উক্তি-বক্ৰোক্তি
ক’ভিড এতিয়াও শেষ হৈ যোৱা নাই৷ কিন্তু ক’ভিডৰ সেই সংহাৰী শক্তি আৰু নাই৷ সেয়ে এতিয়াৰে পৰা ক’ভিড বিপজ্জনক বুলি বিশ্ববাসীয়ে ভয় কৰিবলগীয়া পৰিৱেশ নাই৷ ক’ভিড এতিয়া পূৰ্বৰ দৰে বিপজ্জনক নহয়৷
– বিশ্ব স্বাস্থ্য সংস্থা
দুজন আৱেদনকাৰীয়ে ন্যায়াধীশৰ পদোন্নতিৰ ক্ষেত্ৰত গুজৰাট চৰকাৰে বিসংগতি ঘটোৱা বুলি অভিযোগ কৰিছে৷ এয়া গুৰুতৰ ঘটনা৷ দুৰ্ভাগ্যজনক বিষয়৷ গুজৰাট চৰকাৰৰ এই পদোন্নতিৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদন শুনানিৰ বাবে গ্ৰহণ কৰা হৈছে৷ গুজৰাট চৰকাৰ আৰু গুজৰাট উচ্ছ ন্যায়ালয়লৈ জাননী জাৰি কৰা হৈছে৷ তাৎক্ষণিক-খৰতকীয়া পদোন্নতিক আমি কোনো সময়তে সমৰ্থন নকৰোঁ৷
– উচ্ছতম ন্যায়ালয়
সন্ত্ৰাসবাদীৰ ভয়ংকৰ কামৰ বৰ্ণনা থকা ‘দ্য কেৰালা ষ্ট’ৰী’ নামৰ চিনেমাখনৰ মুক্তিৰ বিৰোধিতা কৰি কংগ্ৰেছে পুনৰ সন্ত্ৰাসবাদীৰ পক্ষ লৈছে৷ কংগ্ৰেছ দলটো সন্ত্ৰাসবাদৰ প্ৰত্যক্ষ পৃষ্ঠপোষক৷ এই চিনেমাখনত দেশৰ যুৱতীসকলক কেনেকৈ ধৰ্মান্তৰিত কৰা হৈছে আৰু সন্ত্ৰাসবাদত দীক্ষা দিয়া হৈছে, সেয়া সকলোৱে দেখিবলৈ পাব৷ এখন সুন্দৰ ৰাজ্য ধবংস কৰিবলৈ সন্ত্ৰাসবাদীয়ে অপচেষ্টা চলাই আছে আৰু কংগ্ৰেছে সেই সন্ত্ৰাসবাদীক সমৰ্থন কৰি আছে৷
– নৰেন্দ্ৰ মোদী
মল্লযুঁজত আমি দেশৰ হৈ পদক জিনিছোঁ৷ এয়া দেশৰ গৌৰৱ৷ আমি নিৰ্যাতনৰ বলি হোৱা মহিলা মল্লযোদ্ধাৰ ন্যায়প্ৰাপ্তিৰ বাবে গণতান্ত্ৰিক আন্দালন কৰিছোঁ৷ কিন্তু আৰক্ষীয়ে মাজনিশা নিৰ্যাতন কৰিছে৷ অসভ্যালি কৰিছে৷ ৰাষ্ট্ৰৰ পদকৰ যদি এই অৱস্থা হয়, তেন্তে সেই পদক মূল্যহীন-অৰ্থহীন৷
– বজৰং পুনিয়া
বেটী বচাও আন্দোলনৰ আহ্বান জনোৱা বিজেপি আকৌ দেশৰ বেটীসকলৰ ওপৰত অত্যাচাৰ চলোৱাত কোনোফালে পিছপৰি থকা নাই৷ আমাৰ দেশৰ গৌৰৱ খেলুৱৈসকলৰ ওপৰত চলা আক্ৰমণ লজ্জাজনক৷
– ৰাহুল গান্ধী
মুখ্যমন্ত্ৰী মহোদয়, মণিপুৰত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীসকলে শংকা-উদ্বিগ্নতা-অনি(য়তা আৰু নিৰাপত্তাহীনতাৰ মাজত থাকিবলগীয়া হৈছে৷ মণিপুৰত কৰ্মৰত অসমৰ লোকসকলৰো একে অৱস্থা৷ মণিপুৰত শান্তিৰ বাতাৱৰণ সৃষ্টি নোহোৱালৈকে তাত থকা অসমৰ শিক্ষাৰ্থী-কৰ্মচাৰী আৰু অন্যান্য লোকসকলক অসমলৈ অনাৰ ব্যৱস্থা কৰক৷ বিষয়টো জৰুৰী আৰু স্পৰ্শকাতৰ৷
– সদৌ অসম ছাত্ৰ সন্থা
কাৰ্বি আংলঙৰ ৰাইজে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰা বাবেই পাহাৰত উন্নয়নৰ জাগৰণ হৈছে৷ এয়া হিমন্ত বিশ্ব শৰ্মা বা তুলিৰাম ৰংহাঙৰ ক্ৰেডিট নহয়৷ ধৰ্ণা-বন্ধ-পিকেটিঙেৰে এটা জাতিৰ মান নিৰ্ণয় হ’ব নোৱাৰে৷ ইয়াত এচাম লোক আছে যিসকলে নিজৰ সন্তানক বিদেশত পঢ়ুৱায় আৰু আমাৰ সাধাৰণ জনতাৰ উন্নতিৰ বিৰোধিতা কৰে৷
– হিমন্ত বিশ্ব শৰ্মা
অসম গণ পৰিষদ ৰাজ্যৰ একমাত্ৰ আঞ্চলিক দল যাক সকলো শ্ৰেণীৰ লোকে আদৰি লৈছে৷ দলটো শক্তিশালী হৈ থকাটো ৰাইজে বিচাৰে৷ দলটোৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ আছে, আস্থা আৰু বিশ্বাস আছে৷
– কেশৱ মহন্ত