Logo
image

মুকালমুৱাত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা

ডিজিটেল সংবাদ, বৰক্ষেত্ৰীঃ ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে নলবাৰী জিলা ঔষধ পৰিদৰ্শক কাৰ্যালয়ৰ উদ্যোগত বুধবাৰে মুকালমুৱা সামূহিক চিকিৎসালয়ত সজাগতা সভা অনুষ্ঠিত কৰা হয়। মুকালমুৱা সামূহিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ চন্দ্ৰ দাসৰ সভাপতিত্বত আয়োজিত সভাখনত নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈয়ে ভাষণ দি কয় যে আজিৰ সমাজত ড্ৰাগছৰ প্ৰচলন দিনক দিনে বৃদ্ধি হোৱাটো অতি উদ্বেগৰ বিষয় হৈ পৰিছে। নলবাৰী জিলাৰ সকলো ঠাইতে আৰক্ষীয়ে প্ৰতিদিনে ড্ৰাগছ পেডলাৰক আটক কৰি জে'ললৈ পঠিয়াই আছে। লগতে তেওঁ ড্ৰাগছ বেপাৰীয়ে সমাজৰ উঠি যুৱচামক কিদৰে সহজতে ড্ৰাগছ আসক্ত কৰে তাক বহল ভাৱে বুজাই দিয়ে।

মুকালমুৱা সামূহিক চিকিৎসালয়ৰ সকলো আশাকৰ্মী আৰু বৰক্ষেত্ৰীৰ প্ৰায় শতাধিক ফাৰ্মাচীৰ স্বত্বাধিকাৰীৰ উপস্থিতিত সভাত ভাষণ দি নলবাৰী জিলাৰ ঔষধ পৰিদৰ্শক অনুপ জ্যোতি শইকীয়াই কয় যে জিলাখনৰ কিছু সংখ্যক ফাৰ্মাচীয়ে আজি-কালি  চিকিৎসকৰ প্ৰেছক্ৰিপচন নোহোৱাকৈ ড্ৰাগছ আসক্তৰ ওচৰত নিচাজাতীয় ঔষধ বিক্ৰী কৰি আছে বুলি অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে বৰক্ষেত্ৰী অঞ্চলৰ দুখন ফাৰ্মাচীক সতৰ্ক কৰি দিয়া হৈছে। আনহাতে এই অঞ্চলৰ কেইবাখনো সাপ্তাহিক বজাৰতো অবৈধভাৱে নিচা জাতীয় ঔষধকে ধৰি অন্যান্য ঔষধৰ দোকানৰ বিৰুদ্ধে অচিৰেই ব্যৱস্থা লোৱা হ'ব বুলি ঔষধ পৰিদৰ্শক শইকীয়াই সভাত ঘোষণা কৰে।

সভাত মুকালমুৱা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ৰুহুল উল্লাই ভাষণত কয় যে ড্ৰাগছ আসক্তৰ সম্ভেদ পালেই আৰক্ষীক খবৰ দিয়াৰ লগে লগে আৰক্ষীয়ে নিচাসক্ত লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। মুকালমুৱাৰ আৰক্ষীয়ে ইতিমধ্যে বহু কেইগৰাকী ড্ৰাগছ আসক্তক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰি জে'ললৈ পঠিয়াইছে। আগন্তুক সময়ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰু অধিক তীব্ৰতৰ হ'ব বুলিও কয় আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে৷