মাতিবলৈ আহ্বান জনায়৷  লগতে তেওঁ কয় যে, বহু হিন্দু বাঙালী যুৱক আৰ এছ এছ, বজৰংগ দল, বা বিশ্ব হিন্দু পৰিষদৰ দৰে সংগঠনৰ সৈতে জড়িত, কিন্তু আজিলৈকে এই সংগঠনসমূহৰ কোনো বক্তব্য বাঙালীৰ দাবীৰ বাবে দেখা পোৱা নাই৷  ৰাজ্যখনৰ হিন্দু বাঙালীসকলৰ প্ৰতি যদি সঁচা অৰ্থত সহানুভূতিশীল, তেন্তে আগন্তুক নিযুক্তি প্ৰক্ৰিয়াত বাঙালী হিন্দুসকলৰ বিৰুদ্ধে যাতে বৈষম্য নঘটে সেয়া তেওঁলোকৰ দায়িত্ব৷  একেদৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাঙালী সংগঠনসমূহক এইক্ষেত্ৰত দাবী উত্থাপন কৰিবলৈ আহ্বান জনায় তেওঁ৷ দত্তৰয়ে কয় যে, আগন্তুক নিযুক্তি প্ৰক্ৰিয়াত কিমান বাঙালীয়ে চাকৰি পায় তাৰ ওপৰত ভিত্তি কৰি ২০২৪ চনৰ নিৰ্বাচনত এই ৰাজ্যৰ বাঙালীসকলে কোনটো দলক ভোট দিব সেইটো সিদ্ধান্ত লোৱা হ’ব৷  এই সন্দৰ্ভত তেওঁ ৰাজ্যৰ সকলো বাঙালীক একত্ৰিত হ’বলৈ আহ্বান জনায়৷  বিডিএফৰ মিডিয়া চেলৰ আহ্বায়ক হৃষিকেশ দেয়ে কয় যে, মুখ্যমন্ত্ৰীয়ে নিজেই শিলচৰত কৈছিল যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাথমিক তালিকাত বৰাক উপত্যকাৰ বহু প্ৰাৰ্থীৰ নাম আছে৷  কিন্তু তেওঁলোকে বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছতো বৰাকৰ জিলাভিত্তিক তালিকা প্ৰকাশ নকৰিলে৷  বাধ্যতামূলকভাৱে এই সন্দৰ্ভত মুখ্য তথ্য বিষয়াৰ ওচৰত আৰ টি আইৰ আবেদন দাখিল কৰা হয় আৰু পাছত তেওঁ ছেবা ব’ৰ্ডৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে৷  শেহতীয়াকৈ সেৱা ব’ৰ্ডৰ বিষয়াজনে পত্ৰযোগে জনাইছে যে চূড়ান্ত ফলাফল ওলোৱালৈকে এই তালিকা দিব নোৱাৰিব৷  হৃষিকেশে কয় যে, যদি তেনেকুৱা হয়, তেন্তে কি ভিত্তিত মুখ্যমন্ত্ৰীয়ে বৰাকৰ প্ৰাৰ্থীৰ নাম তালিকাত আছে বুলি জোৰ দি কৈছিল?  কোনে সঁচা কথা কৈছে সেয়া বুজিবলৈ টান৷  সেয়ে মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰৰ পৰাও জিলাভিত্তিক নিযুক্তি তালিকাখন ভৱিষ্যতে সংবাদ মাধ্যমত প্ৰকাশ কৰিবলৈ দাবী জনায় তেওঁ৷