Logo
image

ঘৰৰ চিচি টিভিত বন্দী ডাঃ সংগীতাৰ নিৰ্মম শিশু নিৰ্যাতন

আমাৰ অসম, ১০ মে’:  গুৱাহাটীৰ অভিজাত চিকিৎসক দম্পত্তীৰ ঘৰত দুটিকৈ কণমানি দেৱশিশুৰ ওপৰত জঘন্য নিৰ্যাতনৰ ঘটনাৰ আজিও চাঞ্চল্য অব্যাহত আছে৷ সততে অভিভাৱকক নীতি শিক্ষাৰ পাঠ দি অহা ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামে অবৈধভাৱে দুটিকৈ সন্তানক তুলি লৈ নিৰ্যাতন চলোৱাৰ ঘটনাত আৰক্ষীয়ে এতিয়া কেঁচু খান্দোতে সাপ ওলোৱাৰ উপক্ৰম ঘটিছে৷ ২০১৯ চনত চিকিৎসক দম্পতীক নৱজাতক সন্তান দুটিক যোগান ধৰা বিশেষ মহিলাগৰাকীৰ পৰিচয় লাভ কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ সংগীতা দত্তক মাৰাথান জেৰা চলাইয়ো মুখ খোলাব পৰা নাই যদিও ডাঃ ৱালিউল ইছলামে জেৰাত আইনবিৰুদ্ধভাৱে সন্তান যোগান ধৰা মহিলাগৰাকীৰ সবিশেষ স্বীকাৰ কৰিছে৷ ৱালিউলে দিয়া তথ্যৰ ভিত্তিত পল্টনবজাৰ আৰক্ষী আৰু গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে মঙলবাৰৰে পৰা মহিলাগৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে৷ মহিলাগৰাকীক কৰায়ক্ত কৰিলেই মানৱ সৰবৰাহৰ আন এক ক’লা অধ্যায় উন্মোচন হোৱাৰ আশা ব্যক্ত কৰিছে৷ উক্ত মহিলাগৰাকীয়ে কোনো স্থানৰ পৰা চুৰি কৰি আনি শিশু দুটিক চিকিৎসক দম্পতীক বিক্ৰীৰ কৰাৰ সন্দেহও নুই কৰা নাই৷ যাৰ বাবে যিকোনো মূল্যৰ বিনিময়ত হ’লেও সন্তান যোগান ধৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ বাবে গুৱাহাটী আৰক্ষী নামি পৰিছে৷ ইফালে ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামে অবৈধভাৱে সন্তান দুটা তুলি লোৱাৰ কথা স্বীকাৰ কৰাৰ পাছতেই জিলা শিশু সুৰক্ষা বিষয়াই অবৈধ ‘দত্তক’ প্ৰক্ৰিয়াক লৈ পল্টনবজাৰ থানাত গোচৰ ৰুজু কৰিছে৷ চিকিৎসক দম্পতীয়ে অবৈধভাৱে তুলি লোৱা কণমানি চাৰে তিনিবছৰীয়া দুয়োটি শিশু যৌন নিৰ্যাতনৰ বলি হোৱাটো স্বাস্থ্য পৰীক্ষাত স্পষ্ট হোৱাত ইতিমধ্যে পকছ’ আইনৰ ধাৰাত পৃথকে পৃথকে দুটাকৈ গোচৰ ৰুজু কৰিছে৷ ইফালে শিশু দুটিক চিকিৎসক দম্পতীয়ে উৎপীড়ন তথা নিৰ্যাতন চলোৱা বিষয়টোত বিজ্ঞানসন্মত তথ্য প্ৰমাণ সংগ্ৰহৰো চেষ্টা চলাইছে আৰক্ষীয়ে৷ সেই অনুসৰি ভুক্তভোগী দুয়োটি শিশুৰ ডি এন এ পৰীক্ষা সম্পন্ন কৰাৰ পাছত মঙলবাৰে ডাঃ ৱালিউল ইছলামৰ ডি এন এ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে জি এম চি এইচৰ চিকিৎসকে৷ ইফালে চিকিৎসক দম্পতীয়ে শিশু দুটিৰ ওপৰত নিৰ্যাতন চলোৱাৰ দৃশ্য চিচিটিভি ফুটেজত স্পষ্ট হৈ পৰিছে৷ সোমবাৰে তদন্তকাৰী আৰক্ষীয়ে চিকিৎসক দম্পতীৰ ৰোমা এনক্লেভস্থিত ফ্লেটৰ পৰা ৩২ টাকৈ চিচি টিভিৰ ফুটেজ সংৰক্ষণ কৰে৷ এই চিচি টিভিৰ ফুটেজ প্ৰত্যক্ষ কৰাৰ পাছতেই স্তম্ভিত হৈ পৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ চিচি টিভি ফুটেজত সমাজত সভ্যৰ মুখা পিন্ধা চিকিৎসক দম্পতীৰ বিভৎস ৰূপ পোহৰলৈ আহিছে৷ নিজ সন্তানৰ স্বীকৃতি দি তুলি লোৱা দেৱশিশু দুটিৰ ওপৰত প্ৰতিদিনেই বন্ধ কোঠাৰ ভিতৰত ডাঃ সংগীতা দত্তই চলাই গৈছিল অকথ্য নিৰ্যাতন৷ কন্যা শিশুটিয়ে বমি কৰি চেলেকিবলৈ বাধ্য কৰোৱা দৃশ্যও ৰেকৰ্ড হৈছে চিচি টিভি ফুটেজত৷ আনকি বিচনাত কণমাণি শিশুদুটিয়ে প্ৰসাৱ কৰিলেও চৰম শাস্তি দিছিল মাতৃৰূপী সংগীতাই৷ ইমানেই নহয়, শিশুদুটিৰ চকু আৰু গুপ্তাংগতো জলকীয়া সানি শাস্তি দিছিল চিকিৎসক দম্পতীয়ে৷ আনকি বনকৰা মহিলায়ো শিশু দুটি মাৰধৰ কৰা দৃশ্য বন্দী হৈছে চিচি টিভি ফুটেজত৷ এই অপৰাধৰ বাবে সোমবাৰে কাবাই নামৰ আন এগৰাকী ১৯ বছৰীয়া যুৱতীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ অৱশ্যে সংবাদ মাধ্যমৰ আগত কাম কৰা মহিলাগৰাকীক সংগীতা দত্তই কোৱাৰ বাবেহে শিশু দুটিক শাস্তি দিছিল বুলি মন্তব্য কৰিছে৷ কন্যা শিশুটিৰ গুপ্তাংগত ইষ্ট্ৰী লগাই দিয়াৰ সন্দৰ্ভত বনকৰা যুৱতীগৰাকীয়ে সংগীতাৰ কথামতে ইষ্ট্ৰী গৰম কৰি দিছিল আৰু সংগীতাই নিজেই গৰম ইষ্ট্ৰীটো কণমানিজনীৰ দেহত লগাই দিয়া বুলি স্বীকাৰ কৰিছে৷ লক্ষণীয়ভাৱে ভুক্তভোগী শিশু দুটিক বৰ্তমান জিলা শিশু কল্যাণ সমিতিৰ তত্বাৱধানত মাতৃগৃহ নামৰ শিশুগৃহটোত ৰখাৰ ব্যৱস্থা কৰা হৈছে যদিও কণমানি শিশু দুটিক পিতৃ-মাতৃয়ে চলোৱা অত্যাচাৰৰ কথা সুধিলে আতংকিত হৈ পৰে৷ এই সন্দৰ্ভত জিলা শিশু সুৰক্ষা বিষয়াই সংবাদ মাধ্যমৰ আগত কয়– শিশু দুটি বৰ্তমান কোনো অসুবিধা নোহোৱাকৈ আনন্দ মনেৰে শিশু গৃহত আছে৷ দিনটো খেলা ধূলা কৰিয়েই পাৰ কৰিছে৷ কিন্তু অতীতৰ কিছুমান কথা সুধিলে শিশু দুটি ভয় খাই উঠে৷ জীৱনত প্ৰথমবাৰৰ বাবে এটা নিদাৰুণ ঘটনা দেখিছো৷ পূৰ্বতে এনে নিৰ্যাতনৰ ঘটনা পোৱা নাই৷ ল’ৰাটোক কন্যা শিশুটোতকৈ বেছি অত্যাচাৰ কৰা হৈছিল৷ আম্মা-আব্বাৰ কথা সুধিলে– আব্বা-আম্মাই বান্ধি থোৱা আৰু মাৰপিট কৰা বুলি কয়৷ শিশু দুটিক কাউন্সেলিঙৰ ব্যৱস্থা কৰা হ’ব৷