Logo
image

ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ 'দ্য মিউজ'

আমাৰ অসম, ৯ মে’: ইৰাণৰ (Norgs International Independent Film Festival)ৰ চুটি ছবি শাখাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে অসমৰ এখন ছবি। অসমৰ অংশুমান শইকীয়া পৰিচালিত 'The Muse' শীৰ্ষক চুটি ছবিখন বিশ্বৰ এই সন্মানীয় চলচ্চিত্ৰ মহোৎসৱখনত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে।উল্লেখ্য চুটি ছবি শাখাৰ বাছনিত ভাৰতৰ হৈ একমাত্ৰ পৰিচালক হিচাপে নিৰ্বাচিত হৈছে অংশুমান শইকীয়া। গুৱাহাটী আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত চিত্ৰগ্ৰহণ হোৱা 'The Muse' শীৰ্ষক ছবিখন অহা ৩১মে'ত  অনলাইন যোগে প্ৰদৰ্শিত হ'ব। নগাঁৱৰ চামগুৰিৰ যুৱক অংশুমান শইকীয়াই কটন বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লোৱাৰ লগতে নাট্য আৰু চলচ্চিত্ৰ ক্ষেত্ৰখনত কাম কৰি আছে। কেইবাখনো নাটক পৰিচালনা কৰি শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈও সক্ষম হৈছে অংশুমান শইকীয়াই।