বিকাশৰ অনিৰুদ্ধ গতি ক’ত অৱৰুদ্ধ
২০২১ চনৰ ১০ মে’ত মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰি ৰাজ্যৰ ক্ষমতাৰ বাঘজৰী লোৱা ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বুধবাৰে দুটা বছৰ সম্পূৰ্ণ কৰে৷ নিজকে ৰাজ্যৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰূপে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত ৰাজ্যৰ সমগ্ৰ শাসন ব্যৱস্থা ড॰ শৰ্মাৰ পৰিচালনাত পৰিচালিত হোৱাত বহু বিধায়ক ভিতৰি ভিতৰি ক্ষুণ্ণ হোৱাৰ অভিযোগ উঠিছে৷ দুবছৰ পূৰ্বে ১০ মে’ত শাসন ক্ষমতা গ্ৰহণ কৰিয়েই ড॰ শৰ্মাই অসমৰ সাৰ্বিক উন্নয়ন সাধন কৰি ভাৰতৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত এখন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল৷ ড॰ শৰ্মাৰ কথা শুনি বহুতেই ভাবিছিল– যিহেতু ড॰ শৰ্মা এজন প্ৰখৰ বুদ্ধিসম্পন্ন কৰ্মঠ ব্যক্তি, সেয়ে হয়তো তেওঁৰ কাৰ্যকালত ৰাজ্যৰ কিছু উন্নয়ন সম্ভৱ হ’ব৷ কিন্তু বিগত দুটা বছৰে চৰকাৰখনে যি ধৰণে কাম কৰি আহিছে, তালৈ চাই উন্নয়নমুখী কামতকৈ অনুৎপাদনশীল কাৰ্যৰে কেৱল ভোটবেংক সৃষ্টি কৰি ৰাজ্যৰ অৰ্থনীতি বিধবস্ত কৰাৰহে অভিযোগ পোৱা যায়৷ শাসন ক্ষমতালৈ আহিয়েই অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা চৰকাৰৰ দিনত নিতৌ ন ন কৌশলেৰে অপৰাধ সংঘটিত হৈয়েই আছে৷ তদুপৰি দালালৰ বিৰুদ্ধে হঠাৎ কঠোৰ হোৱা চৰকাৰখনৰ দিনত দালালৰাজ আজিও অব্যাহত আছে৷ তেনেদৰে ড্ৰাগ্ছ বৰবিহৰ বিৰুদ্ধে কঠোৰ হোৱা চৰকাৰখনৰ দুবছৰীয়া কাৰ্যকালত আজিও ড্ৰাগ্ছৰ ব্যৱসায় বন্ধ কৰিব পৰা নাই৷ ৰাজ্যৰ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীজনৰ নিজৰ বিভাগৰ চোৰাংচোৱা ইমান দুৰ্বল, সোৰোপা নে যে সেইসকলে ততেই ধৰিব নোৱাৰে ড্ৰাগ কোনফালেৰে ৰাজ্যত সোমায়? হয়তো চৰকাৰে কেইটামান সৰু সৰু ড্ৰাগ বেপাৰী আৰু ড্ৰাগ আসক্ত লোকক ধৰি জনসাধাৰণৰ পৰা বাহ্ বাহ্ লোৱাৰ চেষ্টা কৰিছে৷ কিন্তু বৃহৎ ড্ৰাগ ব্যৱসায়ীক কিয় ধৰিব পৰা নাই, সেইটোহে বিচাৰ্যৰ বিষয়৷ সেইদৰে ৰাজ্যৰ কাৰ্যালয়সমূহত কৰ্ম-সংস্কৃতি গঢ়ি তোলাৰ উদ্দেশ্যে সকলোকে সময়মতে কাম সম্পাদন কৰিবলৈ কৈছিল যদিও আজিও প্ৰায়ভাগ চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰী সময়মতে উপস্থিত নাথাকে৷ তেনেদৰে শাসন ক্ষমতালৈ আহিয়েই মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আলফাৰে শান্তি আলোচনাৰ পোষকতা কৰিছিল যদিও আজিও শান্তি আলোচনা সুদূৰ পৰাহত৷ অৱশ্যে ৰাজ্যৰ যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ উপৰি আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে লোৱা ব্যৱস্থা ইতিবাচক৷ আন্তঃগাঁথনিৰ উন্নয়নে হয়তো অনাগত সময়ত ৰাজ্যৰ উন্নয়নত সহায় কৰিব৷ কিন্তু ধাৰৰ বোজাই জনসাধাৰণক হয়তো মূৰ তুলিব নোৱৰা কৰিব৷ দিছপুৰৰ বাহিৰত বিভিন্ন জিলাত কেবিনেট বৈঠক পাতি ৰাজ্যৰ কিমান উন্নয়ন সাধন কৰে, সেয়া সময়ে ক’ব৷ তদুপৰি বিহুক গীনিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ ১০০ কোটিৰো অধিক ব্যয় কৰি কি উন্নতি সাধিলে সেয়া ৰাইজৰ জ্ঞাত৷ তেনেদৰে দিল্লীত লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী পাতিলেই লাচিত বৰফুকনক বিশ্বই কিমান জানে, সেয়া সময়ে ক’ব৷ অৱশ্যে, বাল্যবিবাহ বন্ধৰ বাবে লোৱা ব্যৱস্থাই ৰাজ্যৰ জনসংখ্যা নিয়ন্ত্ৰণত কিছু হ’লেও প্ৰভাৱ পেলাব৷ এই কথা ক’বই লাগিব যে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অকলে ৰাজ্যৰ ইতিমধ্যে জহি-খহি যোৱা আন্তঃগাঁথনি, কৰ্মসংস্কৃতি, অৰ্থনীতিৰ উন্নয়ন সাধিব নোৱাৰে৷ তেওঁ মাথোঁ আৰ্হি দেখুৱাব পাৰে, কিন্তু সেই আৰ্হি মতে যদি ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে নিস্তাৰে কাম কৰে, প্ৰতিজন লোকেই দুৰ্নীতিবিৰোধী স্থিতি গ্ৰহণ কৰে, তেতিয়াহে ৰাজ্যৰ উন্নতি সম্ভৱ৷ ৰাজনীতিকে যিকোনো কাম কৰাৰ আগতে নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ কথা চিন্তা কৰিবই৷ হয়তো ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে দলৰ কথা চিন্তা কৰি ৰাজ্যত হিতাধিকাৰীৰ সংখ্যা বঢ়াই আছে, যাতে এইসকলক ভোটবেংক হিচাপে ব্যৱহাৰ কৰিব পাৰে৷ এতিয়ালৈ ৰাজ্যত শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেন্সন আঁচনি, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনি, দীনদয়াল দিব্যাংগ সাহায্য আঁচনিকে ধৰি অৰুণোদয় আঁচনিৰ মুঠ হিতাধিকাৰীৰ সংখ্যা ৩৮,১২,৯১১জন৷ এইসকল হিতাধিকাৰীক প্ৰতিমাহে ধন দিয়াৰ নামত খৰচ হয় ৰাজকোষৰ ২৯৭.১৬ কোটি টকা৷ এইসকলৰ আটায়ে প্ৰকৃতাৰ্থত এনেকৈ ধন পোৱা উচিতনে? দুৰ্গতজনক সহায় কৰা দৰকাৰ, কিন্তু শাৰীৰিকভাৱে সক্ষমজনক উপাৰ্জনৰ পথহে দিয়া উচিত৷ ৰাজ্যৰ জনসাধাৰণক কামৰ প্ৰতি উৎসাহী কৰাহে উচিত৷ তদুপৰি ৰাজ্যৰ নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এনে অৱস্থাত কেইটামান চৰকাৰী চাকৰি সৃষ্টি কৰি নিবনুৱা সমস্যা সমাধান কৰা সম্ভৱ নহয়৷ কৃষিকৰ্ম, ব্যৱসায়-বাণিজ্য, পৰ্যটন খণ্ডৰ উন্নয়ন সাধন কৰি ৰাজ্যৰ নিবনুৱাক সংস্থাপনৰ ব্যৱস্থা কৰা উচিত৷ অনুৎপাদনশীল কাৰ্যৰ নামত ঋণ লৈ ভোটবেংক সৃষ্টি কৰিলে সেই ব্যৱস্থাই কিছুদিনলৈ ফল দিব, কিন্তু পিছলৈ সেই ব্যৱস্থাই চৰকাৰখনকে বিপদত পেলাব৷






