Logo
image

ক’ভিড আৰু বিপজ্জনক নহয়! বিশ্ব স্বাস্থ্য সংস্থা

আমাৰ অসম, ৬ মে’: বিগত প্ৰায় এবছৰ ধৰি বিশ্বই ক’ভিডৰ সেই ভয়ংকৰ সংহাৰ দেখা নাই৷ ২০১৯ চনত একেবাৰে শেষত চীনত আৰম্ভ হোৱা এই ক’ভিডে মহামাৰীৰ ৰূপ লৈ পৰৱত¹ প্ৰায় আঢ়ৈটা বছৰত সমগ্ৰ বিশ্বত ৭০ লাখৰো অধিক লোকৰ প্ৰাণ সংহাৰ কৰিলে৷ ক’ভিড অতিমাৰীয়ে ভাৰততো প্ৰাণ কাঢ়ি নিলে ৫লক্ষাধিক লোকৰ৷  পিছে ২০২২ চনৰ মধ্যৱৰ্তী সময়ৰ পৰা লাহে লাহে ক’ভিডৰ প্ৰকোপ আৰু সংহাৰৰ মাত্ৰা বিশ্বজুৰি হ্ৰাস পাই আহিল৷ ক’ভিডৰ অস্তিত্ব এতিয়াও বিশ্বত শেষ হোৱা নাই৷     

কিন্তু ক’ভিড এতিয়া আৰু সেই অতিমাৰী হৈ থকা নাই৷ শুকুৰবাৰে ‘হু’ অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিলে– ক’ভিড এতিয়া পূৰ্বৰ দৰে বিপজ্জনক নহয়৷ ক’ভিড এতিয়া অতিমাৰীও নহয়৷ ‘হু’ৰ  এই বহু প্ৰত্যাশিত ঘোষণাই সমগ্ৰ বিশ্বকে পৰম স্বস্তি প্ৰদান কৰিছে৷  ক’ভিডৰ সংহাৰ লাহে লাহে হ্ৰাস পাই অহাৰ ফলত বিশ্ব স্বাস্থ্য সংস্থাই এনে এক ঘোষণা কৰিব পাৰে বুলি ধাৰণা কৰি থকা হৈছিল৷ কিন্তু আজিয়েই যে এনেদৰে আকস্মিকভাৱে বিশ্ব স্বাস্থ্য সংস্থাই এই ঘোষণা কৰিব তেনে আশা কাৰো নাছিল৷ কিন্তু  বিশ্ব স্বাস্থ্য সংস্থাই এই ঘোষণা কৰাৰ লগে লগে সমগ্ৰ বিশ্বতে এক নিৰাপদ পৰিৱেশৰ সৃষ্টি হৈছে৷ ‘হু’ৱে জনোৱা অনুসৰি ক’ভিড এতিয়াও শেষ হৈ যোৱা নাই৷ কিন্তু ক’ভিডৰ সেই সংহাৰী শক্তি আৰু নাই৷ সেয়ে ক’ভিডক বিশ্ববাসীয়ে এতিয়াৰ পৰা বিপজ্জনক বুলি ভয় কৰিবলগীয়া পৰিৱেশ নাই৷ ‘হু’ৰ দাবী, ঘাইকৈ দ্ৰুততাৰে প্ৰতিষেধক উদ্ভাৱন আৰু ততোধিক তৎপৰতাৰে বিশ্বৰ অধিকাংশ নাগৰিকক প্ৰতিষেধক প্ৰদান কৰাৰ ফলতে এই অতিমাৰী আশংকা কৰাতকৈ কম সময়ৰ ভিতৰত নিঃশেষ হৈছে৷ চীনৰ উহানত আৰম্ভ হোৱা এই ক’ভিড ভাইৰাছে পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বত অভাৱনীয় সংহাৰ চলাইছিল৷ চীনৰ পাছতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ইটালীত৷ তাৰ পাছতে স্পেইন, ব্ৰিটেইনকে ধৰি ইউৰোপৰ প্ৰায় সমগ্ৰ দেশ আৰু আমেৰিকা তথা  আফ্ৰিকা আৰু এছিয়াৰ সকলো দেশক ক’ভিডে গ্ৰাস কৰিছিল৷ চিকিৎসালয়ত চিকিৎসা কৰাৰ বাবে স্থানৰ অভাৱ হৈছিল৷ আমেৰিকা, ইউৰোপৰ দৰে উন্নত দেশৰো স্বাস্থ্য ব্যৱস্থা ভাগি গৈছিল৷ ভাৰততো আনকি অক্সিজেনৰ অভাৱত লাখ লাখ লোকৰ মৃত্যু হৈছিল৷ সমগ্ৰ বিশ্বৰ আৰ্থিক ব্যৱস্থা, ব্যৱসায়-বাণিজ্য সকলো ক’ভিডে চূৰমাৰ কৰি পেলাইছিল৷ ক’ভিডৰ পূৰ্বৰ আৰু ক’ভিডৰ পাছৰ বিশ্বৰ সম্পূৰ্ণ পৰিস্থিতি এই মহামাৰীৰ ফলত সম্পূৰ্ণ পৃথক হৈ পৰিল৷ ভাৰতত ক’ভিডত এতিয়ালৈকে আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৪৩,৪৫,২১৬৪ আৰু মৃতকৰ সংখ্যা হৈছে ৫,২৫,১১৬ জন৷