বুদ্ধিজীৱীৰ অপ্ৰত্যাশিত ভূমিকা
দেশ তথা সমাজৰ প্ৰগতি আৰু বিকাশৰ ক্ষেত্ৰত বুদ্ধিজীৱীসকলে প্ৰাচীন কালৰে পৰা গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷ তেওঁলোকৰ মতাদৰ্শই সমাজক এক বিশেষ মাত্ৰা প্ৰদান কৰাত অৰিহণা যোগায়৷ ভাৰত তথা অসমৰ বেলিকাও প্ৰাচীন কালৰে পৰা দেশ চলোৱাত বুদ্ধিজীৱীৰ ভূমিকা অপৰিসীম৷ চাণক্য, পাণিনি, আৰ্যভট্ট আদি মহান পণ্ডিতৰ আদৰ্শ, বিজ্ঞান আৰু দৰ্শনেৰে সমৃদ্ধ ভাৰতীয় সংস্কৃতি৷ কিন্তু আজি কিছু বছৰৰ পৰা লক্ষ্য কৰা যায় যে ভাৰতৰ বৌদ্ধিক শিবিৰ দুটা সুস্পষ্ট মেৰুত থিয় হৈ নিজৰ মতাদৰ্শক প্ৰতিষ্ঠাৰ প্ৰতিযোগিতাত নামি পৰিছে৷ বৰ্তমানৰ সমাজখনে সুস্থ বৌদ্ধিক বিতৰ্কৰ দৈন্যত ভোগা যেন অনুমান হয়৷ ছ’চিয়েল মিডিয়াত মতান্তৰক ব্যক্তিগত আখেজা-আখেজিৰ ৰূপ দি এচাম লোকে একোটা বৌদ্ধিক আলোচনাক যিদৰে আগুৱাই নিয়া পৰিলক্ষিত হয়, তাক দেখি প্ৰশ্ন হয়– বৰ্তমান সমাজৰ তথাকথিত সচেতন লোকসকল আচলতে দেশ আৰু জাতিৰ প্ৰতি কিমান দায়িত্বশীল? কিছুমান ব্যক্তিৰ ধৰ্মীয় উন্মাদনাবোৰে সমাজৰ সাম্যবাদী লোকসকলক চিন্তিত কৰি তোলে৷ সকলোৱে ভাবিছিল যে নৰেন্দ্ৰ মোদীৰ দৰে এজন প্ৰশাসকৰ এখন পৰিৱৰ্তিত চৰকাৰে দেশক প্ৰগতিৰ পথত আগুৱাই লৈ যাব আৰু দেশৰ সমূহ জনগণে এই প্ৰগতিৰ অংশীদাৰী ভূমিকা পালন কৰিব৷ কিন্তু অতিকে দুৰ্ভাগ্যজনকভাৱে ৰাজনৈতিক অনি(য়তাত ভোগা কিছুমান সুবিধাবাদীয়ে দেশৰ জনসাধাৰণক আদৰ্শগতভাৱে দুটা বিপৰীতপন্থী মেৰুত অৱস্থান কৰাবলৈ উঠিপৰি লাগিল৷ স্বাৰ্থান্বেষী ৰাজনৈতিক শিয়ানসকলৰ কথাতো বাদেই দিলোঁ, এই প্ৰচেষ্টাত হাত উজান দিলে ভৱিষ্যৎ সমাজৰ দিক নিৰ্ণায়ক বহুসংখ্যক গণ্য-মান্য লেখক আৰু বুদ্ধিজীৱীয়ে৷ কিছুদিনৰ পৰা বৌদ্ধিক বিতৰ্কৰ পৃষ্ঠা মেলিলে এটা কথাই অনুভৱ কৰিব পাৰি যে সোঁপন্থী আৰু হিন্দুত্ববাদীসকল বিজেপি আৰু বাঁওপন্থী বা মাক্সৰ্বাদীসকল কংগ্ৰেছ৷ ইয়াৰ বাহিৰে যেন বিতৰ্কবোৰৰ আন কোনো লক্ষ্য-উদ্দেশ্য নাই৷ তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি কিছুমান অল্পশিক্ষিতই ছ’চিয়েল মিডিয়াত মাক্সৰ্ আৰু হিন্দুত্বক যিদৰে বিশ্লেষিত কৰিবলৈ ধৰিলে, তাকে দেখি বহুতৰ মনত চাগৈ প্ৰশ্ন হয়– ‘মাক্সৰ্বাদ’ আৰু ‘হিন্দুত্ববাদ’ সম্পূৰ্ণ বিপৰীত নেকি? মাক্সৰ্বাদ, পুঁজিবাদ, হিন্দুত্ববাদ আদিৰ সঠিক আৰু সূক্ষ্ম বিশ্লেষণ কৰাৰ পৰিৱৰ্তে অসহিষ্ণু ব্যক্তিগত আক্ৰমণৰ জৰিয়তে এচামে নিজৰ যুক্তিক সবল কৰিবলৈ নিৰন্তৰ প্ৰয়াস কৰা পৰিলক্ষিত হয়৷ ‘গো মাংস’, ‘অসহিষ্ণুতা আদি বিষয়বোৰক বাণিজ্যিকীকৰণ কৰি প্ৰতিটো দলে নিজৰ নিজৰ প্ৰচাৰ কৰিছে ঠিকেই, কিন্তু এনে কৰ্মৰাজিত ভুক্তভোগী হৈছে সাধাৰণ জনতা৷ এই দুয়োটা মতবাদৰ মাজৰ অৰিয়া-অৰিয়ে সমাজৰ যিমান ক্ষতি কৰিব, তাতকৈ সুস্থ বৌদ্ধিক পৰ্যালোচনাৰে দুয়োটা মতবাদৰ ধনাত্মক দিশবোৰ নিৰ্বাসিত কৰিলে, সি প্ৰগতিশীল সমাজ এখনৰ ধবজাবাহক হ’লহেঁতেন৷ কিন্তু তাকে নকৰি বহু লোকৰ স্বদম্ভ বৌদ্ধিক স্থিতিয়ে উঠি অহা প্ৰজন্মক বিপথে পৰিচালিত কৰিছে৷ সেয়েহে এনেবোৰ ‘বাদী’ চিন্তাধাৰাৰ ঊধবৰ্লৈ আহি যুক্তিবাদী চিন্তাধাৰাৰে বাস্তৱৰ লগত ফেৰ মাৰিব পৰাকৈ সমাজখনক আগুৱাই নিবলৈ চেষ্টা কৰা ভাল৷ নিজৰ মতাদৰ্শক আকোৰগোজ মনোভাবেৰে প্ৰতিষ্ঠা কৰিব বিচৰাতকৈ বুদ্ধিজীৱীসকলে সমাজৰ বাস্তৱিক ছবিখন পৰ্যালোচনা কৰি দেশখনক দিক নিদৰ্শন কৰাটোহে সকলোৰে কাম্য৷






