Logo
image

ইমৰান গ্ৰেপ্তাৰ, পাক সেনাৰ কাৰ্যালয়ত আক্ৰমণ

আমাৰ অসম, ১০ মে’:  ক্ষমতাচ্যুত হোৱাৰ এবছৰ পাছত মঙলবাৰে আকস্মিকভাৱে গ্ৰেপ্তাৰ হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান৷ মঙলবাৰে ইমৰান খানক ইছলামাবাদ উচ্ছ ন্যায়ালয়ৰ চৌহদৰ পৰা পাক অৰ্ধসামৰিক বাহিনী ৰেঞ্জাৰ্ছে গ্ৰেপ্তাৰ কৰাৰ লগে লগে পাকিস্তানত তোলপাৰ লাগিছে৷ প্ৰাক্তন প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰৰ কেইঘণ্টামানৰ ভিতৰতে ইমৰানৰ দল পিটিআইৰ সমৰ্থকে সেনাবাহিনীৰ মুখ্য কাৰ্যালয়, আইএছআইৰ মুখ্য কাৰ্যালয়, লাহোৰৰ সেনাবাহিনীৰ কেণ্টনমেণ্টত আৰু বায়ুসেনাৰ মীনাৱালি বিমানঘাটিত হিংসাত্মক আক্ৰমণ চলাইছে৷ ইমৰানৰ সমৰ্থকে দেশৰ ঠায়ে ঠায়ে ৰাজপথৰ দখল নিজৰ আয়ত্তলৈ নিয়াৰ লগতে গেৰিচন চহৰ ৰাৱালপিণ্ডিৰ সেনাবাহিনীৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰি প্ৰচণ্ড তাণ্ডৱৰ সৃষ্টি কৰিছে৷ দেশৰ ইতিহাসত এনেদৰে প্ৰতিবাদকাৰী সেনাবাহিনীৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰাৰ ঘটনা এয়াই প্ৰথম৷ তদুপৰি লাহোৰ কেণ্টনমেণ্টত প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰি ক’ৰ কমাণ্ডাৰৰ বাসগৃহত অগ্নিসংযোগ কৰিছে৷ আন এদল হিংস্ৰ প্ৰতিবাদকাৰীয়ে পেছোৱাৰৰ ৰেডিঅ’ ষ্টেচন জ্বলাই দিয়াৰ উপৰি বায়ুসেনা বাহিনীৰ মীনাৱালি বিমানঘাটিত এখন মডেল বিমান জ্বলাই দিয়ে ইমৰান খানৰ সমৰ্থকে৷ পাকিস্তানৰ দুৰ্বল জোঁট চৰকাৰখনে ১৪৪ ধাৰা জাৰি কৰি প্ৰাথমিকভাৱে প্ৰতিবাদ চম্ভালিবলৈ চেষ্টা চলালেও লাহে লাহে দেশৰ অৱস্থা ভয়ংকৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছে৷ উল্লেখ্য, গ্ৰেপ্তাৰৰ সময়ত পাকিস্তান তেহৰিক-ই-ইনছাফ দলৰ মুৰব্বী ইমৰান খান আন গোচৰ সংক্ৰান্তত উচ্ছ ন্যায়ালয়লৈ আহিছিল৷ তেওঁক উচ্ছ ন্যায়ালয় চৌহদৰ পৰাই পাক ৰেঞ্জাৰ্ছে টানি-আজুৰি নি গ্ৰেপ্তাৰ কৰে৷ ইমৰান খানক মাৰধন কৰি গ্ৰেপ্তাৰ কৰা আৰু অজ্ঞাত স্থানলৈ লৈ যোৱা বুলি প্ৰকাশ কৰিছে তেওঁৰ অধিবক্তা ফাৱাদ চৌধুৰীয়ে৷ ইমৰান খানক গ্ৰেপ্তাৰ কৰাৰ লগে লগে তেওঁৰ ৰাজনৈতিক দলৰ সদস্য আৰু সমৰ্থক ৰাজপথত নামি ভয়ংকৰ প্ৰতিবাদ আৰম্ভ কৰিছে৷ গ্ৰেপ্তাৰৰ পাছত ইমৰান খানক কিয় আৰু ফোন স্থান বন্দী কৰি ৰখা হৈছে সেই বিষয়ে আনুষ্ঠানিকভাৱে আৰক্ষীয়ে প্ৰকাশ নকৰা বুলি ইমৰানৰ পক্ষৰ পৰা অভিযোগ কৰা হ’লেও ইছলামাবাদ আৰক্ষীয়ে আৰক্ষী মহাপৰিদৰ্শক আব্দুল নাছিৰক উদ্ধৃত কৰি এটা বিবৃতি প্ৰকাশ কৰিছে৷ সেই বিবৃতিত জনোৱা হৈছে যে, ইমৰান খান আৰু তেওঁৰ এতিয়াৰ পত্নী বুছৰা বিবিৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা উত্থাপিত হৈ থকা অল কাদিৰ ভূমি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে৷ ইমৰান খান আৰু তেওঁৰ পত্নীয়ে অল কাদিৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ নামত এটা নিধি গঠন কৰি পঞ্জাব প্ৰদেশৰ ঝিলাম জিলাৰ বৃহৎ পৰিমাণৰ ভূমি হস্তগত কৰিছিল৷ সেই নিধিত ইমৰান খান, তেওঁৰ পত্নী বুছৰা বিবি, দুই ঘনিষ্ঠ বন্ধু জুলফিকৰ বুখাৰি আৰু বাবৰ আৱানৰ নাম আছিল৷ ইমৰানৰ পত্নী বুছৰা বিবিয়ে ২০১৯ চনত বাহাৰিয়া টাউন নামৰ এটা ৰিয়েল ইষ্টেট কোম্পানীৰ সৈতে এই  ভূমিৰ বিনিময়ত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি বিশাল পৰিমাণৰ ধন অৰ্জন কৰে৷ বুছৰা বিবিয়ে সেই ৰিয়েল ইষ্টেট কোম্পানীলৈ সিংহভাগ ভূমি হস্তান্তৰ কৰা বুলিও দেশৰ আভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহে অভিযোগ কৰিছিল৷ ভূমি হস্তান্তৰৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰভাৱ খটুৱাই ইমৰান খানে ভূমিৰ মূল্য হ্ৰাস কৰি দেখুৱাইছিল৷ শিক্ষা প্ৰতিষ্ঠানৰ নামত পোৱা চৰকাৰী ভূমি বেচৰকাৰী কোম্পানীলৈ হস্তান্তৰ আৰু তাৰ বিনিময়ত ধন সংগ্ৰহ তথা মূল্য কমাই দেখুৱাই আটাইকেইটাই প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ ক্ষেত্ৰত গুৰুতৰ অপৰাধ হিচাপে গণ্য হৈছে৷ দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী মিফটাহ ইছলামৰ মতে এই ভূমিৰ বিনিময়ত ইমৰান খানে ১৯০ নিযুত পাউণ্ড লাভ কৰিছে৷ তেওঁক সেই ধন পৰিশোধ কৰিছে ৰিয়েল ইষ্টেট ধনকুবেৰ মালিক ৰিয়াজে৷ অল কাদিৰ নামৰ বিশ্ববিদ্যালয়খন ২০২১ চনত অৰ্ধনিৰ্মিত অৱস্থাতে ইমৰান খানে উদ্বোধন কৰিছিল৷ সেই সময়ত তেওঁৰ স্থিতি প্ৰধানমন্ত্ৰী হিচাপে থৰক বৰক হৈ পৰিছিল৷ ইমৰান খান এতিয়াও বন্ধ হৈ থকা বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ৷

ইমৰান খানৰ বিৰুদ্ধে দেশৰ আদালতত ১৪০টা গোচৰ চলি আছে৷ মঙলবাৰে তেওঁক কৰা গ্ৰেপ্তাৰৰ সৈতে পূৰ্বৰ এই গোচৰৰ কোনো সম্পৰ্ক নাই৷ মাথোঁ এমাহ পূৰ্বে ইমৰান খানক আন গোচৰ সংক্ৰান্তত লাহোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰৰ চেষ্টা চলালেও তেওঁৰ ৰাজনৈতিক দল পিটিআইৰ কৰ্মীয়ে আৰক্ষীৰ সেই চেষ্টা বাৰে বাৰে ওফৰাই দিছিল৷ সেই সময়ত তেওঁ আন গোচৰ সংক্ৰান্তত ইছলামাবাদ উচ্ছ ন্যায়ালয়ত সমৰ্থকবেষ্টিত হৈ উপস্থিত হৈছিল আৰু উভতি আহোতে গুলীবিদ্ধ হৈছিল৷ তাৰ পাছত তেওঁ দীৰ্ঘদিন চিকিৎসাধীন হৈ আছিল৷ মঙলবাৰে যে তেওঁক অল কাদিৰ ভূমি কেলেংকাৰি গোচৰত গ্ৰেপ্তাৰ কৰা হ’ব পাৰে সেয়া ইমৰান খানে পূৰ্বানুমান কৰিব পৰা নাছিল৷ ফলত আজি তেওঁৰ সৈতে বিশেষ সমৰ্থকো নাছিল৷ পিছে আন গোচৰৰ বাবে আদালতত উপস্থিত হ’বলৈ যোৱা অৱস্থাতে তেওঁক এনেদৰে গ্ৰেপ্তাৰ কৰাত ইছলামাবাদ উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে মুকলি অসন্তুষ্টি প্ৰকাশ কৰিছে৷ আনহাতে ইছলামাবাদ আৰক্ষীয়ে জনোৱা বিবৃতিত কোৱা হৈছে যে, এখন ৬ জনীয়া সদস্যৰ কমিটীয়ে ইমৰান খানৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব৷ আভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহৰ মতে এই অভিযোগ সন্দৰ্ভত বহুবাৰ জাননী দিয়া সত্বেও আদালতত উপস্থিত নোহোৱাৰ বাবেই ‘নেশ্বনেল একাউণ্টিবিলিটি ব্যুৰ’ৰ জৰিয়তে ইমৰান খানক গ্ৰেপ্তাৰ কৰা হৈছে৷