Logo
image

এইবাৰ কৰ্ণাটক কাৰ; মুখ্যমন্ত্ৰী হ’ব কোন?

আমাৰ অসম, ৪মে': কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটযুদ্ধলৈ মাজত মাত্ৰ এটা সপ্তাহ বাকী থকা অৱস্থাত চৰ্চা হৈছে কোনে দখল কৰিব কৰ্ণাটক, কোন হ’ব পচন্দৰ মুখ্যমন্ত্ৰী৷ সমীক্ষা অনুসৰি কৰ্ণাটকৰ ৫৯ শতাংশ ভোটদাতাই বিজেপিক দুৰ্নীতিগ্ৰস্ত দল হিচাপে চিহ্নিত কৰিছে৷ ৩৫ শতাংশ ভোটাৰৰ মতে কংগ্ৰেছ দল সকলোতকৈ ভ্ৰষ্ট দল৷ আনহাতে, ৩ শতাংশ ভোটাৰৰ  মতে জেডি[এছ] সকলোতকৈ দুৰ্নীতিগ্ৰস্ত দল৷ একেদৰে মুখ্যমন্ত্ৰী হিচাপে চৰ্চালৈ আহিছে চাৰিখন মুখ৷ সেইকেইখন হৈছে সিদ্দাৰামাইয়া বোম্মাই , কুমাৰস্বামী আৰু শিৱকুমাৰ৷ এনডি টিভি আৰু লোকনীতি চেণ্টাৰ ফৰ দ্যা ষ্টাডি অফ ডেভেলপিঙৰ সমীক্ষা অনুসৰি কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ভোটাৰৰ পচন্দৰ শীৰ্ষত আছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা সিদ্দাৰামাইয়া৷ কৰ্ণাটকৰ প্ৰায় ৪০ শতাংশ ভোটাৰে বৰ্তমানৰ বিৰোধী দলপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াক পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে৷ বৰ্তমান মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বাসৱৰাজ বোম্মাই আছে দ্বিতীয় স্থানত৷ বোম্মাইক  ২২ শতাংশ ভোটাৰে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে৷ ১৫ শতাংশ ভোটাৰে মুখ্যমন্ত্ৰী হিচাপে পচন্দ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেডি[এছ]ৰ নেতা এইচ ডি কুমাৰস্বামীক৷ আনহাতে, সমীক্ষাত একেবাৰে চতুৰ্থ স্থানত আছে কংগ্ৰেছৰ সভাপতি ডিকে শিৱকুমাৰ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বিএছ য়েডিয়ুৰাপ্পা৷ একেটা সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাৰ বাবে কংগ্ৰেছেই উপযুক্ত দল৷ এই ক্ষেত্ৰত বিজেপিৰ প্ৰতি ৩৪ শতাংশ আৰু জেডি[এছ]ৰ প্ৰতি ১৪ শতাংশ ভোটাৰৰ সমৰ্থন আছে৷