Logo
image

ৱাৰ্ড নিৰ্বাচন খেলিবলৈ সাহস নথকা পবিত্ৰ মাৰ্ঘেৰিটাৰ লুৰীণজ্যোতি গগৈক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাইঃ অজাপ

ডিজিটেল সংবাদ, গুৱাহাটীঃ "পবিত্ৰ মাৰ্ঘেৰিটা কোন? তেওঁ এ আই ইউ ডি এফৰ ভোট লৈ ৰাজ্যসভালৈ যোৱা সাংসদহে৷ নিজৰ মাৰ্ঘেৰিটা সমষ্টিত দলীয় টিকট লাভৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰি, হিমন্ত বিশ্ব শৰ্মাক তৈলমৰ্দন কৰি বক্ৰপথেৰে সাংসদ হৈছিল পবিত্ৰ মাৰ্ঘেৰিটা৷ নিজৰ সমষ্টিত ৱাৰ্ডৰ নিৰ্বাচন খেলিবলৈ সাহস গোটাব নোৱাৰা পবিত্ৰ মাৰ্ঘেৰিটাৰ লুৰীণজ্যোতি গগৈক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই"- এইদৰে কয় অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে। 

শুকুৰবাৰে দলৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয় যে লুৰীণজ্যোতি গগৈয়ে ক্ষমতাক প্ৰত্যাখ্যান কৰি জাতীয় দায়িত্ব পালনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে৷ পবিত্ৰ মাৰ্ঘেৰিটাৰ দৰে তৈলমৰ্দনৰ পথ লোৱা নাই৷ অসমত ১৯৮৫চনত প্ৰথম নিৰ্বাচন খেলা বিজেপিৰ ৮৫ৰ পৰা ২০১৬চনৰ আগলৈকে ৭০ শতাংশ বিজেপিৰ প্ৰাৰ্থীৰ আমানত বাজেয়াপ্ত হৈছিল৷ সেই ইতিহাস এবাৰ পবিত্ৰ মাৰ্ঘেৰিটাই মনত পেলোৱা উচিত৷ বিজেপিৰ নেতাসকলে নিজৰ গাত এবাৰ চিকুটি চাওক৷ পবিত্ৰ মাৰ্ঘেৰিটা বা পীয়ূষ হাজৰিকাৰ দৰে বিজেপিৰ নেতাসকলে নিৰ্দলীয় হৈ এবাৰ নিৰ্বাচন খেলি দেকুৱাওকচোন, চাওঁ কিমান ভোট পায়৷ তেওঁলোকে সাংসদ-মন্ত্ৰী হৈ আছে কাৰণেহে ৰাইজে নমস্কাৰ দিয়ে৷ নিৰাপত্তাৰক্ষীৰ বেষ্টনী এৰি এবাৰ গুৱাহাটীৰ জি এছ ৰোডত থিয় হৈ চাওকচোন৷ চাওঁ কেইজন মানুহে নমস্কাৰ দিয়ে৷ তেওঁলোকে জনা উচিত যে তেওঁলোকক ৰাইজে ভাল নাপায়৷ তেওঁলোক ৰাইজৰ অপ্ৰিয়পাত্ৰ ব্যক্তি৷