Logo
image

২০২৪ত নতুন নেতাৰ সন্ধানত

২০১৪ চনৰ নিৰ্বাচন দেশৰ ইতিহাসত জৰুৰীকালীন অৱস্থাৰ পাছত হোৱা নিৰ্বাচনৰ পাছৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন হিচাপে ভাৰতৰ সংসদীয় ইতিহাসত নিশ্চয়কৈ স্থান লাভ কৰিব৷ কাৰণ কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শোষণ-বঞ্চনাৰ বিৰুদ্ধে এক শক্তিশালী দল তথা এজন শক্তিশালী নেতা কংগ্ৰেছৰ সন্মুখত আহি থিয় হৈছিল৷ যাৰ ওচৰত কংগ্ৰেছ বিৰোধীসকল সমৱেত হৈছিল৷ কংগ্ৰেছৰ ৬০ বছৰীয়া শোষণেই নহয়, দেশক ৬০ বছৰীয়া দুৰ্নীতিয়েও যে খুলি খুলি খাইছিল সেই কথা দেশৰ গৰিষ্ঠসংখ্যক লোকেই গভীৰভাৱে উপলব্ধি কৰিছিল৷ চৌদিশে নিৱনুৱা সমস্যা, দৰিদ্ৰতাৰ সমস্যা, লেকামহীন মূল্যবৃদ্ধিৰ লগতে বিদু্যৎ, খোৱাপানী, ভাল স্বাস্থ্য-শিক্ষাৰ বাবে দেশবাসীয়ে হাহাকাৰ কৰিব লগা হৈছিল৷ তেনে অৱস্থাতে দেশবাসীৰ সন্মুখত দেশৰ ৬০ বছৰৰ সমস্যা মাত্ৰ ৬০ মাহতে নোহোৱা কৰিবলৈ ৰৱিন হুডৰ দৰে নৰেন্দ্ৰ মোদী আহি উপস্থিত হ’লহি৷ নৰেন্দ্ৰ মোদীয়ে প্ৰতিশ্ৰুতি দিলে প্ৰত্যেক বছৰে ২ কোটিকৈ নিবনুৱাক চৰকাৰী সংস্থাপন দিয়াৰ, প্ৰতিশ্ৰুতি দিলে কংগ্ৰেছে বিদেশী বহুজাতিক কোম্পানীৰ ওচৰত দেশ বিক্ৰী কৰি দিলে, সেয়ে নৰেন্দ্ৰ মোদীয়ে দেশ বিক্ৰী কৰিবলৈ নিদিয়ে, দুৰ্নীতি-ভ্ৰষ্টাচাৰ কৰি দেশৰ ৰাজভঁৰাল উদং কৰি বিদেশৰ বেংকত থকা ক’লা ধন ঘূৰাই আনি দেশৰ উন্নতি কৰাই নহয় প্ৰত্যেকৰে একাউণ্টত ১৫ লাখকৈ সুমুৱাই দিয়া হ’ব, বিজেপি আহিলে এজনো কৃষকে আত্মহত্যা কৰিব নালাগে, নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’লে অসমৰ দৰে অৱহেলিত ৰাজ্যয়ো গুৰুত্ব পাব আৰু সেই বছৰৰে ১৬ মে’ত চৰকাৰ গঠন কৰিয়ে অসমৰ প্ৰতিজন বিদেশীক বহিষ্কাৰ কৰিব, জনপ্ৰিয় ভাষাত ১৬ মে’ৰ পাছত টালি-টোপোলা বান্ধিব লাগিব৷ অসমখন জৈৱিক ৰাজ্য কৰিব৷ ইমানেই প্ৰতিশ্ৰুতি দিলে যে সঁচাই দেশখন একেবাৰে ৰাম ৰাজ্য [!] হৈ পৰিব৷ সকলোৱেই দৌৰি দৌৰি গৈ বিজেপিক ভোট দিলে!বিদেশৰ পৰা আহিও ভাৰতীয়ই বিজেপি তথা নৰেন্দ্ৰ মোদীক ভোট দিলে৷ মুঠৰ ওপৰত নৰেন্দ্ৰ মোদীৰ নামত, বিজেপিৰ নামত যিমান ভোট পৰিল, কংগ্ৰেছক ক্ষমতাৰ পৰা আঁতৰাবৰ কাৰণে তাতকৈ বেছি ভোট পৰিল৷ কিন্তু কি হ’ল, ৬০ মাহ পাৰ হৈ এতিয়া চৰকাৰখনে ১২০ মাহ সম্পূৰ্ণ কৰিবলৈ গৈ আছে৷ ওপৰত উল্লেখ কৰা এটাও প্ৰতিশ্ৰুতি পূৰণ কৰিলেনে চৰকাৰে? নাই নকৰিলে, কৃষকে আত্মহত্যা কৰিব নালাগে বুলি গাদী দখল কৰা চৰকাৰখনৰ দিনত তিনিখনকৈ কৃষকবিৰোধী আইন আনি কৃষকৰ সামূহিক হত্যাৰ যি ফন্দি কৰিছিল, তাক প্ৰতিহত কৰিবলৈ এবছৰ কৃষকসকল ৰাজপথত থাকিব লগা হ’ল, ৭০০ৰো অধিক কৃষকে ৰাজপথতে প্ৰাণ দিব লগা হ’ল৷ আনহাতে, সংস্থাপনৰ দিশটোলৈ যদি চোৱা যায়, তেন্তে প্ৰতিবছৰে দুই কোটিয়ে চাকৰি বা সংস্থাপন দূৰৰ কথা, সকলো ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠান কংগ্ৰেছতকৈও ক্ষিপ্ৰতাৰে বিক্ৰী কৰি দিলে৷ ফলত লাখ লাখ ব্যক্তিয়ে ৰাতিটোৰ ভিতৰতে চাকৰি হেৰুৱাইছে৷ বি এছ এন এল, এম টি এন এনৰ দৰে লাভজনক প্ৰতিষ্ঠানৰ পৰা হাজাৰ হাজাৰ লোকক ৰাতিটোৰ ভিতৰতে বাধ্যতামূলকভাৱে অৱসৰ দিয়া হ’ল৷ দুৰ্নীতিৰ ক্ষেত্ৰত চৰকাৰখন যে সামান্যতমো উদ্বিগ্ন নহয় সেয়া বিজেপিৰ একালৰ সতীৰ্থ সত্যপাল মালিকৰ কথাতেই ওলাই পৰিছে৷ চৰকাৰখন এইজন সতীৰ্থৰ বক্তব্যত একেবাৰে প্ৰায় নাঙঠ হৈয়ে পৰিছে৷ নিৰ্বাচনত জিকিবলৈ কিমান নিকৃষ্ট কাম কৰিব পাৰে সেই কথা সত্যপাল মালিকৰ বক্তব্যত সুন্দৰকৈ প্ৰকাশ পাইছে৷ বিজেপিয়ে বা নৰেন্দ্ৰ মোদীয়ে ভালকৈ বুজি পাইছিল যে ১৪ চনত দিয়া প্ৰতিশ্ৰুতি যিহেতু তেওঁলোকে এটাও পূৰণ কৰিব নোৱাৰিলে, তেনে অৱস্থাত ভুৱা দেশপ্ৰেমৰ যদি জোৱাৰ আনিব পৰা নাযায়, তেন্তে নিৰ্বাচনত জিকা সম্ভৱ নহয়! আৰু তাৰ বাবেই ৪০জনকৈ দেশৰ বীৰ জোৱানে শ্বহীদ বৰণ কৰিব লগা হ’ল৷ আৰু ২০১৯ চনৰ নিৰ্বাচন পাকিস্তানক গালি পাৰিয়ে, ভুৱা ছাৰ্জিকেল ষ্ট্ৰাইক কৰিয়েই গাদী দখল কৰিলে৷ আচলতে দেশৰ জনগণে ক’ত ঠগ খাইছে? ২০১৪ চনত বিজেপিয়ে শাসনলৈ আহিবৰ বাবে বৰ কষ্ট কৰিব লগা হোৱা নাছিল৷ কষ্ট কৰিছিল আন্না হাজাৰে, কষ্ট কৰিছিল ৰামদেৱে৷ এজনে নাখাই-নবৈ কংগ্ৰেছবিৰোধী ঢৌক সংগঠিত কৰিছিল আৰু আনজনে পেট লৰাই লৰাই স্বাভিমান যাত্ৰাৰ নামত হাজাৰ হাজাৰ কিলোমিটাৰ যাত্ৰা কৰিছিল৷ এই দুয়োজনৰ লগত কিছুমান জনতাৰ বন্ধুৰ মুখাপিন্ধা বিজেপিক সুমুৱাই আন্দোলনটোক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল৷ আজিৰ তাৰিখত নৰেন্দ্ৰ মোদী প্ৰকৃততে কিমান জনদৰদী সেই কথা জলজল-পটপটকৈ ওলাই পৰিছে৷ নৰেন্দ্ৰ মোদীৰ মুখাখন নিজৰ সতীৰ্থই লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছে৷ জনতাৰ মাজত এতিয়া নৰেন্দ্ৰ মোদীৰ সেই আগৰ ছবিখন যিহেতু নাই, চৰকাৰী পৃষ্ঠপোষকতাত মোদীক নেতা কৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰা হৈছে৷ আনহাতে, নৰেন্দ্ৰ মোদীৰ বিফলতাক মূলধন হিচাপে লৈ একাংশ সোঁপন্থী-বাঁওপন্থী একেলগ হৈ ৰাহুল গান্ধীক নেতা বনাব বিচাৰিছে৷ কিন্তু ৰাহুল গান্ধীও যে ৬০ বছৰীয়া কংগ্ৰেছৰ কু-শাসনৰ অংশীদাৰ সেই কথা পাহৰিলে নহ’ব৷ সেয়ে দেশে পুনৰ এক নতুন নেতৃত্বৰ আশাতে ৰৈ আছে ২০২৪লৈ৷