Logo
image

অশান্ত মণিপুৰৰ পৰা অসমৰ ২১ গৰাকী শিক্ষাৰ্থীক গৃহৰাজ্যলৈ স্থানান্তৰ

ডিজিটেল সংবাদ, বৰভাগঃ গোষ্ঠী সংঘৰ্ষত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হোৱা পৰা চুবুৰীয়া ৰাজ্য মণিপুৰত অধ্যয়ন কৰি থকা অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক উদ্বিগ্ন হৈ পৰিছে।জনজাতীয়-অজনজাতীয় লোকৰ মাজৰ সংঘৰ্ষ নিয়ন্ত্ৰণহীন অৱস্থালৈ গতি কৰা সময়তে শনিবাৰে নিশা অসম চৰকাৰৰ তৎপৰতাত চুবুৰীয়া ৰাজ্যখনত অধ্যয়ন কৰি থকা অসমৰ ২১ গৰাকী শিক্ষাৰ্থীক কঠোৰ নিৰাপত্তাৰ মাজেৰে অসমলৈ লৈ অহা হয়। 

ইম্ফল কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰী জাহ্নৱী চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া মতে  চি আৰ পি এফ বাহিনীৰ কটকটীয়া সুৰক্ষা বেষ্টনীৰ মাজেৰে অসমলৈ লৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত নলবাৰীৰ তিনি গৰাকী, গুৱাহাটীৰ চাৰিগৰাকী, শিলচৰৰ এগৰাকী, ডিব্ৰুগড়ৰ দুগৰাকী, শিৱসাগৰৰ এগৰাকী শিক্ষাৰ্থীকে ধৰি এন আই টিৰ আঠগৰাকী শিক্ষাৰ্থীক নিশা গুৱাহাটী বিমানবন্দৰলৈ লৈ অহা হয়। উল্লেখ্য যে কালি সন্ধিয়া শিক্ষাৰ্থীসকলক অসম চৰকাৰৰ তৎপৰতাত চি আৰ পি এফৰ এক বৃহৎ দলে বিমানবন্দৰলৈ আনে। শিক্ষাৰ্থীসকলৰ মাজত ত্ৰিপুৰা আৰু মিজোৰামৰো কেইবাগৰাকীও শিক্ষাৰ্থীক গুৱাহাটী বিমানবন্দৰলৈ লৈ অহা বুলি জানিব পৰা গৈছে।