Logo
image

গোলাঘাটত বাছ-ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ, এজন নিহত

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ চিলনিজানৰ সমীপৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে এক   ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ষ্টাৰবাছ আৰু কাঠভৰ্তি ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এজন লোক থিতাতে নিহত হয়। প্ৰাপ্ত তথ্য অনুসৰি ডিমাপুৰৰ পৰা যোৰহাট অভিমুখে আহি থকা এ এছ-০৩বিচি-৪৭০৭ নম্বৰৰ যাত্ৰীবাহী লক্ষীপ্ৰিয়া নামৰ ষ্টাৰবাছখনত গোলাঘাটৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা এ এছ-০৫এচি-১১৬০নম্বৰৰ কাঠভৰ্তি ট্ৰাকখনে প্ৰচণ্ড জোৰেৰে খুণ্ডা মৰাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত ষ্টাৰবাছখনৰ চালক বাবুল আলি ঘটনাস্থলীতে নিহত হয়। জানিব পৰা মতে বাছখনত প্ৰায় ২২ গৰাকী যাত্ৰী আছিল। বাছখনৰ প্ৰায় ১৫ গৰাকী যাত্ৰীৰ অৱস্থা সংকটজনক বুলি  জানিব পৰা গৈছে। ইফালে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনৰো অৱস্থা সংকটজনক।