Logo
image

উদ্বেগৰ কাৰণ হৈ পৰিছে হৃদৰোগীৰ আধিক্য

বিশ্ব স্বাস্থ্য সংস্থাৰ এটা প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতত শেহতীয়াভাৱে হৃদৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ বয়স্ক লোকসকলহে হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি বুলি পূৰ্বে এটা ধাৰণা আছিল যদিও বৰ্তমান কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীও হৃদৰোগত আক্ৰান্ত হোৱাটো চিন্তাৰ কাৰণ হৈ পৰিছে৷ দেশৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো এয়া এক উদ্বেগৰ কাৰণ হৈ পৰিছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অন্তৰ্গত হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি বিগত এটা বছৰত অসমত হৃদ আৰু স্নায়ু ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ শেহতীয়াকৈ ভাৰতত হৃদৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে ক’ভিডৰ ভেকচিনকে অন্যতম কাৰক হিচাপে সৰ্বসাধাৰণৰ মনত ধাৰণাৰ সৃষ্টি হ’লেও  চিকিৎসকসকলে তাৰ কোনো প্ৰমাণ নাই বুলি মন্তব্য কৰিছে৷ কিন্তু ক’ভিড-১৯-এ হৃদৰোগৰ সংখ্যা বৃদ্ধি কৰাৰ সম্ভাৱনা অৱশ্যে নুই কৰিব পৰা নাই চিকিৎসা বিশেষজ্ঞসকলে৷ বিশ্বৰ বিভিন্ন দেশত চলোৱা সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে ক’ভিড-১৯ৰ দ্বাৰা সংক্ৰমিত ২০ শতাংশতকৈ অধিক লোকৰ ক্ষেত্ৰত হৃদৰোগৰ লক্ষণ ধৰা পৰিছে৷ কিছুসংখ্যক হয়তো ক’ভিড পজিটিভ হোৱাৰ আগৰ পৰাই হৃদৰোগত আক্ৰান্ত হৈছিল৷ ক’ভিড অতিমাৰীৰ পাছত ভাৰততো হৃদৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ যুৱক-যুৱতীয়েই হওক অথবা বয়সস্থ লোক, বিগত কেইমাহমানৰ পৰা ভাৰতত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, যিটো বিশেষজ্ঞসকলৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে৷

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বহুতৰ ক্ষেত্ৰত দেখা নাযায় কোনো লক্ষণ৷ ভাৰতত হূদৰোগীৰ সংখ্যাধিক্যক লৈ চলোৱা এটা গৱেষণাৰ প্ৰতিবেদন অনুসৰি বায়ু প্ৰদূষণ হৃদৰোগৰ অন্যতম কাৰণ হ’ব পাৰে৷ বিগত কেইবা বছৰৰ পৰা ভাৰতৰ বহুকেইখন ৰাজ্যত বায়ু প্ৰদূষণ এটা ডাঙৰ সমস্যা হৈ পৰিছে আৰু চিকিৎসা বিশেষজ্ঞসকলৰ ধাৰণা দেশখনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধিত এই বায়ু প্ৰদূষণেই অৰিহণা যোগাইছে৷ বিশেষজ্ঞৰ মতে, যেতিয়া কোনো এজন লোকে দূষিত পদাৰ্থমিশ্ৰিত প্ৰদূষিত বায়ু সেৱন কৰে, তেতিয়া বায়ুমণ্ডলত মিহলি হৈ থকা ক্ষুদ্ৰাতিক্ষুদ্ৰ বিষাক্ত কণা হাঁওফাঁওৰ মাধ্যমেৰে তেজত মিহলি হোৱাৰ লগতে হৃদপিণ্ডত জমা হ’ব পাৰে৷ এনেদৰে এজন মানুহ হৃদৰোগত আক্ৰান্ত হ’ব পাৰে৷ বায়ুমণ্ডলত মিহলি হৈ থকা প্ৰদূষণ সৃষ্টিকাৰী ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰে মানৱ দেহৰ ৰক্ত পৰিবাহী নলীক ক্ষতি কৰিব পাৰে৷ তাৰ লগতে ধূমপান, শাৰীৰিক ব্যায়ামৰ অভাৱ, অস্বাস্থ্যকৰ খাদ্যাভাসো হৃদৰোগৰ অন্যতম কাৰক হ’ব পাৰে৷ সেইবাবে হৃদৰোগৰ পৰা ৰক্ষা পাবলৈ হ’লে চিকিৎসকে ধূমপানৰ পৰা বিৰত থকাৰ পৰামৰ্শ দিয়ে৷ তাৰ লগতে স্বাস্থ্যসন্মত জীৱনযাত্ৰা, সুস্বাস্থ্যকৰ খাদ্যাভ্যাস, নিয়মিত ব্যায়াম আৰু নিয়মিত স্বাস্থ্য পৰীক্ষা অভ্যাসত পৰিণত কৰা উচিত৷ কোনো লোক বুকুৰ বিষ অথবা শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগিলে তাক যথেষ্ট গুৰুত্বসহকাৰে ল’ব লাগে৷ তাৰ লগতে  চিকিৎসকৰ পৰামৰ্শ লৈ ব্লাড ছুগাৰ আৰু ব্লাড প্ৰেছাৰ নিয়মিত পৰীক্ষা কৰাই থাকিব লাগে৷ শাৰীৰিক পৰিশ্ৰমৰ অভাৱৰ লগতে কিশোৰ-কিশোৰীৰ মাজত ধূমপানৰ প্ৰৱণতাও হৃদৰোগৰ কাৰণ হ’ব পাৰে৷ কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকল এইক্ষেত্ৰত সচেতন নহ’লে পৰৱৰ্তী সময়ত তেওঁলোক গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে৷