Logo
image

প্ৰেছ ফ্ৰীডম ইন্‌ডেক্সত ১৬১সংখ্যক স্থানত ভাৰত

আমাৰ অসম, ৫মে': সংবাদ মাধ্যম আৰু সাংবাদিকৰ স্বাধীনতাৰ আন্তৰ্জাতিক সূচকত পুনৰ ভাৰতৰ অৱনতি৷ বুধবাৰে ‘সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস’ৰ দিনা ‘ৰিপ’টাৰ্ছ উইদাউট বৰ্ডাৰ্ছ’ নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা এটাই প্ৰকাশ কৰা তালিকাত ভাৰতে ১৮০খন দেশৰ ভিতৰত ১৬১সংখ্যক স্থান লাভ কৰিছে৷ যিটো স্বাধীন ভাৰতৰ ইতিহাসত সৰ্বনিম্ন বুলি বিবেচিত হৈছে৷ যোৱা বছৰ অৰ্থাৎ ২০২২ চনত এই তালিকাত ভাৰতৰ স্থান আছিল ১৫০৷ একেদৰে  ২০২১ চনতো ভাৰত তালিকাৰ ১৪২সংখ্যক স্থানত আছিল৷ কিন্তু চলিত বৰ্ষৰ তালিকাত ভাৰত সংবাদ মাধ্যম আৰু সাংবাদিকৰ স্বাধীনতাৰ ক্ষেত্ৰত পাকিস্তানৰো তলত আছে৷ স্বাধীনতাৰ পাছত ৪বাৰকৈ সেনাৰ শাসন চলা পাকিস্তানৰ নাম এই তালিকাৰ ১৫০সংখ্যক স্থানত উল্লেখ হৈছে৷ ইয়াৰ পূৰ্বে যোৱা বছৰ ১৫৭সংখ্যক স্থানত থকা দেশখনে এইবাৰ ৭টা ঢাপ আগবাঢ়িছে৷ ইয়াৰ বিপৰীতে ভাৰত ১১ ঢাপ তললৈ নামি আহে৷ ইপিনে তালিকাখনৰ শীৰ্ষৰ প্ৰথম তিনিটা স্থান দখল কৰিবলৈ সক্ষম হৈছে ক্ৰমে নৰ’ৱে আয়াৰলেণ্ড আৰু ডেনমাৰ্কে৷ সেইদৰে তালিকাৰে একেবাৰে শেষত উল্লেখ হৈছে ১৮০ সংখ্যক স্থানত উত্তৰ কোৰিয়া, ১৭৯সংখ্যক স্থানত চীন আৰু ১৭৮ সংখ্যক স্থানত ভিয়েটনামৰ নাম৷ 

তাৎপৰ্যপূৰ্ণ যে সাংবাদিকতাৰ স্বাধীনতাক কঠোৰ হাতেৰে দমন কৰিব বিচৰা আফগানিস্তানৰ দৰে দেশো এই তালিকাত ভাৰততকৈ বহু আগত আছে৷ ‘ৰিপ’টাৰ্ছ উইদাউট বৰ্ডাৰ্ছ’ৰ তালিকাত আফগানিস্তানৰ নাম উল্লেখ হৈছে ১৫২সংখ্যক স্থানত৷ একেদৰে ভূটান আৰু শ্ৰীলংকাও তালিকাখনত ভাৰততকৈ বহু আগত আছে৷ তালিকাত ভূটান আৰু শ্ৰীলংকাৰ নাম উল্লেখ হৈছে ক্ৰমে ৯০ আৰু ১৩৫ সংখ্যক স্থানত৷ 

ৰিপ’টাৰ্ছ উইদাউট ব’ৰ্ডাৰ্ছ’ নামৰ সংস্থাটোৰ মতে ভাৰতীয় সংবাদ মাধ্যমক এটা সময়তে নিৰপেক্ষ আৰু প্ৰগতিশীল ধাৰণা কৰা হৈছিল৷ কিন্তু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা ক্ৰমাৎ দেশখনত সাংবাদিকতাৰ ছবিখন সলনি হ’বলৈ আৰম্ভ কৰে৷ সংস্থাটোৰ মতে ভাৰতীয় আইনখন নীতিগতভাৱে সাংবাদিকৰ নিৰাপত্তাৰ সপক্ষে৷ কিন্তু কিছুদিনৰ পৰা মানহানি আদালত অৱমাননা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষতিসাধন কৰা সংক্ৰান্তীয় আইনসমূহ সাংবাদিকৰ বিৰুদ্ধে অপব্যৱহাৰ কৰা হৈছে৷ বিশেষকৈ চৰকাৰৰ কাম-কাজৰ সমালোচনা কৰিলেই সাংবাদিকসকলৰ কণ্ঠৰুদ্ধ কৰাৰ চেষ্টা কৰা হৈছে৷ যাৰ পৰিণতিত ভাৰতত সংবাদ মাধ্যম আৰু সাংবাদিকতাৰ স্বাধীনতাৰ আজি ব্যাপক হাৰত অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে৷