Logo
image

মন্ত্ৰী অশোক সিংহলৰ সভাত উত্তপ্ত পৰিস্থিতিঃ শিলসাঁকো বিলৰ উচ্ছেদিত লোকৰ প্ৰতিবাদত আধাতে এৰিলে সভা

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলৰ সভাত অথন্তৰ। মহানগৰীৰ শিলসাঁকো বিলৰ উচ্ছেদিত ৰাইজে বুধবাৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰে। শিলসাঁকো বিলত প্ৰকল্প শুভাৰম্ভণী অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যৰে উক্ত স্থানলৈ আহিছিল মন্ত্ৰীগৰাকী ৷ মন্ত্ৰীগৰাকীয়ে ভাষণ দি থকা অৱস্থাতে সভাস্থলীত উপস্থিত হয় শিলসাঁকো বিলৰ উচ্ছেদিত একাংশ লোক আৰু ন্যায্যপ্ৰাপ্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত ৰাইজে ৷ 

প্ৰতিবাদী লোকসকলে বহিৰাগত মন্ত্ৰী অশোক সিংহল গো-বেগ, বহিৰাগত মন্ত্ৰীয়ে খিলঞ্জীয়াক উচ্ছেদ কৰা মানি লোৱা নহ'ব, উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিয়ক, আমাক উচিত ন্যায় দিয়ক আদি শ্লোগানেৰে শিলসাঁকো বিলৰ আকাশ-বতাহ উত্তল কৰি তোলে। এই প্ৰতিবাদৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদীসকলৰ মাজত এক হতাহতি পৰ্যায়লৈ গতি কৰে। এই লৈ ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে প্ৰতিবাদী লোকসকলক অখিলপন্থী বুলি কটাক্ষ কৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলে ৷ 

শিলসাঁকো বিলৰ স্থানত জৈৱ পৰিশোধন প্ৰকল্পৰ আনুষ্ঠানিকভাৱে মুকলি কৰা অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অধ্যক্ষ নাৰায়ন ডেকা, উপ অধ্যক্ষ চেয়াৰমেন মুকুতা ডেকা প্ৰমুখ্যে বহুলোক উপস্থিত থাকে। উল্লেখ্য যে মহানগৰীৰ চচলৰ ধৰণা স্থলীত শিলসাঁকো বিলৰ উচ্ছেদিত লোকে স্থায়ী সংস্থাপনৰ দাবীত অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি আছিল। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ স্পষ্টীকৰণৰ মুখকাৰ্য্যবাহী বিষয়া কে.জে. হিলালীয়ে বাতৰি কাকতলৈ এক স্পষ্টিকৰণ প্ৰেৰণ কৰি কয় যে অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত আজি শিলসাঁকো বিলৰ চৌহদত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ উদ্যোগত শিলসাঁকো বিলৰ পানীৰ বিশুদ্ধকৰণ বা জৈৱ পৰিশোধন প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰাৰ লগতে বাহিনী নদীৰ পানী শিলসাঁকো বিললৈ বোৱাই অনা প্ৰক্ৰিয়াৰ আৰ্হি প্ৰদৰ্শনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়।অনুষ্ঠান চলি থকাৰ সময়তে বিলৰ ভূমি বেদখল উচ্ছেদৰ সময়ত উচ্ছেদিত হোৱা বুলি দাবী কৰা কেইগৰাকীমান মহিলাই বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল যদিও অনুষ্ঠানৰ কাৰ্যসূচী অন্তিম মুহূৰ্তলৈকে সুন্দৰকৈ অনুষ্ঠিত হয়। অনুষ্ঠানৰ সমাপ্তিৰ পিছত মন্ত্রী সিংহলে আনকি প্ৰতিবাদকাৰী মহিলাকেইগৰাকীৰ সন্মুখীন হৈ তেওঁলোকৰ লগত বাৰ্তালাপ কৰে আৰু তেওঁলোকৰ দাবী সন্দৰ্ভত বিশদ আলোচলাৰ বাবে দহজনীয়া এক প্রতিনিধি দলক অহা ১৫ মে' তাৰিখে নিজৰ চৰকাৰী আৱাসলৈ আমন্ত্রণো জনায়। গতিকে প্ৰতিবাদকাৰীৰ বাবে অনুষ্ঠান আধাতে সামৰি মন্ত্ৰীগৰাকী আঁতৰি যোৱা বুলি হোৱা একাংশ সংবাদ মাধ্যমত হোৱা প্ৰচাৰ সম্পূৰ্ণ অসত্য আৰু উদ্দেশ্যপ্ৰণোদিত।