Logo
image

তুৰ্কীৰ চোৰাংচোৱাই হত্যা কৰিলে আইছিছৰ মুৰব্বীক

আমাৰ অসম, ২ মে': বিশ্বৰ নৃশংস সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট বা আইছিছৰ সাম্প্ৰতিক মুৰব্বী আবু হুছেইন আল-কুৰেছি তুৰস্কৰ সেনাবাহিনীৰ ভয়ংকৰ অভিযানত নিধন হৈছে৷ আইছিছৰ মুৰব্বী আবু হুছেইনক তুৰস্কই ছিৰিয়াত গোপন অভিযানৰ জৰিয়তে নিহত কৰা বুলি তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এডোৱাৰ্ডে দাবী কৰিছে৷ তুৰস্কৰ ৰাষ্ট্ৰপতিৰ এই ঘোষণাৰ পাছতে পশ্চিম এছিয়াৰ উপৰি সমগ্ৰ বিশ্বতে তোলপাৰ লাগিছে৷ তুৰস্কৰ এই ঘোষণাৰ সত্যতা থকা বুলি বিশ্বৰ আগশাৰীৰ সংবাদ মাধ্যমে স্বীকাৰ কৰিছে৷ কিয়নো তুৰস্কৰ ৰাষ্ট্ৰপতিয়ে এটা টেলিভিছন সাক্ষাৎকাৰত এই দাবী কৰিছে৷ কোনো অসমৰ্থিত সূত্ৰৰ বাতৰি নহয়, বৰং এখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে দায়িত্ব সহকাৰে কৰা মন্তব্যৰ বাবেই আইছিছৰ সাম্প্ৰতিক মুৰব্বী নিহত হোৱা বুলি বিভিন্ন পক্ষ একপ্ৰকাৰ নিশ্চিত হৈছে৷ তুৰস্কৰ ৰাষ্ট্ৰপতিয়ে টিভিৰ সাক্ষাৎকাৰটোত কয় যে, প্ৰতিৱেশী ৰাষ্ট্ৰছিৰিয়াত প্ৰৱেশ কৰি তুৰস্কৰ সেনাবাহিনীয়ে আইছিছৰ মুৰব্বী আবু হুছেইনক শুকুৰবাৰে হত্যা কৰে৷ তেওঁ দাবী কৰা অনুসৰি দীৰ্ঘদিনৰ পৰা তুৰস্কৰ চোৰাংচোৱা বিভাগে আবু হুছেইনৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি আছিল৷ সেই তথ্যৰ ওপৰত ভিত্তি কৰি তুৰস্কৰ সেনাবাহিনীয়ে আবু হুছেইনক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰে৷ তেওঁৰ গতিবিধিৰ ওপৰত চকু ৰাখি তুৰস্কৰ সেনাবাহিনীয়ে শুকুৰবাৰে আবু হুছেইনৰ ঘাঁটিত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰি আইছিছৰ মুৰব্বীজনক পৃথিৱীৰ পৰা চিৰবিদায় দিয়ে৷ ইপিনে ছিৰিয়াৰ প্ৰশাসনেও তুৰস্কৰ সেনাবাহিনীয়ে চলোৱা এই অভিযানৰ কথা স্বীকাৰ কৰিছে৷ গৃহযুদ্ধত বিধবস্ত দেশখনৰ প্ৰশাসনে জনোৱা অনুসৰি উত্তৰ ছিৰিয়াৰ জাণ্ডাৰি নামৰ অঞ্চলত এই গোপন আৰু বিশেষ অভিযান চলায় তুৰস্কৰ সেনাবাহিনীয়ে৷ এই অঞ্চলটো বহুদিনৰ পৰা তুৰস্কৰ প্ৰভাৱিত বিদ্ৰোহী গোষ্ঠীৰ নিয়ন্ত্ৰণত আছিল৷ সেয়ে তুৰস্কৰ সেনাবাহিনীৰ বাবে জাণ্ডাৰিত অভিযান চলোৱা সহজ হৈছিল৷ অঞ্চলটোৰ বিদ্ৰোহী প্ৰভাৱিত সাধাৰণ প্ৰশাসনে এই তথ্য মানি ল’লেও ছিৰিয়াৰ সেনাবাহিনী আৰু চোৰাংচোৱা তথা আইছিছৰ পক্ষৰ পৰা এতিয়াও এই সন্দৰ্ভত কোনো মন্তব্য কৰা হোৱা নাই৷ এই তিনিটা গুৰুত্বপূৰ্ণ পক্ষই কোনো তথ্য স্বীকাৰ নকৰাৰ বাবে তুৰস্কৰ ৰাষ্ট্ৰপতিয়ে কৰা ঘোষণাৰ ক্ষেত্ৰত কিছুপৰিমাণে সন্দেহ থাকি গৈছে৷ উল্লেখ্য ২০২২ চনত আইছিছৰ মুৰব্বী হিচাপে আবু হুছেইনক দায়িত্ব প্ৰদান কৰা হৈছিল৷ ২০১৪ চনৰ পাছত আইছিছৰ তেতিয়াৰ নৃশংসতম মুৰব্বী আবু বক্কৰ বাগদাদীৰ নেতৃত্বত আইছিছে  প্ৰায় সমগ্ৰ ছিৰিয়া আৰু ইৰাকৰ অদ্ধেৰ্কতকৈ বেছি অংশ অধিকাৰ কৰি লৈছিল৷ কিন্তু বাগদাদী নিহত হোৱাৰ পাছৰ পৰা ক্ৰমাৎ আইছিছৰ প্ৰভাৱ হ্ৰাস পাবলৈ ধৰে৷