Logo
image

আঁঠুৰ বিষ? এই উপায়েৰে সকাহ লওক

আঁঠুৰ বিষত আক্ৰান্ত হ’লে দৈনন্দিন কামকাজত ব্যাঘাত জন্মে৷ আঁঠুৱে শৰীৰৰ গোটেই ভাৰ বহন কৰে৷ জীৱনশৈলীৰ পৰিৱৰ্তনৰ লগে লগে বিভিন্ন ধৰণৰ নতুন শাৰীৰিক সমস্যাই দেখা দিছে৷ ইয়াৰ ভিতৰত আঁঠুৰ বিষো অন্যতম৷ সাধাৰণতে শৰীৰৰ ওজন বৃদ্ধি, বয়স বৃদ্ধি, অত্যধিক পৰিশ্ৰম, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা, শৰীৰত কেলছিয়াম, মিনাৰেলৰ অভাৱ হ’লেও আঁঠুৰ বিষত আক্ৰান্ত হ’বলগা হয়৷ আঁঠুৰ বিষত আক্ৰান্ত হ’লে কেইটামান বিষয়ত গুৰুত্ব দিয়া উচিত৷

⬛শৰীৰৰ ওজন বৃদ্ধি পালে আঁঠুৰ বিষ হ’ব পাৰে৷ সেয়েহে শৰীৰৰ ওজন সময়মতে পৰীক্ষা কৰাতো জৰুৰী৷ ওজন বৃদ্ধি পালে কমাবলৈ  চেষ্টা কৰিব লাগে৷

⬛খোজ কাঢ়োতে সদায় চিধা হৈ খোজ কাঢ়িব৷ 

⬛ওখোৰা-মোখোৰা ৰাস্তাত বেছিকৈ খোজ নাকাঢ়িব৷ 

⬛আঁঠুৰ বিষত আক্ৰান্ত হ’লে চিৰি বগোৱাৰ পৰা বিৰত থাকিব লাগে৷

⬛কেলছিয়ামযুক্ত তথা পুষ্টিকৰ আহাৰ খাব লাগে৷ 

⬛আঁঠুৰ বিষত আক্ৰান্ত হ’লে গধুৰ বস্তু ডঙাৰ পৰা বিৰত থাকিব লাগে৷

⬛তদুপৰি কেতিয়াবা ছেণ্ডেল বা জোতাৰ পৰাও গোৰোহাৰ লগতে আঁঠুৰ বিষ হ’ব পাৰে৷ সেয়েহে জোতা-ছেণ্ডেল পৰিধান কৰাৰ ক্ষেত্ৰতে সতৰ্ক হ’ব লাগে৷ আৰামদায়ক জোতা-ছেণ্ডেলহে পৰিধান কৰিব লাগে৷

⬛বাতবিষ বা অন্য যি কাৰণতেই নহওক বেছিসময় থিয় হৈ থাকিলেও আঁঠুৰ বিষ হ’ব পাৰে৷ সেইবাবে আঁঠুত ভেজা দি থিয় হৈ থকাৰ পৰা বিৰত থাকিব লাগে৷

⬛কেতিয়াবা বহুসময় ধৰি বহি থাকিলেও আঁঠুৰ বিষ হ’ব পাৰে৷ সেই বাবে একেধৰণে বহুসময় বহি থাকিব নালাগে৷

⬛আঁঠুৰ বিষত আক্ৰান্ত  হ’লে অতিমাত্ৰা টাইট বা চেপি ধৰা কাপোৰ  পিন্ধাৰ পৰা বিৰত থাকক৷ টাইট কাপোৰ পিন্ধিলে তেজ চলাচল কৰাত অসুবিধা হয়৷ যাৰ বাবে আঁঠুৰ বিষ বাঢ়িব পাৰে৷

আঁঠুৰ বিষ বেছি হ’লে ঘৰুৱাভাৱে চিকিৎসা কৰি উপশম নাপালে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷