Logo
image

কলেষ্টেৰল নিয়ন্ত্ৰণ কৰক এই খাদ্যাভাসেৰে

কলেষ্টেৰল আমাৰ দেহৰ গুৰুত্বপূৰ্ণ উপাদান৷ পিছে দেহত ইয়াৰ মাত্ৰা সঠিক থকা উচিত৷ কলেষ্টেৰলৰ মাত্ৰা প্ৰয়োজনতকৈ বেছি হ’লে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ সেয়ে এইবিধ উপাদানৰ মাত্ৰা যাতে দেহত সঠিক থাকে তাৰ বাবে সতৰ্ক হোৱা উচিত৷ কলেষ্টেৰল আচলতে তেজত থকা এবিধ মমজাতীয় পদাৰ্থ৷ সাধাৰণতে দুইধৰণৰ কলেষ্টেৰল থাকে৷ এবিধ এলডিএল আৰু আনবিধ এইচডিএল৷ এইচডিএলে দেহৰ উপকাৰ কৰে৷ আনহাতে এলডিএলে ক্ষতি কৰে৷
দেহত এলডিএলৰ মাত্ৰা বেছি হ’লে ৰক্তনলী বন্ধ হৈ পৰে৷ এনেকুৱা হ’লে তেজৰ সৰবৰাহ বাধাগ্ৰস্ত হয়৷ ফলত হাৰ্টএটেকৰ পৰা আৰম্ভ কৰি ষ্ট্ৰ’কৰ দৰে মাৰাত্মক সমস্যা হ’ব পাৰে৷
কিছুমান খাদ্যই কলেষ্টেৰলৰ সমস্যাৰ পৰা মুক্তি পোৱাত সহায় কৰে৷ উল্লেখ কৰা হ’ল এনে কিছু ভেষজ খাদ্য–
(১) আমলখিৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জানে৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে৷ তদুপৰি আমলখিত থকা এণ্টিঅক্সিডেণ্টে কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে৷
(২) ৰন্ধন কাৰ্যত জিৰাৰ ব্যৱহাৰ হয়৷ খাদ্য সোৱাদযুক্ত কৰাৰ বাবে ৰান্ধনীয়ে ব্যৱহাৰ কৰে জিৰা৷ কিন্তু বহুতেই নাজানে যে জিৰা কেঁচাই খোৱাটো অতি উপকাৰী৷ বিশেষকৈ খাদ্য গ্ৰহণৰ পাছত কেঁচা জিৰা খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ জিৰা গুৰি কৰি চাহৰ সৈতে মিহলায়ো খাব পাৰে৷ জিৰাই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷
(৩) কলেষ্টেৰল নিয়ন্ত্ৰণত নহৰুৰ ভূমিকাও গুৰুত্বপূৰ্ণ৷ নহৰুত থকা এণ্টিঅক্সিডেণ্ট উপাদানে দেহৰ অন্যান্য সমস্যাৰ লগতে বেয়া কলেষ্টেৰলৰ মাত্ৰা কমায়৷
(৪) নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে৷ তদুপৰি ইয়াত থকা অন্যান্য উপাদানসমূহেও কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে৷
(৫) আদা সাধাৰণতে পেটৰ সমস্যাত উপকাৰী বুলি প্ৰায়ভাগৰে ধাৰণা৷ কিন্তু এইবিধ ভেষজে যে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰে সেয়া হয়তো বহুতেই নাজানে৷ আদাত থকা এণ্টিইনফ্লেমেটৰি গুণে তেজ গোটখোৱাত বাধাৰ সৃষ্টি কৰে৷
(৬) হৃদযন্ত্ৰৰ বাবে অৰ্জুন গছৰ ছাল অতি উপকাৰী ভেষজ৷ এই গছৰ ছাল গাখীৰৰ সৈতে মিহলাই খালে উপকাৰ পোৱা যায়৷ বিশেষকৈ শোৱাৰ পূৰ্বে অৰ্জুন গছৰ ছালেৰে তৈয়াৰ কৰা চাহ খালে হৃদযন্ত্ৰ সুস্থ থকাৰ লগতে কলেষ্টেৰল নিয়ন্ত্ৰণ হৈ থাকে৷