Logo
image

পৰ্ন ভিডিঅ’ৰ শ্বুটিং ধনৰ বাবে নহয়, মনৰ তৃপ্তিৰ বাবেহে!

আমাৰ অসম, ১০ মে’: যোৰহাটত নীলা ছবি নিৰ্মাণৰ উদ্যোগ ধনৰ বাবে নহয়, মনৰ তৃপ্তিৰ বাবেবে গঢ় লৈ উঠিছিল৷ এই ছবিজগতৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীয়ে আৰক্ষীক দিয়া স্বীকাৰোক্তিত এই তথ্য প্ৰকাশ কৰিছে৷ উল্লেখ্য, এই নীলা ছবিজগতৰ সৈতে জড়িত এগৰাকী কলেজীয়া ছাত্ৰী আৰু ছবি নিৰ্মাতা কলেজীয়া ছাত্ৰ অভিষেক কাশ্যপক আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়৷ এই অন্ধকাৰ জগতত ভৰি দিয়া কিশল্য শৰ্মা আন এজন কলেজীয়া ছাত্ৰ ইতিপূৰ্বেই ন্যায়িক জিম্মাত আছে৷ নীলা ছবি নিৰ্মাণক কেন্দ্ৰ কৰি দেৱেন কলিতা নামৰ এজন চিৰকুমাৰ বৃদ্ধৰ আত্মহত্যাৰ  ঘটনাত জড়িত কৰি দুয়োজকনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৬ মে’ত আদালতত হাজিৰ কৰাই তিনিদিনৰ বাবে নিজৰ জিম্মাত লৈছিল৷ এই ম্যাদ সম্পূৰ্ণ হোৱাত আজি তেওঁলোকক আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ উল্লেখ্য, তিনিদিন ধৰি চলোৱা জেৰাৰ অন্তত আৰক্ষীয়ে যোৰহাটৰ নীলা ছবি নিৰ্মাণৰ মাষ্টাই মাইণ্ড হিচাপে অভিষেক কাশ্যপক চিনাক্ত কৰে৷ অভিষেক কাশ্যপৰ লগতে পৰ্ণষ্টাৰগৰাকীয়ে আৰক্ষীক দিয়া স্বকাৰোক্তি অনুসৰি তেওঁলোকে ধনৰ বাবে পৰ্ণ ভিডিঅ’ৰ শ্বুটিং কৰা নাছিল৷ ইয়াৰ পৰিৱৰ্তে মানসিক সুখ আহৰণৰ বাবেহে নীলা ছবি নিৰ্মাণত জড়িত হৈছিল৷ অভিষেক কাশ্যপেই ছাত্ৰীগৰাকীৰ লগতে আন কেইবাজনকো নীলা ছবিজগতৰ সৈতে জড়িত কৰাইছিল৷ এই নীলা ছবি উদ্যোগৰ সৈতে জড়িত আনকেইকো আৰক্ষীয়ে গ্ৰেপ্তাৰৰ বাবে অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷ ইফালে অভিষেক কাশ্যপৰ নেতৃত্বত গঢ় লৈ উঠা নীলা ছবি উদ্যোগে কেইবাজনো মেধাৱী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনলৈ অমানিশা নমাই অনাই আনিছে৷ উল্লেখ্য, বুধবাৰৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক দ্বিতীয়, চতুৰ্থ আৰু ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা চিজন আৰম্ভ হ’ব আৰু নীলা ছবি নিৰ্মাণৰ সৈতে জড়িত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছাত্ৰ-ছাত্ৰীকেইজনৰ দুজনে স্নাতক দ্বিতীয় ষান্মাসিকত আৰু এজনে চতুৰ্থ ষান্মাসিকত অধ্যয়ন কৰি থকা বুলি জানিব পৰা গৈছে৷ পৰীক্ষাৰ প্ৰাক্‌ক্ষণত তিনিজন পৰীক্ষাৰ্থী নীলা ছবি নিৰ্মাণৰ সৈতে জড়িত হৈ ৰঙা ঘৰত সোমাল৷ তেওঁলোকৰ এই কাণ্ডই নিজৰ শৈক্ষিক জীৱনলৈ অমানিশা কঢ়িয়াই অনাই নহয়, যোৰহাটৰ মহাবিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশো বিধবস্ত কৰি তুলিছে৷ এই কাণ্ডই আন পৰীক্ষাৰ্থীসকলৰ লগতে শিক্ষক সমাজকো ব্যতিব্যস্ত কৰি তুলিছে৷ যি সময়ত ছাত্ৰ-ছাত্ৰীসকলে ষান্মাসিক পৰীক্ষাৰ বাবে জোৰদাৰ প্ৰস্তুতি আৰম্ভ কৰিব লাগিছিল, সেই সময়তে অভিষেক কাশ্যপ এণ্ড কোম্পানীয়ে নীলা ছবি নিৰ্মাণৰ উদ্যোগত জঁপিয়াই পৰে৷ প্ৰায় এমাহৰ ভিতৰতে এই গেংটোৱে সাতখন নীলা ছবি নিৰ্মাণ কৰি পৰ্ণ ছাইটত আপলোড কৰাৰ তথ্য পোহৰলৈ আহিছে৷ উদ্বেগজনকভাৱে এই নীলা ছবিসমূহত পৰ্ণষ্টাৰ সজোৱা হ’ল স্নাতক দ্বিতীয় ষান্মাসিকৰ এগৰাকী ছাত্ৰীক৷ তদুপৰি, আন একাধিক কলেজয়া ছাত্ৰই নায়কৰ ভূমিকাত অৱতীৰ্ণ হ’ল৷ ইয়াৰ মাজতে পৰ্ণষ্টাৰ ছাত্ৰীগৰাকীয়ে তেওঁক ধৰ্ষণ কৰি ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ তুলি ৰ মে’ত যোৰহাট সদৰ থানাত এটা গোচৰ তৰিছিল৷ সেইমৰ্মে আৰক্ষীয়ে অনুসন্ধান কৰি কিশল্য শৰ্মাক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ কিন্তু ছাত্ৰীগৰাকীয়ে তেওঁলোকৰ নীলা ছবিজগতৰ সৈতে দেৱেন কলিতা নামৰ বৃদ্ধজনক জড়িত কৰাৰ পাছত এই ছবিখন স্থানীয় ৰাইজৰ মাজত ভাইৰেল হৈ পৰাত লোকজনে লোকলজ্জা  নিবাৰণৰ বাবে আত্মহনন কৰাৰ পাছতে ঘটনাই নতুন মোৰ লয় আৰু নীলা ছবি নিৰ্মাণৰ এই ক’লা অধ্যায় পোহৰলৈ আহে৷ দেৱেন কলিতাৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত পুলিবৰ থানাত এটা গোচৰ পঞ্জীভুক্ত কৰি আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ লগতে অভিষেক কাশ্যপক গ্ৰেপ্তাৰ কৰে৷ ছাত্ৰীগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ইতিপূৰ্বে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতত ৰখা কিশল্য শৰ্মকো এই গোচৰত জড়িত কৰা হয়৷ আৰক্ষীয়ে ভিডিঅ’সমূহ পৰীক্ষা কৰি এয়া ধৰ্ষণৰ ঘটনা নাছিল, আনকি কাকো জোৰ-জুলুম কৰি যৌনকাৰ্যত লিপ্ত কৰোৱা নাছিল, বৰঞ্চ পাৰস্পৰিক বুজাপৰাৰেই যৌন কাৰ্যত লিপ্ত হৈছিল বুলি নিশ্চিত হৈছে৷ আৰক্ষীৰ তথ্য প্ৰযুক্তি শাখাই এই সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত ৰাখিছে৷

যোৰহাটত অধ্যাপকৰ যৌন কেলেংকাৰি 

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ নীলা ছবি নিৰ্মাণৰ ঘটনাই যোৰহাটৰ শৈক্ষিক বাতাবৰণ উত্তাল কৰি থকাৰ সময়তে যোৰহাটৰ পূব প্ৰান্তৰ এখন উচ্ছ শিক্ষানুষ্ঠানৰ এজন অধ্যাপকৰ যৌন কেলেংকাৰী পোহৰলৈ আহিছে৷ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, শিক্ষানুষ্ঠানখনৰ ৰসায়ন বিজ্ঞান বিভাগৰ এজন অধ্যাপকে এগৰাকী ছাত্ৰীক দীৰ্ঘ দিন ধৰি যৌন আতিশয্য চলাই অহাৰ অভিযোগত উত্থাপিত হৈছে৷ এনে আতিশয্যত অতিষ্ঠ হৈ অৱশেষত ছাত্ৰীগৰাকীয়ে মহাবিদ্যালয় কতৃৰ্পক্ষক অভিযোগ দাখিল কৰে৷ সেইমৰ্মে সোমবাৰে বিয়লি মহাবিদ্যালয়খনৰ অনুশাসন সমিতিৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়৷ এই সভাই বিষয়টো সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰি এখন তদন্ত সমিতি গঠন কৰি দিয়ে৷ অৱশ্যে মহাবিদ্যালয় কতৃৰ্পক্ষই বিষয়টো গোপনে ৰাখি নিজাববীয়াকৈ মীমাংসা কৰাৰ চেষ্টা চলাই আছে৷