Logo
image

হোৱাট্‌ছএপৰ নতুন আপডেট স্থগিত

আমাৰ অসম, ১৭ জানুৱাৰীঃ ব্যক্তিগত গোপনীয়তা বিধি সম্পৰ্কীয় পৰিৱৰ্তনক লৈ বিশ্বজুৰি বিপৰ্যস্ত মেছেজিং এপ্লিকেশ্বন হোৱাটছএপ৷ সংস্থাটোৱে এই পৰিৱৰ্তন সাধন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিও বিশ্বজুৰি বিভ্ৰান্তি সৃষ্টি হোৱা বাবে শেষ মুহূৰ্তত পৰিৱৰ্তন বন্ধ ৰাখিবলৈ বাধ্য হৈছে৷ ‘ডাটা শ্বেয়াৰিং’ সম্পৰ্কীয় আপডেট কৰিবলৈ আগবাঢ়িছিল হোৱাটছএপ৷ কিন্তু সাময়িকভাৱে  তেওঁলোকৰ সেই পদক্ষেপ এতিয়া বন্ধ ৰখা হৈছে৷ গ্ৰাহকৰ ডাটা শ্বেয়াৰিং সংক্ৰান্তীয় আপডেট গ্ৰহণৰ শেষ সময়সীমা আছিল ৮ ফেব্ৰুৱাৰী৷ ফেচবুকৰ সৈতে একে মালিকানাধীন হোৱাটছএপ সংস্থাৰ শীৰ্ষ বিষয়ববীয়াই জনাইছে যে বিশ্বজুৰি বৃহৎসংখ্যক গ্ৰাহকৰ মাজত ব্যক্তিগত গোপনীয়তা আৰু তাৰ নিৰাপত্তা সম্পৰ্কীয় বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ বাবেই তেওঁলোকে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ স্থগিত ৰাখিছে৷ অহা ১৫ মে’ত হোৱাটছএপৰ নতুন ‘অপচন’ অহাৰ পূৰ্বে লাহে-ধীৰে সংস্থাটোৱে ব্যক্তিগত গোপনীয়তা বিধিৰ পৰিৱৰ্তন সাধন কৰিব৷ মূলতঃ যি বিষয় লৈ হোৱাটছএপৰ ক্ষেত্ৰত বিভ্ৰান্তি সৃষ্টি হৈছে সেয়া হ’ল– ব্যৱহাৰকাৰীৰ চেটিং সম্বন্ধীয় সকলো তথ্য ফেচবুকৰ সৈতে হোৱাটছএপে শ্বেয়াৰ কৰিব বুলি প্ৰচাৰ হৈছে৷ কিন্তু হোৱাটছএপ কতৃৰ্পক্ষই সেই অভিযোগ অস্বীকাৰ কৰিছে৷ উল্লেখ্য, হোৱাটএপত এজন গ্ৰাহকে তেওঁৰ ব্যক্তিগত সকলো তথ্য দাখিল নকৰিলেও হয়৷ ইয়াৰ বিপৰীতে ফেচবুকত স্বাভাৱিকভাৱে গ্ৰাহকসকলে নিজৰ তথ্য শ্বেয়াৰ কৰে৷ চৰ্চা অনুসৰি ফেচবুকৰ পৰা গ্ৰাহকৰ তথ্য হোৱাটছএপে শ্বেয়াৰ কৰিব৷ এই খবৰ বিশ্বজুৰি প্ৰকাশ পোৱাৰ পাছতে হোৱাটছএপ কতৃৰ্পক্ষৰ ওপৰত তীব্ৰ হেঁচাৰ সৃষ্টি হয়৷ নতুনকৈ সাল-সলনি কৰিবলগীয়া ব্যক্তিগত গোপনীয়তা বিধিও এই কাৰ্যৰে অংশ বুলিও প্ৰকাশ পাইছিল৷ ইয়াৰ ফলতে হোৱাটছএপৰ ওপৰত চাপ ক্ৰমাৎ বাঢ়িবলৈ ধৰে আৰু গ্ৰাহকৰ অসন্তুষ্টি দেখি অৱশেষত তেওঁলোকে ব্যক্তিগত গোপনীয়তা নীতিৰ পৰিৱৰ্তনৰ সিদ্ধান্ত স্থগিত ৰাখে৷