Logo
image

উভতি আহিল লখিন্দৰৰ কাহিনী, হাজোত নৈত উটুৱাই দিলে সাপে দংশন কৰা যুৱকক

আমাৰ অসম, ১১ মে’: পুনৰ যেন উভতি আহিল লখিন্দৰৰ কাহিনী! লখিন্দৰৰ দৰে আজিৰ যুগতো সৰ্পদংশনত মৃত লোকক পুনৰ জীৱিত হোৱাৰ আশাৰে নৈত ভূৰত উটুৱাই দিয়া হয়৷ চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ পাছত সৰ্পদংশনত মৃত্যু হোৱা লোকক বুধবাৰে বৰলীয়া নৈত ভূৰত উটুৱাই দিয়া হয় এজন লোকক৷ হাজোৰ সান্তৰাম দাস নামৰ লোকজনৰ মৃতদেহ কলৰ ভূৰত থৈ উটুৱাই দিয়া হয়৷ মৃত সান্তক কোনো বেজে জীৱিত কৰি তুলিব পাৰিলে নগদ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে সান্তৰ পৰিয়ালে৷ সান্তৰাম দাসক উটুৱাই দিয়া ভূৰত তেওঁৰ সবিশেষ ঠিকনা আৰু পৰিয়ালৰ সদস্যসকলৰ ফোন নম্বৰ এখন কাগজত লিখি ভূৰখনত আঁৰি দিয়া হয়৷ কাগজখন যাতে বতাহ-বৰষুণত নষ্ট নহয় তাৰ বাবে পলিথিনৰ ঠোঙাৰে মেৰিয়াই দিয়া হয়৷ কাগজখনত লিখি দিয়া হয়– ‘কোনো ব্যক্তিয়ে যদি এই মানুহজনক জীৱিত কৰি তুলিব পাৰে তেওঁক পাঁচ লাখ টকা উপহাৰ দিয়া হ’ব৷’ উল্লেখ্য, মাছ মাৰিবলৈ গৈ সৰ্পদংশনৰ ফলত মৃত্যুমুখত পৰে সান্তৰাম দাস৷ মাছ মাৰি পৰিয়ালক পোহপাল দি অহা সান্তৰাম দাসে অইন দিনৰ দৰে মঙলবাৰেও মাছ মাৰিবলৈ ওলাই গৈছিল৷ হাজো সমষ্টিৰ বৰঘূলিত মাছ মাৰি থাকোঁতে দিনৰ প্ৰায় ১১ বজাত দাসৰ হাতত বিষাক্ত সৰ্পই দংশন কৰে৷ লগে লগে তেওঁক হাজোৰ বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়লৈ লৈ যোৱা হয়৷ চিকিৎসকে তাত প্ৰাথমিক চিকিৎসা কৰি জিএমচিএইচলৈ প্ৰেৰণ কৰে৷ মঙলবাৰে নিশা চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়৷ পৰিয়ালৰ লোকে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ মৃতকৰ শেষকৃত্য সম্পন্ন কৰাৰ পৰিৱৰ্তে পুনৰ জীৱিত হোৱাৰ আশাৰে ভূৰত উটুৱাই দিয়ে৷ লোকবিশ্বাস অনুসৰি সৰ্পদংশনত মৃত লখিন্দৰক (চান্দ সদাগৰৰ পুত্ৰ) ভূৰত উটুৱাই দিয়াৰ ছমাহ পাছত জী উঠিছিল লখিন্দৰ৷ তেওঁৰ পত্নী বেউলাৰ অহৰহ প্ৰাৰ্থনা আৰু স্বামীপ্ৰেম দেখি অলৌকিক শক্তিৰে দেৱী মনসাই লখিন্দৰৰ দেহত প্ৰাণৰ সঞ্চাৰ কৰিছিল৷ এই কাহিনীত নেতাই ধুবুনীৰ বিষয়েও উল্লেখ আছে৷ এনে আখ্যানক বিশ্বাস কৰিয়ে তাহানি সৰ্পদংশনৰ ফলত মৃত লোকক ভূৰত উটুৱাই দিয়া পৰম্পৰা আছিল৷ আজি বিজ্ঞানৰ বহু অগ্ৰগতি হ’ল৷ উপযুক্ত চিকিৎসাৰ জৰিয়তে সাপে খোঁটা লোকক নিৰাপদে ৰাখিব পৰা হ’ল৷ তেনে সময়ত মৃত লোকক পুনৰ জী উঠাৰ আশাৰে নৈত উটুৱাই দিয়া ঘটনাক লৈ ব্যাপক চৰ্চা হৈছে৷