Logo
image

মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত ত্ৰুটি, ৩জন এছপিক বদলি

আমাৰ অসম, ১০ মে’: মুখ্যমন্ত্ৰী নিৰাপত্তাত সুৰুঙা ৰখাৰ বাবেই গৃহ বিভাগৰ ৰোষত পৰিছে তিনিজন আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাত গাফিলতি কৰাৰ অভিযোগত তিনি এছপিক তাৎক্ষণিকভাৱে বদলি কৰিছে গৃহ বিভাগে৷ ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে মঙলবাৰে মুখ্যমন্ত্ৰী  নিৰাপত্তা দায়িত্বত থকা আৰক্ষী অধীক্ষক উৎপল বায়ন, আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আৰু আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীক বদলি কৰে৷ অভিযোগ অনুসৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দুবছৰীয়া কাৰ্যকালৰ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি মঙলবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত এক বিনিয়োগ বুজাবুজি চুক্তিৰ বিশেষ  কাৰ্যসূচী অনুষ্ঠিত হৈছিল৷ এই কাৰ্যসূচীত অংশ লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কিন্তু মুখ্যমন্ত্ৰী নিৰাপত্তাত থকা বিষয়াৰ দায়িত্বহীনতাৰ বাবে হঠাতে বহুসংখ্যক লোকে মুখ্যমন্ত্ৰীৰ একেবাৰে কাষ পাইছিল৷ নিৰাপত্তাৰ এই গাফিলতিক লৈ অসন্তুষ্ট হৈ পৰিছিল খোদ মুখ্যমন্ত্ৰী শৰ্মা৷ ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰই তাৎক্ষণিকভাৱে  এটা নিৰ্দেশনা যোগে কৰ্তব্যৰত তিনিওজন আৰক্ষী অধীক্ষককে বদলি কৰে৷ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত থকা এছপি গুণেন্দ্ৰ ডেকাক দেৰগাঁৱৰ ১১নম্বৰৰ বেটেলিয়নৰ অধিনায়ক হিচাপে বদলি কৰাৰ বিপৰীতে উৎপল  বায়নক কাহিলীপাৰাৰ বিশেষ শাখাৰ এছপি পদলৈ বদলি কৰে৷ তদুপৰি আনজন এছপি সুমন চক্ৰৱৰ্তী আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সহকাৰী মহাপৰিদৰ্শক হিচাপে বদলি কৰে৷ ইয়াৰ বিপৰীতে বিশেষ শাখাৰ এছপি মণ্টু ঠাকুৰীয়া, অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ সহকাৰী মহাপৰিদৰ্শক জয়ন্ত সাৰথি বৰা আৰু দেৰগাঁৱৰ ১১নং বেটেলিয়নৰ অধিনায়ক টাবু ৰাম পেগুক মুখ্যমন্ত্ৰী নিৰাপত্তাৰ আৰক্ষী অধিক্ষক হিচাপে বদলি কৰিছে৷