Logo
image

ৰাছিয়াৰ মাটিৰ তলত আছে বহু গোপন সুৰংগ পথঃ ক্ৰেমলিনৰ দৰেই সম্পূৰ্ণ সুৰক্ষিত পুটিনৰ বাংকাৰো

মস্কো, ৬ মে': ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক হত্যা কৰিবলৈ বুধবাৰে ক্ৰেমলিনত ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলোৱা হয়৷ ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ কাৰ্যালয়ে বুধবাৰে এই আচৰিত দাবী কৰে৷ ক্ৰেমলিন হৈছে পুটিনৰ ৰাষ্ট্ৰপতি ভৱন৷ শক্তিশালী দেশখনৰ ৰাজধানী মস্কোত থকা ক্ৰেমলিন হৈছে আটাইতকৈ সুৰক্ষিত স্থান৷ শত্ৰুৱে যাতে ইয়াত আক্ৰমণ কৰিব নোৱাৰে, তালৈ লক্ষ্য ৰাখিয়েই ইয়াৰ চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে৷ সেই ক্ৰেমলিনতে বুধবাৰে দুৰ্বল আৰু আন ওপৰত নিৰ্ভৰশীল ইউক্ৰেইনে ড্ৰোনেৰে আক্ৰমণ চলোৱাৰ চেষ্টা কৰাৰ কথাটো সহজেই বিশ্বাস কৰিবলৈ টান৷ ইউক্ৰেইনে দুখন মানৱহীন ড্ৰোনেৰে আক্ৰমণ চলোৱাৰ চেষ্টা কৰোঁতেই ৰাছিয়াই সেই দুখন ধবংস কৰে৷ সেই সময়ত ক্ৰেমলিনত ৰাষ্ট্ৰপতি পুটিন নাছিল৷ সেই সয়মত ৰাষ্ট্ৰপতি পুটিনে মস্কোৰ সমীপৰ ন’ভো-অ’গাৰয়’ভাত থকা বাসগৃহৰ বাংকাৰত কাম কৰি আছিল৷ ন’ভো অ’গাৰয়’ভাত থকা এই আবাসবোৰ হৈছে বহু দশক পুৰণি আৰু ইয়াত ৰুছ চৰকাৰৰ ডাঙৰ ডাঙৰ মন্ত্ৰী-বিষয়া থাকে৷ এইবোৰো ক্ৰেমলিনৰ দৰেই সবাতোকৈ সুৰক্ষিত৷ এইবোৰ নিৰ্মাণ কৰা হৈছিল ১৯৫০১ আৰম্ভণিতে৷ কিন্তু ১৯৯১ চনত এইবোৰ একমাত্ৰ চৰকাৰী মন্ত্ৰী-বিষয়াৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে৷ তেতিয়াই এইবোৰ অত্যাধুনিক কৰি তোলা হয়৷ ইয়াতেই পুটিনে অধিক সময় কটায়৷ ইয়াতেই আছে পুটিনৰ বাবে সুৰক্ষিত বাংকাৰ৷ পাৰমাণৱিক আক্ৰমণেও এই বাংকাৰ ঢুকি পাব নোৱাৰে৷ প্ৰকাশিত বাতৰি অনুসৰি ৰাছিয়াৰ বিভিন্ন স্থানত আছে এনেধৰণৰ সুৰক্ষিত বাংকাৰ৷ ইয়াক কোৱা হয় মেট্ৰ’-২ বুলি৷ মাটিৰ তলেৰে ক্ৰেমলিনৰ সৈতেও সংযোগ কৰা হৈছে এই বাংকাৰবোৰক৷ মস্কোত আছে কেইবাটাও গোপন সুৰংগ পথ৷ এই সুৰগ পথেৰেই চলাচল হয় গাড়ী৷ ক্ৰেমলিনৰ লগতে আন আন স্থানকো এই সুৰংগ পথে সংযোগ কৰি আহিছে৷