Logo
image

নিৰ্লজ্জ কাণ্ডঃ সামাজিক মাধ্যমত পত্নীৰ নগ্ন ছবি ভাইৰেল কৰিলে স্বামীয়ে

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ যোৰহাটৰ লজ্জাজনক ভাইৰেল পৰ্ণ ভিডিঅ' কাণ্ড মাৰ নৌযাওঁতে এইবাৰ ডিব্ৰুগড়ত সংঘটিত হৈছে অনুৰূপ লজ্জাজনক ঘটনা। এইবাৰ নিজ পত্নীৰ অশ্লীল ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰিলে লম্পট স্বামীয়ে। ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল দুৰ্ভগীয়া পত্নী। এই ঘটনাই এতিয়া ডিব্ৰুগড়ত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। উত্থাপিত অভিযোগ অনুসৰি গোলাঘাট দেৰগাঁও এবানি গাঁৱৰ বিতম  হাজৰিকা নামৰ যুৱকজনে এবছৰ পূৰ্বে পলুৱাই নি বিবাহ কৰিছিল ডিব্ৰুগড়ৰ যুৱতীগৰাকীক।  প্ৰেমৰ প্ৰলোভনেৰে যুৱতীগৰাকীক ডিব্ৰুগড়ৰ নিজ গৃহ পৰা পলুৱাই নিছিল যুৱকজনৰ দেৰগাঁও নিজ গৃহলৈ। কিন্তু দেৰগাঁৱৰ স্বামীগৃহত দুমাহ থকাৰ পিছতে স্বামী বিতম হাজৰিকাই শাৰিৰীক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিছিল যুৱতীগৰাকীক। 

স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি পুনৰ নিজ গৃহলৈ উভতি আহে বিবাহিতা যুৱতীগৰাকী। বিবাহৰ সময়ত যুৱতীগৰাকীৰ বয়স আছিল মাত্ৰ ১৪ বছৰ। যাৰ বাবে যুৱতীগৰাকী পৰিয়ালবৰ্গই তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত সন্মত হোৱা নাছিল। ইফালে যুৱতীগৰাকী ঘৰলৈ ঘূৰি অহাৰ পিছতেই স্বামী বিতম হাজৰিকাই যুৱতীগৰাকীৰ ওপৰত পুনৰ মানসিক অত্যাচাৰ চলাবলৈ আৰম্ভ কৰে। স্বামীৰ ঘৰলৈ পুনৰ ঘূৰি নাহিলে যুৱতীগৰাকীৰ অশ্লীল ভিডিঅ' আৰু ছবি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰে স্বামীয়ে। আনহাতে স্বামী বিতমৰ ভাবুকিকো কেৰেপ নকৰি স্বামীগৃহলৈ উভতি নহাৰ বাবে ইনষ্টাগ্ৰামত যুৱতীগৰাকীৰ নামত ভুৱা একাউণ্ট বনাই ভাইৰেল কৰিবলে অশ্লীল ভিডিঅ' আৰু ছবি। 

কেৱল এয়াই নহয় আন ছ'চিয়েল প্লেটফৰ্মটো অশ্লীল ভিডিঅ' ভাইৰেল কৰে লম্পট স্বামী বিতম হাজৰিকাই। যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৰা অভিযোগ অনুসৰি যুৱকজনৰ লগত পুনৰ বিবাহপাশত আৱদ্ধ নোহোৱা বাবে যুৱকজনে বিগত এমাহ ধৰি বিভিন্ন সামাজিক মাধ্যমত ভাইৰেল কৰি আহিছে  যুৱতীগৰাকীৰ অশ্লীল ছবি। যুৱতীগৰাকীৰ ওপৰত স্বামীয়ে চলোৱা মানসিক অত্যাচাৰ আৰু অশ্লীল ভিডিঅ' আৰু ছবি ভাইৰেল কৰা বিতম হাজৰিকাৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ বাবে লাহোৱাল আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যুৱতীগৰাকী। যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত লাহোৱাল আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।