Logo
image

চাৰ্লছৰ ৰাজঅভিষেক, উপস্থিত উপ-ৰাষ্ট্ৰপতি

আমাৰ অসম, ৭মে’: ২১ শতিকাৰ ব্ৰিটেইনক প্ৰতিফলিত কৰি আৰু এহাজাৰ বছৰীয়া ঐতিহ্য তথা পৰম্পৰাক সাক্ষী কৰি সম্পূৰ্ণ খ্ৰীষ্টান ধৰ্মীয় ৰীতি-নীতিৰে শনিবাৰে চাৰ্লছৰ ব্ৰিটেইনৰ নতুন সম্ৰাট হিচাপে ৰাজ্যভিষেক ঘটে৷ তৃতীয় চাৰ্লছৰ জৰিয়তে ৭০ বছৰৰ পাছত ব্ৰিটেইনৰ সিংহাসনত প্ৰথমবাৰৰ বাবে সম্ৰাট অধিষ্ঠিত হ’ল৷ কিয়নো ৭৪ বছৰ বয়সত ৰাজ্যভিষেক ঘটা চাৰ্লছৰ পূৰ্বে বিগত দিনত ব্ৰিটেইন শাসন কৰিছিল সম্ৰাজ্ঞী দ্বিতীয় এলিজাবেথে৷ যোৱা ছেপ্টেম্বৰত এলিজাবেথৰ মৃত্যুৰ পাছত তৃতীয় চাৰ্লছক সিংহাসনৰ দায়িত্ব প্ৰদান কৰা হৈছিল৷ পিছে শনিবাৰেহে চাৰ্লছৰ আনুষ্ঠানিকভাৱে মহা ধুমধামেৰে ৰাজ্যভিষেক ঘটে৷ ব্ৰিটেইনত শেষবাৰৰ বাবে ১৯৫৩ চনত এলিজাবেথৰ ৰাজ্যভিষেক ঘটিছিল৷ তাৰ ৭০ বছৰৰ পাছত হোৱা এই ৰাজ্যভিষেক উপলক্ষে সমগ্ৰ দেশতে ৰাজকীয় আয়োজন কৰা হয়৷ দিনৰ ১১ বজাত বাকিংহাম পেলেচৰ পৰা ডায়মণ্ড জুবিলি ষ্টেট ক’চত উঠি চাৰ্লছ ৱেষ্টমিনষ্টাৰ আবে গীৰ্জালৈ যায় আৰু তাতে দুঘণ্টাজোৰা অনুষ্ঠানৰ অন্তত তেওঁক দেশ শাসন আৰু দেশবাসীক ৰক্ষা কৰাৰ শপত খুৱাই মুকুট পৰিধান কৰাই দিয়া হয় আৰু শতাব্দী প্ৰাচীন কাঠৰ সিংহাসনত বহাৰ লগে লগে তেওঁ ব্ৰিটেইনৰ সম্ৰাটত পৰিণত হয়৷ সম্ৰাট চাৰ্লছত চেণ্ট এডোৱাৰ্ড মুকুট পৰিধান কৰাই দিয়া হয়৷ সম্পূৰ্ণ সোণৰ এই মুকুট পৰিধান কৰা চাৰ্লছৰ হাতত সোণৰ ৰাজদণ্ড তুলি দিয়া হয়৷ আনহাতে, নতুন সম্ৰাজ্ঞী কেমিলাৰ শিৰত পৰিধান কৰোৱা হয় ১১২ বছৰৰ পুৰণি মুকুট৷ ব্ৰিটেইনত থকা বিশ্বখ্যাত কহিনুৰ হীৰা সংযোজিত মুকুটটো ৰাণী কেমিলাক পৰিধান কৰোৱা নহ’ল৷ তেওঁ যিটো মুকুট পৰিধান কৰি ৰাণীৰ আসনত অধিষ্ঠিত হয় সেই মুকুটটো শেষবাৰৰ বাবে ১৯১১ চনত ৰাণী মেৰীয়ে পৰিধান কৰিছিল৷ 

৬৪ বছৰীয়া ৰজাৰ ৰাজ্যভিষেকৰ বাবে সমগ্ৰ দেশজুৰি সপ্তাহান্তিক উৎসৱ আয়োজন কৰা হৈছে৷ অৱশ্যে বিগত সপ্তাহটো জুৰিয়েই চলি আছিল বিভিন্ন পৰম্পৰা আৰু ভিন ভিন ৰীতি-নীতি পালনৰ উৎসৱ৷ আজি শনিবাৰৰ পৰা দেশৰ বিভিন্ন স্থানত ভোজ সভা অনুষ্ঠিত হৈছে৷ শনিবাৰে প্ৰধানমন্ত্ৰী ঋষি ছুনকে তেওঁৰ চৰকাৰী বাসভৱনত দহ নং ডাউনিং ষ্ট্ৰীটত ভোজ সভাৰ আয়োজন কৰিছে৷ দেওবাৰে  উইণ্ডছৰ ৰাজপ্ৰসাদত ৰাজ্যভিষেকৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব৷ তাত ভাগ ল’ব প’প তাৰকা কেটি পেৰী, অভিনেতা টম ক্ৰুজ আদিয়ে৷ সেই অনুষ্ঠানত ভাৰতীয় অভিনেত্ৰী সনম কাপুৰেও ভাগ ল’ব৷ আনহাতে, শনিবাৰৰ ৰাজ্যভিষেক অনুষ্ঠানত ভাৰতীয় প্ৰতিনিধি হিচাপে উপস্থিত থাকে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়৷  উল্লেখ্য ৰাজপৰিয়ালৰ সৈতে সম্পৰ্ক বিনষ্ট হোৱাৰ বাবে চাৰ্লছৰ দ্বিতীয় পুত্ৰ হেৰীৰ পত্নী মেঘান মাৰ্কেল ৰাজ্যভিষেক অনুষ্ঠানত উপস্থিত নাথাকিল৷ অৱশ্যে হেৰীয়ে এই অনুষ্ঠানত ভাগ লয়৷ ব্ৰিটেইনৰ সম্ৰাটৰ ৰাজ্যভিষেক অনুষ্ঠানত কমেও এক হাজাৰ কোটি টকা খৰচ হোৱা বুলি বিবিচিয়ে প্ৰকাশ কৰিছে৷ অৱশ্যে চাৰ্লছে নিজে এই অনুষ্ঠানত বাহুল্যবৰ্জিত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল৷ কিন্তু খৰচ বহন কৰা ব্ৰিটেইনৰ চৰকাৰে পৰম্পৰা ভংগ কৰি এই অনুষ্ঠান অনুষ্টুপীয়াকৈ আয়োজন কৰাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে আৰু ধুমধামেৰে আয়োজন কৰে৷